সমললৈ যাওক

ৱাৰ্খা শিৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৱাৰ্খা শিৰ

ৱাৰ্খা শিৰ, ৰাষ্ট্ৰীয় সংগ্ৰহালয়,ইৰাক
নিৰ্মিত ৩২০০–৩০০০ খ্ৰীষ্টপূৰ্ব [1]
বৰ্তমান অৱস্থান ৰাষ্ট্ৰীয় সংগ্ৰহালয়,ইৰাক

ৱাৰ্খা শিৰ এক নাৰী মূৰ্ত্তি। এই নাৰী মূৰ্ত্তি ৩০০০ খ্ৰীঃ পূৰ্বৰ আগতে উৰোকত (Uruk) বগা মাৰ্বলত খোদিত হৈছিল। ইয়াৰ চকুত সম্ভৱ নীল পাথৰ (lapis lajuli) আৰু শ্বেত খোলা (shell) আৰু চেলাউৰিত ক'লা আলকাতৰা (bitumen) লগোৱা হৈছিল। ৱাৰ্খা শিৰ এক বিশ্ব বিখ্যাত ভাস্কৰ্যৰ নিদৰ্শন আৰু নাৰীৰ মুখমণ্ডল থুতৰি আৰু গালৰ সূক্ষ্ম, সুকোমল সুন্দৰ নিৰ্মাণৰ বাবে উচ্চ প্ৰশংসিত। ই সম্ভৱ টান পাথৰত নিৰ্মিত। [2] [3]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. Frankfort, 31–32
  2. Stokstad, Marilyn (2018). Art History. প্ৰকাশক Upper Saddle River: Pearson. পৃষ্ঠা. 29–30, 33. ISBN 9780134479279. 
  3. বুৰঞ্জী (বিশ্ব ইতিহাসৰ কিছু বিষয়). অসম বুক ডিপো. ২০১৩. পৃষ্ঠা. ২৭.