ৱিকিট্ৰেভেল

অসমীয়া ৱিকিপিডিয়াৰ পৰা


ৱিকিট্ৰেভেল
soft2i
ইউ আৰ এল wikitravel.org
প্ৰকাৰ ৱিকি
ভাষা ২১টা ভাষা[1] es-us
স্বত্বাধিকাৰী ইণ্টাৰনেট ব্ৰেণ্ড
সৃষ্টিকৰ্তা ইভান প্ৰোড্ৰোমো, মিছেল এন জেনকিন্স
মুকলি জুলাই, ২০০৩
এলেক্সা স্থান বৃদ্ধি 2,539 (November 2011)[2]
বৰ্তমান স্থিতি সক্ৰিয়

ৱিকিট্ৰেভেল এটা ৱেব ভিত্তিক প্ৰকল্প, যাৰ উদ্দেশ্য “বিনামূল্যে আধুনিক, পূৰ্ণাঙ্গ আৰু নিৰ্ভৰযোগ্য বিশ্বব্যাপী ভ্ৰমণ সহায়িকা সৃষ্টি কৰা। ”[3] ২০০৩ চনৰ জুলাই মাহত ইভান প্ৰোড্ৰোমো আৰু মিছেল এন জেনকিন্সে এই প্ৰকল্পটোৰ উদ্যোগ গ্ৰহণ কৰে। এটা ৱিকি মডেলৰ অনুৰূপে আৰু এটা ক্ৰিয়েটিভ কমন্স লাইচেন্সৰ আওতাত তৈয়াৰ কৰা হৈছে।[4] ২০০৬ চনত কেলিফোৰ্নিয়া ভিত্তিক ইণ্টাৰনেট ব্ৰেণ্ড কোম্পানি ৱিকিট্ৰেভেলৰ ট্ৰেদমাৰ্ক আৰু চাৰ্ভাৰ কিনি লয় আৰু এই ৱেবছাইটত ইয়াৰ বিজ্ঞাপন দিয়া আৰম্ভ কৰে।[5] ৱেবছাইটটো ২০০৭ চনত সেৱা ভ্ৰমণ বিষয়ক ৱেবছাইটত হিচাপে "ৱেবি এৱাৰ্ড" লাভ কৰে।[6] সেই বছৰত ৱিকিট্ৰেভেলৰ প্ৰতিষ্ঠাপকসকলে ৱিকি ট্ৰেভেল প্ৰেছ আৰম্ভ কৰে, ইয়াত ৱেবছাইটৰ বিষয়বস্তু মুদ্ৰিত আকাৰত প্ৰকাশ কৰে। প্ৰথম মুদ্ৰিত সহায়িকা প্ৰকাশিত হয় ২০০৮ চনৰ ১ ফেব্ৰুৱাৰীত।[7]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]