ৰাণী মংগম্মল

অসমীয়া ৱিকিপিডিয়াৰ পৰা

ৰাণী মংগম্মল (ইংৰাজী: Rani Mangammal; মৃত্যু ১৭০৫) মাদুৰাই নায়ক ৰাজ্যৰ, বৰ্তমান ভাৰতৰ মাদুৰাই চহৰত, ১৬৮৯ চনৰ পৰা ১৭০৪ চনৰ ভিতৰত, তেওঁৰ নাতি বিজয়া ৰঙ্গা চোক্কানাথ নাবালক হৈ থকা সময়ত সেই ৰাজ্যৰ এগৰাকী ৰজ্যৰ তত্ত্বাৱধায়ক ৰাণী আছিল।[1] তেওঁ এগৰাকী জনপ্ৰিয় প্ৰশাসক আছিল আৰু এতিয়াও তেওঁক পথ আৰু এভিনিউ নিৰ্মাতা হিচাপে বহুলভাৱে স্মৰণ কৰা হয় আৰু তেওঁ নিৰ্মাণ কৰা মন্দিৰ, টেংক আৰু অতিথিশালা আদি বহু ৰাজহুৱা কাম বৰ্তমান সময়তো ব্যৱহৃত হৈ আছে। কূটনৈতিক আৰু ৰাজনৈতিক দক্ষতা আৰু সফল সামৰিক অভিযানৰ বাবেও তেওঁ পৰিচিত আছিল। তেওঁৰ সময়ত মাদুৰাই ৰাজ্যৰ ৰাজধানী আছিল তিৰুচি।

জীৱনী[সম্পাদনা কৰক]

ৰাণী মংগম্মল আছিল টুপাকুলা লিংগমা নায়কৰ কন্যা আৰু মাদুৰাইৰ শাসক চোক্কানাথ নায়কৰ এজন সেনাপতি(১৬৫৯–১৬৮২)ৰ পত্নী আছিল। চোক্কানাথ নায়কক বিয়া কৰাই ৰঙ্গাকৃষ্ণ মুথু বিৰাপ্পা নায়ক(১৬৮২—১৬৮৯) নামে এটি পুত্ৰ সন্তানৰ তেওঁ মাতৃ হয়।[2] ১৬৮২ চনত তেওঁৰ স্বামীৰ মৃত্যুত তেওঁৰ পিছত তেওঁৰ পুত্ৰ ৰঙ্গাকৃষ্ণ মুথু বিৰাপ্পা নায়ক ৰাজপাটত বহে। ১৬৮৯ চনত পুত্ৰৰ মৃত্যুৰ লগে লগে পুত্ৰৰ বিধৱা গৰ্ভৱতী হয়। ১৬৮৯ চনত তেওঁৰ পুত্ৰৰ পিছত নাতি ৰাজপাটত বহে। বোৱাৰীয়েকে প্ৰচলিত প্ৰথা মতে নিজকে সতী দাহ কৰে আৰু নাতি বিজয়া ৰঙ্গা চোক্কানাথ নাবালক অৱস্থাতে মংগম্মলৰ ৰাজপাটৰ প্ৰতিনিধি হয়।[2][3]

ৰাজপ্ৰতিনিধিৰ পদ[সম্পাদনা কৰক]

মংগম্মলৰ ৰাজ-প্ৰতিনিধি হৈ থকা সময়ত ৰাজ্যৰ বহুতো জলসিঞ্চনৰ নলা মেৰামতি কৰা হয়, নতুন পথ নিৰ্মাণ কৰা হয়, পথৰ কাষে কাষে গছ ৰোপণ কৰা হয় আৰু টুমকুমত এটা মন্দিৰ আৰু তেওঁৰ "বসন্ত প্ৰাসাদ"কে ধৰি কেইবাটাও পৌৰসভাৰ ভৱনৰ নিৰ্মাণ মংগম্মলৰ নিৰ্দেশতে সম্পূৰ্ণ কৰা হয়।[4] "বসন্ত প্ৰাসাদ"ত এতিয়া মাদুৰাইৰ গান্ধী স্মৃতি সংগ্ৰহালয় আছে।[4] কেপ কোমোৰিনৰ পৰা অহা এই ঘাইপথটো প্ৰথমে মংগমলৰ সময়ত নিৰ্মাণ কৰা হৈছিল আৰু ই এতিয়া ৰাণী মংগম্মল ছালাই নামেৰে জনাজাত হৈ আছে।.[3][5]

জিঞ্জী বা জিংগী ঘেৰাও কৰাৰ সময়ত তেওঁ মোগল সেনাবাহিনীক সহায় কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। ৰাণী মংগম্মলে উপলব্ধি কৰিছিল যে, বিদ্ৰোহী ৰাজাৰামে জিঞ্জিৰ ভিতৰতে নিজকে শিপাই লৈছে আৰু মোগল সেনাই আঁতৰি আহিলে থাঞ্জাভুৰ আৰু মাদুৰাই আক্ৰমণ কৰিবলৈ তেওঁ কুণ্ঠাবোধ নকৰিব।

মংগম্মলে অতি সোনকালেই ঔৰংজেৱক নিজৰ ত্ৰাণকৰ্তা বুলি চিনি পালে আৰু সেনাপতি জুলফিকাৰ খানক জিঞ্জি দুৰ্গ আক্ৰমণ কৰাত সহায় কৰিবলৈ ধৰিলে। ৮ বছৰৰ পাছত যেতিয়া জুলফিকাৰ খান আৰু মংগম্মল দুয়োজনে দুৰ্গটো দখল কৰিছিল, তেতিয়া মোগলৰ নিয়ন্ত্ৰণত গড়টোৰ ওপৰত ৰাণী মংগম্মল আৰু তেওঁৰ পৰিয়ালৰ নিয়ন্ত্ৰণ ৰক্ষিত হৈছিল।

১৭০৪ চনত যেতিয়া তেওঁৰ নাতি বিজয়ৰংগ চোক্কানাথ নায়কৰ ৰাজপাটত বহাৰ বাবে উপযুক্ত বয়স হ’ল, তেতিয়া তেওঁ আৰু তেওঁৰ প্ৰধানমন্ত্ৰী আচায়’ই ইতিমধ্যে ভোগ কৰি থকা ক্ষমতা ত্যাগ কৰিবলৈ অস্বীকাৰ কৰে। তেতিয়া সেনাধ্যক্ষই তেওঁলোকক বন্দী কৰে আৰু তেওঁলোকক ফাঁচী দিয়ে।[3][6]

ৰাণী মংগম্মলে প্ৰথমে তামিল অনি মাহত মীনাক্ষী মন্দিৰত উঞ্জল উৎসৱ পালন কৰিছিল। উদযাপনৰ সময়ত ৰাজপৰিয়ালৰ সকলো লোক মন্দিৰলৈ গৈ মীনাক্ষী আম্মানক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছিল। বৰ্তমান আমি উঞ্জল মণ্ডমত তেওঁ সেই সময়ৰ ৰাণীৰ প্ৰতিকৃতি দেখিবলৈ পাওঁ।

চিত্ৰশালা[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]

তথ্য সূত্ৰ[সম্পাদনা কৰক]

  1. N. Subrahmanian: History of Tamilnad, Koodal Publishers, 1972
  2. 2.0 2.1 Great Women of India. প্ৰকাশক Mayavati, Almora, Himalayas, Uttarakhand: Advaita Ashrama. 1953. পৃষ্ঠা. 341–342. OCLC 602056. https://catalog.hathitrust.org/api/volumes/oclc/602056.html. 
  3. 3.0 3.1 3.2 E.H.B. (1899). "Mangamma's Folly". Calcutta Review খণ্ড 109 (218 (October 1899)): 350–352. https://books.google.com/books?id=fmsoAAAAYAAJ&pg=RA2-PA350. 
  4. 4.0 4.1 Pal̲aniyappan̲, Ki (1963). The Great Temple of Madurai: English version of the book Koilmanagar. প্ৰকাশক Madurai: Sri Meenakshisundareswarar Temple Renovation Committee. পৃষ্ঠা. 24. OCLC 1031652394. https://books.google.com/books?id=wJoTAAAAMAAJ.  (no preview)
  5. "Plan to improve Rani Mangammal Salai". The Hindu. 17 February 2006. http://hindu.com/2006/02/17/stories/2006021703940500.htm. 
  6. Balendu Sekaram, Kandavalli (1975) (English ভাষাত). The Nayaks of Madura. প্ৰকাশক Hyderabad: Andhra Pradesh Sahithya Akademi. পৃষ্ঠা. 24. OCLC 3929107. https://books.google.com/books?id=fR5BAAAAMAAJ.  (no preview)