ৰুদ্ৰ কন্দলী
অৱয়ব
ৰুদ্ৰ কন্দলী (ইংৰাজী: Rudra Kandali) প্ৰাক-শংকৰী যুগৰ এগৰাকী উল্লেখযোগ্য কবি। সাহিত্য চৰ্চাৰ ক্ষেত্ৰত তেখেতে ৰজা শ্ৰীমন্ত তাম্ৰধ্বজৰ পৃষ্ঠপোষকতা লাভ কৰিছিল।
সাহিত্য কৰ্ম
[সম্পাদনা কৰক]কবি ৰুদ্ৰ কন্দলীয়ে 'সাত্যকি প্ৰৱেশ' ৰচনা কৰিছিল। মহাভাৰতৰ দ্ৰোণ পৰ্বৰ অন্তৰ্গত জয়দ্ৰথ বধ অংশৰ ভিতৰুৱা শিনিপুত্ৰ সাত্যকিৰ যুদ্ধ যাত্ৰা আৰু বীৰত্বৰ বৰ্ণনাখিনিৰ অনুবাদেৰে ৰুদ্ৰ কন্দলীয়ে সাত্যকি প্ৰৱেশ ৰচনা কৰিছে।[1]
সাহিত্যৰ বৈশিষ্ট্য
[সম্পাদনা কৰক]- প্ৰয়োজন অনুসৰি মূলৰ(মহাভাৰত)কথা সংক্ষিপ্ত কৰিছে, প্ৰয়োজন অনুসৰি বহলাইছে আৰু প্ৰয়োজন অনুসৰি মূলক সম্পূৰ্ণ অনুসৰণ কৰিছে।
- অনুবাদখিনি যুদ্ধৰ বিৱৰণেৰে পৰিপূৰ্ণ। বৈষ্ণৱ যুগৰ বধকাব্য সমূহৰ লগত ইয়াৰ ৰীতিগত সাদৃশ্য লক্ষ্য কৰিব পাৰি।
- ঠায়ে ঠায়ে মূলৰ ভাৱ অক্ষুণ্ণ ৰাখিয়ো ঘৰুৱা চিত্ৰ বা পৰিৱেশৰ সৃষ্টি কৰি পাঠকৰ মনোগ্ৰাহী কৰিছে।[1]
- বৈয়াকৰণিক দিশত কবি ৰুদ্ৰ কন্দলিয়ে সমসাময়িক কবি মাধৱ কন্দলি, হৰিবৰ বিপ্ৰই অনুসৰণ কৰা বৈয়াকৰণিক ৰীতিকে আৰ্হি হিচাপে লৈছিল।