সমললৈ যাওক

ৰেণুকা কেশৰামাড়ু

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৰেণুকা কেশৰামাড়ু
Portrait of Renuka Kesaramadu
এলিফেণ্টা কেভত ৰেণুকা কেশৰামাড়ু

ৰেণুকা কেশৰামাড়ু (ইংৰাজী: Renuka Kesaramadu) হৈছে এগৰাকী ভাৰতীয় সমসাময়িক চিত্ৰশিল্পী আৰু ভাস্কৰ্যশিল্পী।[1] তেওঁৰ সহযোগিতামূলক শিল্প প্ৰদৰ্শনী আৰু ইউৰোপৰ কৰ্মশালাত অংশগ্ৰহণৰ জৰিয়তে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত তেওঁ বেছিকৈ পৰিচিত।[2][3][4][5] ভাৰতত কেইখনমান আন্তঃৰাষ্ট্ৰীয় কলা আলোচনা চক্ৰ আৰু প্ৰদৰ্শনীৰ সংৰক্ষক হিচাপেও তেওঁ কাম কৰিছে।[6][7][8][9]

শিক্ষা আৰু কেৰিয়াৰ

[সম্পাদনা কৰক]

১৯৫৭ চনত ভাৰতৰ কৰ্ণাটক ৰাজ্যৰ টুমাকুৰু জিলাৰ টুমাকুৰু চহৰৰ সমীপৱৰ্তী কেশৰামাড়ু গাঁৱত ৰেণুকাৰ জন্ম হৈছিল, য’ৰ পৰাই তেওঁৰ উপাধিটো গ্ৰহণ কৰা হৈছিল।

ৰেণুকাই বেংগালুৰুৰ কৰ্ণাটক চিত্ৰকলা পৰিষদৰ পৰা কলা ইতিহাসত তেওঁ স্নাতকোত্তৰ (এম এফ এ) ডিগ্ৰী, চেন্নাইৰ আন্নামলাই বিশ্ববিদ্যালয়ৰ পৰা ইতিহাসত স্নাতকোত্তৰ (এম এ) আৰু বাংগালুৰু বিশ্ববিদ্যালয়ৰ পৰা বিজ্ঞানত স্নাতক (বি এছ চি) ডিগ্ৰী লাভ কৰে।[10] ইয়াৰ উপৰিও কিংবদন্তি শিল্পী আৰ. এম. হাড়াপাড়ৰ নিৰ্দেশনাত বেংগালুৰুৰ কেন স্কুল অৱ আৰ্টৰ[11] পৰা ৫ বছৰৰ বাবে ১ম ৰেংকৰ সৈতে পেইণ্টিঙত চৰকাৰী ডিপ্লমা (জি. ডি.) আৰু সোণৰ পদক লাভ কৰে।[12]

তেওঁ বাংগালুৰুত থকা কৰ্ণাটক ললিত কলা একাডেমীৰ সদস্য,[13][14][15] আৰু সূক্ষ্ম কলাৰ প্ৰবক্তা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

বঁটা আৰু সন্মান

[সম্পাদনা কৰক]

ৰেণুকা ভাৰতৰ ৰাষ্ট্ৰীয় শিল্প প্ৰতিযোগিতাত কেইবাটাও বঁটা আৰু তেওঁৰ শিল্পৰ বাবে অসংখ্য স্থানীয় বঁটা লাভ কৰাৰ লগতে তেওঁৰ সেৱাৰ বাবেও বহুতো বঁটা লাভ কৰিছে।

কৰ্ণাটক চিত্ৰকলা পৰিষদৰ দ্বাৰা ১৯৯৩ চনত বেংগালুৰুৰ অনুষ্ঠিত সৰ্বভাৰতীয় কলা প্ৰতিযোগিতা, ১৯৮৭, ১৯৮৮ আৰু ১৯৮৯ চনত মুম্বাইৰ ভাৰতীয় শিক্ষা মণ্ডল দ্বাৰা আয়োজিত সৰ্বভাৰতীয় কলা প্ৰতিযোগিতা, ১৯৯২ চনত মহীশূৰ দাসৰাত অনুষ্ঠিত সৰ্বভাৰতীয় কলা প্ৰতিযোগিতা, ২০০৯ চনত বিজাপুৰত অনুষ্ঠিত সৰ্বভাৰতীয় কলা প্ৰতিযোগিতাত তেওঁ পদক অৰ্জন কৰিছিল। ১৯৯৪ চনত টুমাকুৰুত শ্ৰেষ্ঠ শিক্ষকৰ বঁটা, ১৯৯৩ চনত টুমাকুৰুত কানাড়া ৰাজোৎসৱ বঁটা আৰু ১৯৯৯ চনত টুমাকুৰুত ৰটাৰী ক্লাবৰ দ্বাৰা ৰটাৰী বঁটা লাভ কৰিছিল।

একক প্ৰদৰ্শনী

[সম্পাদনা কৰক]

ৰেণুকাৰ কৰ্মৰাজি ফিনলেণ্ড, ৰোমানিয়া আৰু ভাৰতৰ কেইবাটাও একক কলা প্ৰদৰ্শনীত প্ৰদৰ্শিত হৈছে।

ফিনলেণ্ডত হোভিনকাৰ্টানোৰ মেগাজিন গেলেৰী, হাউহো, হামিনলিনাৰ টাইডেগেলেৰিয়া ৰিপুষ্টাছ আৰু হেলচিংকিৰ কাইছা আন্তৰ্জাতিক সাংস্কৃতিক কেন্দ্ৰৰ দৰে গেলেৰীয়ে তেওঁৰ চিত্ৰসমূহ প্ৰদৰ্শন কৰিছে।

ভাৰতত তেওঁৰ একক প্ৰদৰ্শনী আয়োজন কৰা গেলেৰীসমূহৰ ভিতৰত আছে গোৱাৰ ললিত কলা একাডেমী, মুম্বাইৰ বাজাজ আৰ্ট গেলেৰী, চেন্নাইৰ ললিত কলা একাডেমী, টুমকুৰৰ কল্প কুঞ্চা আৰ্ট গেলেৰী আৰু মহীশূৰৰ চামৰাজেন্দ্ৰ একাডেমী অৱ ভিজুৱেল আৰ্টছৰ লগতে কৰ্ণাটক চিত্ৰকলা পৰিষদ, এলায়েন্স বাংগালুৰুৰ ফ্ৰান্সেইজ ডি বাংগালুৰু আৰু ভেংকটাপ্পা আৰ্ট গেলেৰী।

দলীয় প্ৰদৰ্শনী

[সম্পাদনা কৰক]

ৰেণুকা ইউৰোপ, ভাৰত আৰু আন কেইবাখনো দেশৰ বহুতো দলীয় প্ৰদৰ্শনীত অংশগ্ৰহণ কৰিছে।

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত তেওঁৰ চিত্ৰসমূহ ইটালীৰ নেপলছ, মিলান, টুৰিন, কৰ্চিকো, ভাৰ্চেলি, স্কামপিয়া আৰু ৰ'ভেৰেট'ত অনুষ্ঠিত হোৱা দলীয়ভাবে প্ৰদৰ্শিত হৈছে। ফিনলেণ্ডত তেওঁৰ কৰ্মৰাজি কাংগাছালা, ৰেংকো, হোভিনকাৰ্টানো, হামিনলিনা আৰু ছেইনাজোকিত প্ৰদৰ্শিত হৈছে। ভাৰতৰ বাহিৰত তেওঁৰ কৰ্মৰাজিৰ সৈতে আন আন প্ৰদৰ্শনীসমূহ হ’ল জাকাৰ্টা (ইণ্ডোনেছিয়া), নিউয়ৰ্ক চহৰ (আমেৰিকা), শ্লোভাকিয়া, চাও পাওলো (ব্ৰাজিল), চেণ্টিয়াগো (স্পেইন) আৰু ঘানা (পশ্চিম আফ্ৰিকা)ত।

ভাৰতত তেওঁ কৰ্ণাটক চিত্ৰকলা পৰিষদ, আৰ্ট হাউজ, শ্ৰুষ্টি আৰ্ট গেলেৰী, বাংগালুৰু আৰ্ট গেলেৰী, লক্ষনা আৰ্ট গেলেৰী আৰু বাংগালুৰুৰ নেচনেল গেলেৰী অৱ মডাৰ্ণ আৰ্টত দলীয় প্ৰদৰ্শনী অংশ হিচাপে কাম কৰি আহিছে। আহমেদাবাদৰ গুফা আৰ্ট গেলেৰী, ৰাজপথ ক্লাব গোল্ডেন হল, আৰ্ট চেলেট, কন্টেম্পৰেৰী আৰ্ট গেলেৰী আৰু মাৰ্ভেল আৰ্ট গেলেৰীত প্ৰদৰ্শনী প্ৰদৰ্শন কৰিছে।

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "La Salle Scampia: RENUKA KESARAMADU". http://lasallescampia.blogspot.com/2011/06/renuka-kesaramadu.html আহৰণ কৰা হৈছে: 11 February 2016.
  2. "La Salle Scampia: III Simposio Internazionale d’Arte Contemporanea di Scampia". http://lasallescampia.blogspot.com/2011/06/iii-simposio-internazionale-darte.html আহৰণ কৰা হৈছে: 11 February 2016.
  3. "Italy – Second Symposium Exhibition at PAN, the Arts Palace of Naples _ La Salle.org". Archived from the original on 9 March 2016. https://web.archive.org/web/20160309172500/http://www.lasalle.org/en/2013/11/italy-second-symposium-exhibition-at-pan-the-arts-palace-of-naples/ আহৰণ কৰা হৈছে: 11 February 2016.
  4. "Simposio internazionale d’arte". prosormano.it. Archived from the original on 8 March 2010. https://web.archive.org/web/20100308123745/http://www.prosormano.it/simposio/simposio.htm আহৰণ কৰা হৈছে: 11 February 2016.
  5. "Voci di artiste – recensione". oltreluna.women.it. Archived from the original on 24 February 2016. https://web.archive.org/web/20160224000214/http://oltreluna.women.it/naturaecultura/sormano.htm আহৰণ কৰা হৈছে: 11 February 2016.
  6. "ದೇಶಿ-ವಿದೇಶಿ-ಕಲಾ-ಜುಗಲ್". prajavani.net/. http://www.prajavani.net/article/%E0%B2%A6%E0%B3%87%E0%B2%B6%E0%B2%BF-%E0%B2%B5%E0%B2%BF%E0%B2%A6%E0%B3%87%E0%B2%B6%E0%B2%BF-%E0%B2%95%E0%B2%B2%E0%B2%BE-%E0%B2%9C%E0%B3%81%E0%B2%97%E0%B2%B2%E0%B3%8D আহৰণ কৰা হৈছে: 16 February 2016.
  7. "Dialogue of Identities – An Exhibition at Jehangir Art Gallery". buzzintown.com. Archived from the original on 2017-02-10. https://web.archive.org/web/20170210095028/http://www.buzzintown.com/mumbai/events/dialogue-identities-exhibition-jehangir-art-gallery/segment--photo/id--593580.html আহৰণ কৰা হৈছে: 2024-03-31.
  8. "Dialogue of Identities – 2016". patriciagoodrich.com. http://www.patriciagoodrich.com/images/whats_happening/India2016poster.jpg আহৰণ কৰা হৈছে: 11 February 2016.
  9. ""Dialogue of Identities" – An Exhibition of Paintings at Jehangir Art Gallery". facebook.com. https://www.facebook.com/events/416255278388125/.
  10. "Renuka Kesaramadu". Google. Archived from the original on 10 February 2017. https://web.archive.org/web/20170210100316/https://sites.google.com/site/renukake/home আহৰণ কৰা হৈছে: 14 February 2016.
  11. "Ken School of Art -www.bangalorebest.com". bangalorebest.com. http://www.bangalorebest.com/discoverbangalore/art_culture/ken.php আহৰণ কৰা হৈছে: 14 February 2016.
  12. "Life as he saw it". The Hindu. 25 November 2006. ISSN 0971-751X. http://www.thehindu.com/todays-paper/tp-features/tp-metroplus/life-as-he-saw-it/article3203487.ece.
  13. "KLA". lalitkalakarnataka.org. http://lalitkalakarnataka.org/introduction.php আহৰণ কৰা হৈছে: 14 February 2016.
  14. "KLA". lalitkalakarnataka.org. http://lalitkalakarnataka.org/chairman-note.php আহৰণ কৰা হৈছে: 14 February 2016.
  15. "Karnataka Lalitkala Academy – Members List". lalitkalakarnataka.org. http://lalitkalakarnataka.org/images/memberers-list.pdf আহৰণ কৰা হৈছে: 14 February 2016.