ৰুটজাৰ ব্ৰেগমেন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৰুটজাৰ ব্ৰেগমেন
২০১৫ চনত ৰুটজাৰ ব্ৰেগমেন
জন্ম ৰুটজাৰ চি. ব্ৰেগমেন
২৬ এপ্ৰিল, ১৯৮৮ (৩৬ বছৰ)
ৰেনেছি, নেডাৰলেণ্ড[1]
শিক্ষা উতৰেক্ট বিশ্ববিদ্যালয় আৰু কেলিফৰ্ণিয়া বিশ্ববিদ্যালয় (স্নাতকোত্তৰ)[1]
পেচা লেখক আৰু ইতিহাসবিদ
জনা যায় সাধাৰণ আয়, কৰ্ম সময় আৰু উন্মুক্ত সীমা
উল্লেখযোগ্য কৰ্ম Utopia for Realists: How We Can Build the Ideal World
Humankind:_A_Hopeful_History
দাম্পত্যসঙ্গী মাৰ্টজে টাৰ হোৰ্ষ্ট (Maartje ter Horst)

ৰুটজাৰ চি. ব্ৰেগমেন (ইংৰাজী: Rutger C. Bregman)(জন্ম ২৬ এপ্ৰিল ১৯৮৮) হৈছে এগৰাকী নেডাৰলেণ্ডৰ ইতিহাসবিদ আৰু লেখক৷ ব্ৰেগমেনে ইতিহাস, দৰ্শন, অৰ্থনীতিৰ বিষয়ত এতিয়ালৈকে চাৰিখন কিতাপ লিখিছে৷ তেখেতেৰ Utopia for Realists: How We Can Build the Ideal World শীৰ্ষক গ্ৰন্থখন এতিয়ালৈকে বত্ৰিশটা ভাষাত অনূদিত হৈছে৷ 'ৱাশ্বিংটন পোষ্ট', 'দ্য গাৰ্ডিয়েন' আৰু 'বিবিচি'ত তেখেতৰ কৰ্মৰাজি সন্নিৱিষ্ট হৈছে৷ 'দ্য গাৰ্ডিয়েন' সংবাদগোষ্ঠীয়ে তেখেতক "Dutch wunderkind of new ideas" হিচাপে অভিহিত কৰিছে৷ [2] আনহাতে 'টেড-সন্মিলনি'য়ে তেখেতক "ইউৰোপৰ বিশিষ্ট যুৱ চিন্তাবিদ' হিচাপে ঘোষিত কৰিছে৷ [3] ব্ৰেগমেনৰ টেড-বক্তৃতা "Poverty Isn't a Lack of Character; It's a Lack of Cash"ক টেডৰ পৰিচালক ক্ৰিছ এণ্ডাৰছনে ২০১৭ বৰ্ষটোৰ 'শীৰ্ষ দহ'ত অন্তৰ্ভুক্ত কৰিছিল৷ [4] ব্ৰেগমেনৰ শেহতীয়া গ্ৰন্থখন হৈছে 'Humankind : A Hopeful History'.(৷)


প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা[সম্পাদনা কৰক]

ব্ৰেগমেনৰ জন্ম হৈছিল নেডাৰলেণ্ডৰ ৰেনেছিত৷ [1] তেখেতৰ পিতৃ আছিল প্ৰটেষ্টাণ্ট মন্ত্ৰী৷ আনহাতে তেখেতৰ মাতৃ আছিল বিশেষ শিক্ষাৰ শিক্ষয়িত্ৰী৷ ২০০৯ চনত উটৰেখট বিশ্ববিদ্যালয়ৰ পৰা তেখেত কলা শাখাত স্নাতক ডিগ্ৰী অৰ্জন কৰে৷ [1] ২০১২ চনত আংশিকভাৱে উটৰেখটত আৰু আংশিকভাৱে কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়, লছ এঞ্জেলছত ইতিহাস বিষয়ত স্নাতকোত্তৰ অৰ্জন কৰে৷ [1][5] স্নাতক পৰ্যায়ৰ শিক্ষাত ব্ৰেগমেনে নগৰাঞ্চল, ৰাজ্য আৰু নাগৰিকত্ব অধ্যয়ন কৰে৷ [উদ্ধৃতিৰ প্ৰয়োজন] খ্ৰীষ্টীয়ান শিক্ষা সন্থা SSR-NUৰ তেখেত এজন সদস্য আছিল৷[6]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 1.3 1.4 Rutger Bregman: 'Soms dreigt het een grote egoshow te worden' (in Dutch). de Volkskrant.
  2. "Inside the 17 March edition". The Guardian. 17 March 2017. https://www.theguardian.com/global/2017/mar/14/guardian-weekly-putin-nato-palmyra. "Books casts an eye over a theory of modern utopia by the Dutch wunderkind of new ideas, Rutger Bregman" 
  3. "Biography: Rutger Bregman, author of Utopia for Realists". TED Talks. 2017. https://www.ted.com/speakers/rutger_bregman। আহৰণ কৰা হৈছে: 7 January 2018. "He has published four books on history, philosophy and economics. His book Utopia for Realists -- on universal basic income and other radical ideas -- has been translated in more than 20 languages. His work has been featured in The Washington Post and The Guardian and on the BBC." 
  4. "Curator's Picks: Top 10 TED Talks of 2017". TED Talks. nd. https://www.ted.com/playlists/607/curator_s_picks_top_10_ted_talks_of_2017। আহৰণ কৰা হৈছে: 7 January 2018. "The most notable talks of 2017, chosen by TED Curator Chris Anderson" 
  5. "I Want the State to Think like an Anarchist: Dutch Historian Rutger Bregman on Why the Left Must Reclaim Utopianism". 26 February 2018. https://www.newstatesman.com/culture/observations/2018/02/i-want-state-think-anarchist-dutch-historian-rutger-bregman-why-left। আহৰণ কৰা হৈছে: 23 February 2019. 
  6. "Profile". TED2017. July 2017. https://www.ted.com/profiles/6760932। আহৰণ কৰা হৈছে: 7 January 2018.