ৰাণী অভয়েশ্বৰী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
ৰাণী অভয়েশ্বৰী
জন্ম ১৮৬১ চন
জন্ম ঠাই টিলাপাৰা, উত্তৰ শালমাৰা, অসম
মৃত্যু ১৯১৮ চন
পিতৃ নিশাৰাম বৰুৱা
মাতৃ ক্ষীৰেশ্বৰী দেৱী

আনুমানিক ১৮৬১ চনত উত্তৰ শালমাৰাৰ টিলাপাৰা নামৰ ঠাইখনৰ বাসিন্দা নিশাৰাম বৰুৱাৰ ঔৰসত আৰু ক্ষীৰেশ্বৰী দেৱীৰ গৰ্ভত অভয়েশ্বৰীৰ নামে এটি কন্যাসন্তানৰ জন্ম হয়। এই কন্যাসন্তানটি ডাঙৰ হৈ অহাৰ লগে লগেই অতুলনীয় ৰূপ লাবণ্যৰ কথা চাৰিওফালে বিয়পি পৰিল। সেই সময়ত বিজনী ৰাজ্যৰ ৰজা আছিল কুমুদ নাৰায়ণ ভূপ বাহাদুৰ, যাৰ ৰাজধানী আছিল ডুমুৰীয়া। তেওঁৰ ৰাণী আছিল সিদ্ধেশ্বৰী দেৱী। অপুত্ৰক হোৱাৰ কাৰণে ৰজাই ৰাজকাৰ্য্যত ভালকৈ মনোনিবেশ কৰিব পৰা নাছিল আৰু প্ৰায়ে চিকাৰলৈ গুচি গৈছিল। আৰু এনেকৈয়ে এদিন চিকাৰলৈ যাওঁতে হাচডুবা নামৰ বিল খনত জাকৈ বাই থকা অৱস্থাত অত্যন্ত ৰূপৱতী কিশোৰীগৰাকীৰ ওপৰত ৰজা কুমুদ নাৰায়ণৰ চকু পৰিল। ৰজাই তত্ক্ষণাৎ তাইৰ প্ৰাণিপ্ৰাৰ্থী হোৱাৰ সিদ্ধান্ত ল’লে আৰু এই খবৰ বৰকান্দাজৰ জৰিয়তে তাইৰ মা্ক-দেউতাকলৈ পঠোৱা হ’ল। কিম্বদন্তিয়ে কয় যে সেইদিনা নিশাৰাম বৰুৱাৰ ঘৰৰ সন্মুখৰ কঁঠালজোপাত অনেক শগুনে কঁঠাল খাইছিল আৰু গণকৰ মতে সেয়া তেওঁৰ ৰূপৱতী কন্যাৰ বিয়াৰ ভোজকে সূচাইছিল।

সেই সময়ত বিজনী ৰাজ্যৰ ৰজা আছিল কুমুদ নাৰায়ণ ভূপ বাহাদুৰ, যাৰ ৰাজধানী আছিল ডুমুৰীয়া। তেওঁৰ ৰাণী আছিল সিদ্ধেশ্বৰী দেৱী। অপুত্ৰক হোৱাৰ কাৰণে ৰজাই ৰাজকাৰ্য্যত ভালকৈ মনোনিবেশ কৰিব পৰা নাছিল আৰু প্ৰায়ে চিকাৰলৈ গুচি গৈছিল। আৰু এনেকৈয়ে এদিন চিকাৰলৈ যাওঁতে হাচডুবা নামৰ বিল খনত জাকৈ বাই থকা অৱস্থাত অত্যন্ত ৰূপৱতী কিশোৰীগৰাকীৰ ওপৰত ৰজা কুমুদ নাৰায়ণৰ চকু পৰিল। ৰজাই তত্ক্ষণাৎ তাইৰ প্ৰাণিপ্ৰাৰ্থী হোৱাৰ সিদ্ধান্ত ল’লে আৰু এই খবৰ বৰকান্দাজৰ জৰিয়তে তাইৰ মা্ক-দেউতাকলৈ পঠোৱা হ’ল। কিম্বদন্তিয়ে কয় যে সেইদিনা নিশাৰাম বৰুৱাৰ ঘৰৰ সন্মুখৰ কঁঠালজোপাত অনেক শগুনে কঁঠাল খাইছিল আৰু গণকৰ মতে সেয়া তেওঁৰ ৰূপৱতী কন্যাৰ বিয়াৰ ভোজকে সূচাইছিল।

বৰ মহিষী সিদ্ধেশ্বৰী দেৱীৰ হেজাৰ বাধাক নেওচি কোনোবা এটা দিনত ৰজা কুমুদ নাৰায়ণে কিশোৰীগৰাকীক বিয়া পাতে। এই বিয়া আছিল অদ্ভুত আৰু বিতৰ্কিত। হিন্দু ধৰ্মৰ প্ৰথা অনুসৰি পৱিত্ৰ অগ্নিৰ সন্মুখত ৰাজ-পুৰোহিতৰ মন্ত্ৰ উচ্চাৰণৰ সময়ত কিশোৰীগৰাকীৰ লগত ৰজা কুমুদ নাৰায়ণ স্বয়ং বহা নাছিল, তেওঁক প্ৰতিনিধিত্ব কৰিছিল প্ৰকাণ্ড এখন তৰোৱালে। অতি কম সময়ৰ ভিতৰত স্বাভাৱিকতেই তাই বুজি উঠিছিল ৰজা কুমুদ নাৰায়ণৰ স’তে তাইৰ সম্পৰ্কৰ কথা। ৰজাকুলৰ অধিষ্ঠাত্ৰী অভয়াদেৱীৰ নামেৰেই সদ্য বিবাহিতা সুন্দৰী মহিষীৰ নাম ৰজাই দিলে অভয়েশ্বৰী।


আধুনিক শিক্ষাৰে শিক্ষিত, সুন্দৰী আৰু স্বভাৱতেই গৰ্বিতা বৰ মহিষী সিদ্ধেশ্বৰীৰ বিপৰীতে সৰু মহিষী আছিল অশিক্ষিত আৰু সৰলমনা স্বভাৱৰ। অভয়েশ্বৰীক সম্পুৰ্ণৰূপে আধুনিক শিক্ষাৰে শিক্ষিত কৰি তোলাৰ ভাৰ ৰজাই অৰ্পণ কৰিলে বৰৰাণী সিদ্ধেশ্বৰীৰ ওপৰত। এফালে হিংসাৰ জুইত দহিত হোৱা সিদ্ধেশ্বৰীৰ জৰ্জৰিত অৱস্থা, আনফালে ৰজাৰ কঠোৰ নিৰ্দেশ। হিংসাৰ ফলস্বৰূপে ৰাজ অন্তেষপুৰত কাজিয়াৰ সূত্ৰপাত হ’ল।দুই ৰাণীৰ কাজিয়াৰ ফলত ৰজা কুমুদ নাৰায়ণৰ জীৱন বিষময় হৈ পৰিল। বিয়াৰ কেইমাহমান পিছতেই ৰাণী অভয়েশ্বৰীয়ে এটা চকু হেৰুৱাবলগা হ’ল। জনশ্ৰুতিয়ে ৰিঙিয়াই যে পঢ়ুৱাই থাকোতে সিদ্ধেশ্বৰীয়ে অভয়েশ্বৰীক পাখি কলমেৰে আঘাত কৰাৰ ফলতে এনে হৈছিল।

ৰজা কুমুদ নাৰায়ণে আশা কৰিছিল এটি পুত্ৰ সন্তানৰ, কিন্তু ৰজাৰ সেই আশা পূৰণ নহ’ল। ফলত ৰজা উদাস হৈ থাকিবলৈ ল’লে। ইমানতে বৰ ৰাণী সিদ্ধেশ্বৰীয়ে চন্দ্ৰনাৰায়ণ দত্তক পুত্ৰ হিচাপে ল’লে। তেওঁৰ সম্পূৰ্ণ নাম আছিল-চন্দ্ৰনাৰায়ণ চুবা(চুবাদাৰ)। কিন্তু হঠাতে এদিন চন্দ্ৰনাৰায়ণ ৰাজকাৰেঙৰ পৰা উধাও হ’ল। ৰাজবাৰীৰ পৰিবেশৰ লগত খাপ খাব নোৱাৰি তেওঁ নিজ জন্মগাঁও বৰিগাঁওলৈ উভতি গৈছিল। ইফালে দুই ৰাণীৰ মনোমালিন্যই ৰজা কুমুদ নাৰায়ণৰ জীৱনটো দুৰ্বিসহ কৰি তুলিলে। ৰাজকাৰ্য্যৰ প্ৰতি তেওঁ একেবাৰে উদাসীন হ’ল। বিষময় হৈ পৰা সংসাৰখনৰ পৰা আঁতৰি থাকিবলৈ ৰাজ্যৰ দেৱান জীৱনৰাম ফুকনৰ হাতত ৰাজ্যভাৰ দি কেতিয়াবা শ্বিলঙলৈ, কেতিয়াবা ধুবুৰীলৈ, কেতিয়াবা কলিকতাৰ ছাউথ চাৰ্কুলাৰ ৰোডৰ ৰংমহললৈ গুচি গৈছিল।

এদিন কোনো এক বিশেষ কামত ৰজাই দুই ৰাণীৰ স’তে কলিকতালৈ গ’ল। লগত গ’ল দেৱান জীৱনৰাম ফুকন। জনশ্ৰুতি অনুসৰি এই সময়ছোৱাতেই দেৱান জীৱনৰাম ফুকনক লৈ বৰ ৰাণী সিদ্ধেশ্বৰীৰ চৰিত্ৰৰ প্ৰতি ৰজাই সন্দেহৰ আঙুলি টোঁৱায় আৰু এই ঘটনাটোত তীব্ৰ অপমানবোধ কৰে। আত্মসন্মানত তীব্ৰ আ্ঘাত লগা যেন অনুভৱ কৰা ৰজাই ইংৰাজী ১৮৮৩ চনৰ ৯ মাৰ্চত চোকা অস্ত্ৰৰে ডিঙি ৰেপি স্নানাগাৰতেই আত্মহননৰ পথ বাছি লয়। মতান্তৰ অনুসৰি ৰজাৰ মৃত্যু ষড়যন্ত্ৰৰ ফলত ক্ষৌৰকৰ্মত নিয়োজিত নাপিতৰ দ্বাৰা হয়। এই ঘটনাটি কলিকতাতেই সংঘটিত হৈছিল।

ৰজাৰ মৃত্যুৰ পিছত দুই ৰাণী কলিকতাৰ পৰা উভতি আহি গোৱালপাৰাত আশ্ৰয় লয়। নিজ ৰাজ্যত প্ৰৱেশ কৰা লগে লগে ৰাজ কৰ্মচাৰী, আমোলা আৰু প্ৰধান প্ৰজাসকল ইচ্ছা অনুসৰি দুই দলত বিভক্ত হয় আৰু দুই ৰাণীৰ পক্ষ লয়। দেৱান জীৱনৰাম ফুকনে বৰ ৰাণী সিদ্ধেশ্বৰীৰ পক্ষ লোৱাত সেই পক্ষ বেছিকৈ শক্তিশালী হয় আৰু সৰু ৰাণী অভয়েশ্বৰীক নজৰবন্দী কৰি ৰাজ্য চলাবলৈ আৰম্ভ কৰিলে। বৰ ৰাণীয়ে সৰু ৰাণীক নজৰবন্দী কৰি ৰাখিয়েই ক্ষান্ত নাথাকিল, তেওঁ সময়ে সময়ে সৰু ৰাণীক হত্যা কৰাৰ ষড়যন্ত্ৰত লিপ্ত হ’ল। এই ষড়যন্ত্ৰ তীব্ৰতৰ হৈ উঠাৰ উমান পাই উপায়ান্তৰ হৈ ৰাণী অভয়েশ্বৰীয়ে এদিন সকলোৰে অলক্ষিতে ৰাজগৃহ ত্যাগ কৰে আৰু দুৰ্গম হাবিৰ মাজেৰে উদ্দেশ্যহীনভাৱে আগুৱাই গৈ থাকে। দুপৰ নিশা ৰাণীয়ে গোৱালপাৰাৰ ’লালুকান্দা’ নামৰ পাহাৰত উপস্থিত হ’ল। এই অটব্য অৰণ্যখনিত দিনতেই সূৰ্য্যৰ পোহৰ নেদেখি। তথাপি ৰাণীয়ে হতাশ নহৈ ক্ষত বিক্ষত শৰীৰেৰে অৰণ্যৰ মাজেৰে আগুৱাই গৈ কৈলাস চন্দ্ৰ সেন (কিছুমানৰ মতে কেশৱ চন্দ্ৰ সেন)ৰ পৰিয়ালত উপস্থিত হয়। তেৱেঁই অকালত বৈধব্য জীৱনত খোজ পেলোৱা পৰম ধৰ্মপৰায়ণা দেৱীস্বৰূপা ৰাণীৰ দুৰ্দশা দেখি সসন্মানে আদৰ-যত্ন কৰি নিজৰ ঘৰত ৰাখিলে আৰু অনতিপলমে মহকুমাধিপতিক খবৰ দিয়ে। নিশ্ছিদ্ৰ নিৰাপত্তাৰ মাজেৰ লুইতৰ বুকুৱেদি ৰাণীক ধুবুৰীলৈ পঠিয়াই দিয়া হ’ল। ৰাণী অভয়েশ্বৰীৰ ভাতৃ ভৱানী প্ৰসাদ ৰাভাই সেই সময়ৰ মেছপাৰা (লক্ষীপুৰ) ইষ্টেটৰ অৱসৰপ্ৰাপ্ত দেৱান বৰদা নাথ হালদাৰৰ পূৰ্ণ সহযোগিতাত ১৮৮৭ চনত গোৱালপাৰাৰ ছাব জজ আদালতত গোচৰ তৰে। সৰু ৰাণীৰ হৈ ওকালতি কৰিছিল কামাখ্যা প্ৰসাদ সেনে। গোচৰ চলি থকা সময়ত ৰাজ্যত বিভিন্ন বিশৃংখলতা আৰু অৰাজকতাই দেখা দিয়ে।

দেৱানী মোকৰ্দমাৰ বিচাৰত সৰু ৰাণীৰ দাবী মঞ্জুৰ হয় আৰু দুয়ো ৰাণীয়ে যৌথভাৱে ৰাজ্যৰ দখল পোৱা সাব্যস্ত হয়। বিচাৰকৰ উক্ত বিচাৰত সন্তুস্ত নহৈ বৰ ৰাণী সিদ্ধেশ্বৰীয়ে পালক নাৰায়ণক তোলনীয়া পুত্ৰ হিচাপে গ্ৰহণ কৰি দুয়ো ৰাণীৰ যৌথ দখল পোৱাৰ বিৰুদ্ধে পালক নাৰায়ণৰ দ্বাৰা আদালতৰ দাৰস্থ হয় আৰু আবেদন জনায়। কিন্তু এই আপীলৰ শেষ বিচাৰ হ’বলৈ নৌপাওঁতেই ১৮৯১ চনত ৰাণী সিদ্ধেশ্বৰী পৰলোকগামী হয় আৰু ৰাণী অভয়েশ্বৰী সম্পূৰ্ণভাৱে ৰাজ্যৰ অধিকাৰী হয়। ৰাণী অভয়েশ্বৰীয়ে বিজনী ৰাজ্যৰ শাসনৰ বাঘজৰী হাতত তুলি ল’লে। ৰাণীৰ শিষ্টাচাৰ আৰু মৰম-চেনেহত মুদ্ধ হৈ সকলোৱে ৰাজ্যৰ ক্ৰমোন্নতিৰ বাবে উঠি-পৰি লাগিল। ইমানতে ৰাজ্যত অৰ্থসংকট দেখা দিলে। ৰাজ কৰ্মচাৰীসকলক দৰমহা দি চলোৱা টান হৈ পৰিল। ইয়াৰ উপৰি ইষ্টেটৰ ৬ লাখ টকা ধাৰ আছিল। এই সময়ত ৰাণীৰ গুণমুগ্ধ প্ৰজাসকল অৰ্ধ খাজনা দি ঋণ পৰিশোধ কৰাৰ উপৰি ৰাজভঁৰাল টনকিয়াল কৰিছিল। ৰাজ্যৰ মংগলকামী দূৰদৰ্শী ৰাণীয়ে যোগেন্দ্ৰ নাৰায়ণক তোলনীয়া পুত্ৰ হিচাপে গ্ৰহণ কৰি ৰাজ্যৰ উত্তৰাধিকাৰী পাতে আৰু তেওঁক উপযুক্ত শিক্ষাৰে শিক্ষিত কৰাৰ কাৰণে কাশীলৈ পঠিয়াই দিয়ে।

মাত্ৰ কুৰি বছৰ বয়সতে পূৰ্ণবয়স্ক যৌৱন অৱস্থাতে ৰাণী অভয়েশ্বৰী দেৱী বিধৱা হয়। তেতিয়াৰ পৰাই তেওঁ আমৰণ গেৰুৱা বসন পিন্ধি সাত্ত্বিকভাৱে ব্ৰতচাৰিণী বিধৱাৰ দৰে দিন কটাইছিল। অতি নিয়মত চলা ৰাণীয়ে ৰাজকাৰ্য্য পৰিচালনা কৰিবৰ সময়ত মৃত স্বামীৰ পাদুকাযোৰ ৰাজ সিংহাসনত ৰাখিহে নিজে ৰাজসভাত বহিছিল।

১৮৯৭ চনৰ জুন মাহৰ বাৰ তাৰিখে গোটেই অসমজুৰি এক বিধ্বংসী ভূমিকম্প হয় আৰু ইয়াৰ ফলত ৰাজধানী ডুমুৰীয়া ধ্বংস হৈ যায়। ৰাজ বিষয়াসকল ৰাজ্যৰ নতুন ৰাজধানীখন যোগীঘোপাত পাতিবলৈ পৰামৰ্শ দিয়ে। কিন্তু প্ৰজাবৎসল ৰাণীয়ে এই পৰামৰ্শত সন্মতি প্ৰদান নকৰিলে। কাৰণ তাত ৰাজধানী পাতিলে অনেক প্ৰজাক উচ্ছেদ কৰিবলগীয়া হ’ব। অটব্য অৰণ্য ভাঙি বিজনী ৰাজ্যৰ নতুন ৰাজধানী পতা হ’ল। ৰাজধানীখনৰ নাম ৰাণী অভয়েশ্বৰীৰ নামেৰেই ৰখা হ’ল আৰু সেইমৰ্মেই বৰ্তমানৰ দেৱদাৰু নগৰী অভয়াপুৰী। ১৯০৮ চনত ৰাণীয়ে প্ৰতিষ্ঠা কৰিলে অভয়েশ্বৰী মেম’ৰিয়্ল হাইস্কুল। য’ত বিনামূলীয়া শিক্ষাদানৰ ব্যৱস্থা কৰা হৈছিল আৰু সেইখনেই পিছলৈ উন্নীত হ’ল অভয়েশ্বৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ।

ইতিমধ্যে সমগ্ৰ বিশ্বজুৰি প্ৰথম মহাসমৰ আৰম্ভ হ’ল। এই মহাসমৰৰ প্ৰভাৱ ইংৰাজ উপনিবেশ ভাৰতবৰ্ষতো পৰিল। এই সময়তে ৰাণীয়ে ইংৰাজলৈ তিনিখন বাষ্পচালিত নাও, নগদ এক লাখ টকা আৰু এম্বুলেন্স এখন আগবঢ়ায়। প্ৰথম মহাসমৰৰ সামৰণি পৰাৰ পাচত উক্ত সহায়ৰ বাবে ইংৰাজে তেওঁলৈ ’কাইজাৰ-ই-হিন্দ’ নামৰ এটি সোণৰ পদক আগবঢ়ায়। সেই সময়ত অসমৰ শাসনকৰ্তা আছিল আৰ্চডেল চাহাব। তেওঁ পত্নীৰ স’তে অভয়াপুৰীলৈ আহি এখন বিৰাট ৰাজদৰবাৰ পাতে আৰু উক্ত দৰবাৰতে ৰাণীক সন্মানিত কৰা হয়।

ৰাণী অভয়েশ্বৰীয়ে সম্পূৰ্ণ একুৰি চৈধ্য বছৰ কাল বিজনীত ৰাজত্ব কৰিছিল। কেতিয়াবা নিজ হাতে অতি পৰিকল্পিতভাৱে গঢ়ি তোলা ৰাজ্যখনৰ ভৱিষ্যতৰ কথা ভাবি তেওঁ বিমৰ্ষ হৈ পৰিছিল। ৰাজসিংহাসনখন যাতে নিজৰ বংশৰ হাতৰ দি যাব পাৰে সেয়ে নিজ ভাতৃ ভৱানীপ্ৰসাদ বৰুৱাৰ কন্যাক বিবাহ কৰিবলৈ তেওঁ তোলনীয়া পুত্ৰ যোগেন্দ্ৰ নাৰায়ণক আদেশ দিলে। কিন্তু যোগেন্দ্ৰ নাৰায়ণে এই আদেশ প্ৰত্যাখ্যান কৰিলে। এই কথাত ৰাণীয়ে তীব্ৰ অপমানবোধ কৰে আৰু যোগেন্দ্ৰ নাৰায়ণক পোতাশালত বন্দী কৰায়।

পোতাশালত থকা অৱস্থাতে যোগেন্দ্ৰ নাৰায়ণে সম্পূৰ্ণভাৱে মানসিক ভাৰসাম্য হেৰুৱাই পেলায় আৰু বলিয়া হয়। জেদী অভয়েশ্বৰীয়ে কোনোপধ্যে নিজৰ সিদ্ধান্তৰ পৰা তিলমানো আঁতৰি নাহিল।

ৰাজ্যৰ উত্তৰাধিকাৰী আৰু তোলনীয়া পোৰ চিন্তাই ৰাণীক দিনে-নিশাই খুলি খুলি খাবলৈ ধৰিলে। নানা সমস্যাৰে ভাৰাক্ৰান্ত হৈ ১৯১৮ চনত এইগৰাকী ৰাণীৰ পৰলোকপ্ৰাপ্তি ঘটে।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. সুৰীতি শৰ্মা ব্ৰহ্ম চৌধুৰী, অভয়াপুৰী
  2. অম্বিকাচৰণ চৌধুৰী, কোঁচ ৰাজবংশী - জনগোষ্ঠী ইতিহাস আৰু সংস্কৃতি
  3. বিভিন্ন স্থানীয় লোকৰ সৈতে হোৱা কথা-বতৰা