ৱাই-ফাই

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৱাই-ফাই এলায়েন্সৰ ল'গ'

ৱাই-ফাই (ইংৰাজী: WiFi) হ'ল ৱাই-ফাই এলায়েন্সৰ বাণিজ্য-চিহ্ন বা ট্ৰেডমাৰ্ক। আই ই ই ই ৮০২.১১ আদৰ্শ তাঁৰহীন স্থানীয় এলেকা নেটৱৰ্ক বা ৱাৰলেচ লোকেল এৰিয়া নেটৱৰ্ক (WLAN) ডিভাইচ ব্ৰেণ্ড কৰাৰ বাবে উৎপাদনকাৰী সকলে এই বাণিজ্যিক-চিহ্ন ব্যৱহাৰ কৰে। বৰ্তমানে সবাতোকৈ বেছি ব্যৱহৃত ডব্লিউ এল এ এন ক্লাছ হল আই ই ই ই ৮০২.১১। ৱাই-ফাই শব্দটি প্ৰায়ে আই ই ই ই ৮০২.১১ ৰ প্ৰতিশব্দ হিচাপে ব্যৱহৃত হয়।[1][2]

ৱাই-ফাই এলায়েন্স হল এটি বিশ্বব্যাপী প্ৰতিষ্ঠানৰ দল যিয়ে ডব্লিউ এল এ এন প্ৰযুক্তি বিস্তাৰ কৰে আৰু ইণ্টেৰ'পেৰাবিলিটিৰ আদৰ্শ সমন্বিত ডিভাইচক প্ৰত্যায়ন কৰে। ইণ্টেৰ'পেৰাবিলিটি হল তথ্য বিনিময় আৰু ব্যৱহাৰ কৰাৰ ক্ষমতা। সময়ৰ খৰচ কমাবলৈ সকলো ৮০২.১১-উপযোগী ডিভাইচক ৱাই-ফাই এলায়েন্স প্ৰত্যয়নৰ বাবে অনুমতি দিয়া নহয়।

সাধাৰণতে সকলো লেপটপ, পেৰিফেৰাল ডিভাইচ, প্ৰিণ্টাৰ, স্মাৰ্ট ফ'ন, এম পি থ্ৰী প্লেয়াৰ, ভিডিঅ' গেম কনচ'ল আৰু ব্যক্তিগত কম্পিউটাৰত ৱাই-ফাই ব্যৱহাৰ কৰা হয়।

ইতিহাস[সম্পাদনা কৰক]

১৯৮৫ চনত ইউ এচ ফেডাৰেল কমিউনিকেশ্বন কমিশ্বন কৰ্তৃকে ৰেডিঅ' বৰ্ণালীৰ কিছু বেণ্ড উন্মুক্ত কৰাৰ মাধ্যমত ৱাই-ফাই প্ৰযুক্তিৰ যাত্ৰা আৰম্ভ হৈছিল।[3] ১৯৯১ চনত এন চি আৰ কৰ্পোৰেচন/এ টি এণ্ড টি নিউৱেজিন, নৰৱেত ৱাই-ফাই/৮০২.১১ ৰ পূৰ্ব লক্ষণ আৱিষ্কাৰ হয়। প্ৰাথমিকভাবে আৱিষ্কাৰক কোষাধ্যক্ষ-ব্যৱস্থাৰ বাবে এই প্ৰযুক্তি আৱিষ্কাৰ কৰিছিল। তেওঁলোকৰ প্ৰথম প্ৰযুক্তি হল ৱেভ লেন যাৰ তথ্য স্থানান্তৰণ ক্ষমতা আছিল ১ মেগা বিট/ছেকেণ্ড আৰু ২ মেগা বিট/ছেকেণ্ড। ভিক হেয়েচ প্ৰাথমিক ৮০২.১১বি আৰু ৮০২.১১এ আদৰ্শ নক্সাকাৰী সকলৰ ভিতৰত অন্যতম, তেওঁ ৱাই-ফাইৰ জনক নামে পৰিচিত আৰু তেওঁ ১০ বছৰ আই ই ই ই ৮০২.১১ ৰ প্ৰধান আছিল।

১৯৯২ চনত কমনৱেল্থ চায়েণ্টিফিক এণ্ড ইণ্ডাষ্ট্ৰীয়াল ৰিচাৰ্চ অৰগেনাইজেশ্বনে (CSIRO) অষ্ট্ৰেলিয়াত তাঁৰহীন তথ্য স্থানান্তৰণৰ বাবে কৃতিত্ব লাভ কৰে। ১৯৯৬ চনত একে বিষয়ত ইউ এচ(US)এ কৃতিত্ব লাভ কৰে। ৱাই-ফাইয়ে কৃতিত্বৰ গাণিতিক সূ্ত্ৰসমূহ ব্যৱহাৰ কৰে। ২০০৯ চনৰ এপ্ৰিলত,ইণ্টেল, মাইক্ৰ'চফট্, এইচপি, ডেল সহ ১৪টা প্ৰযুক্তি ভিত্তিক প্ৰতিষ্ঠানে এই কৃতিত্ব ব্যৱহাৰ কৰাৰ বাবে চি এচ আই আৰ অ'ক ২৫০ মিলিয়ন ইউ এচ ডলাৰ প্ৰদান কৰিবলৈ সম্মত হয়।[4][5]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]