ৰামৰাম
অৱয়ব
এই প্ৰবন্ধটোত কোনো কোনো স্থানত তথ্যসূত্ৰ বা প্ৰসংগৰ উল্লেখ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎস দেখুৱাই এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। বিশ্বাসযোগ্য তথ্য উৎসৰ উল্লেখ নথকা প্ৰবন্ধৰ বিশ্বাসযোগ্যতা কমে আৰু অনেক ক্ষেত্ৰত ই ইয়াক বিশ্বাস কৰি লোৱা পঢ়ুৱৈৰ ক্ষতি সাধনো কৰিব পাৰে। সেয়ে তথ্য-উৎসৰ উল্লেখ নথকা প্ৰবন্ধক প্ৰত্যাহ্বান জনোৱা হ'ব পাৰে। আনহাতে পঢ়ুৱৈসকলেও প্ৰবন্ধটোত য’ত প্ৰয়োজন যেন দেখে সেই বাক্যৰ পাছত {{উদ্ধৃতিৰ প্ৰয়োজন}} বুলি লিখি ৰাখিও ৱিকিপিডিয়াত উৎসৰ উল্লেখৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰিব পাৰে। |
ৰামৰাম আছিল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বাল্যকালৰ বন্ধু আৰু পোন্ধৰ-ষোল্ল শতিকাৰ নৱ-বৈষ্ণৱ ধৰ্মৰ অন্যতম প্ৰচাৰক। চৰিত অনুযায়ী, শংকৰদেৱ আৰু ৰামৰাম দুয়োজনায়ে মহেন্দ্ৰ কন্দলীৰ টোলত শিক্ষা গ্ৰহণ কৰিছিল। ৰামৰামে শংকৰদেৱৰ লগত বাৰবছৰ তীৰ্থযাত্ৰাও কৰিছিল, তেওঁৰ লগত আলোচনা কৰিয়েই শংকৰদেৱে বৰদোৱাত মাটি খান্দোতে উদ্ধাৰ হোৱা শিলত কটা ভগৱানৰ বিগ্ৰহক স্থাপন কৰি হৰিগৃহ নিৰ্মাণ কৰিছিল। চিহ্নযাত্ৰা নাটত ৰামৰামে ভাও লোৱা লগতেই নাটৰ শেষত শংকৰদেৱত আন আন পণ্ডিত ব্ৰাহ্মণৰ সৈতে শৰণ লৈছিল, তেতিয়ায়ে শংকৰদেৱে গোপী-উদ্ধৱ সংবাদ গ্ৰন্থখনি ৰচনা কৰিছিল বুলি জনা যায়। ৰামানন্দ দ্বিজে ৰচনা কৰা চৰিতৰ মতে, শংকৰদেৱৰ আদেশত দামোদৰ দেৱ আৰু হৰিদেৱক ৰামৰামেহে ভাগৱত গ্ৰন্থত শৰণ কৰাইছিল; আনহাতে, কালিন্দী আয়েও ৰামৰামৰ ওচৰতে শৰণ লৈছিল বুলি প্ৰবাদ আছে।