সমললৈ যাওক

ৱিকিপিডিয়ান

অসমীয়া ৱিকিপিডিয়াৰ পৰা

আত্মা অবিনশ্বৰ (এটি চমু প্ৰৱন্ধ)


"আত্মজ্ঞানম্ পৰম জ্ঞানম্ আত্ম বলং  পৰম্ বলং ৷" যি জনে আত্মাক চিনি পাইছে তেওঁ ভগৱান বা পৰম আত্মাৰ কথাও উপলব্ধি কৰিৱ পাৰে ৷  এই শাস্ত্ৰ সন্মত কথাবিলাক সকলোৱে জানে ৷ এই আত্মাক জনা যায় কেনেকৈ?  সেই বিষয়েহে বহুতো অজ্ঞ ৷ জাগতিক মায়া,মমতা,শোক চকুলো এই সকলো বিলাক প্ৰকৃত আত্মাক চিনি নোপোৱাৰ লক্ষণ ৷ যিজনে দেহ আৰু আত্মাৰ প্ৰকৃত স্বৰূপ আৰু জ্ঞান লাভ কৰে, তেওঁ বিলাকে জীৱিত বা মৃত দুয়োবিধ দেহৰে কোনো অৱস্থাকলৈ কোনো শোক নকৰে ৷  দেহৰ যিদৰে জন্ম হয় ঠিক তেনেদৰে আজিয়েই হওক বা কালিয়েই হওক  দেহৰ বিনাশ হোৱাটো নিশ্চিত ৷

গতিকে এই দেহ আত্মাৰ সমান গুৰুত্বপূৰ্ণ বস্তু নহয় ৷ যি সকলে এই কথাটো জানে তেওঁ নিসন্দেহে জ্ঞানী আৰু তেনে জ্ঞানী মানুহৰ বাৱে এই  পাৰ্থিৱ দেহটোৰ যি কোনো অৱস্থাৰ বাৱেই শোক নকৰে ৷

আত্মা অতি সূক্ষ্ম ৷ তাক উত্তম বুদ্ধিৰেহে  অনুভৱ কৰিৱ পাৰি ৷ এই অণু পৰিমাণৰ  আত্মাই পাঁচ প্ৰকাৰৰ বায়ুত ওপঙি থাকে আৰু হৃদয়ৰ ভিতৰত অৱস্হান কৰি থাকে ৷ যেতিয়াই আত্মাই পাঁচবিধ পাৰ্থিৱ বায়ুৰ সংশ্পৰ্শৰ পৰা মুক্ত হ'ব পাৰে,তেতিয়াই সি নিজৰ আধ্যাত্মিকতাৰ প্ৰভাৱ দেখুওৱাব পাৰে ৷ এই আত্মা অবিনশ্বৰ, জগতৰ বস্তু ৷ সেই বাৱে এই আত্মাক জগতৰ কোনো  শক্তিয়ে দেখি নাপায়, ৰুধিৱ নোৱাৰে,আৱদ্ধ কৰিৱ নোৱাৰে,মাৰিৱ নোৱাৰে,অদল-বদল বা সাল সলনি কৰিৱ নোৱাৰে ৷ ই এক অজেয়,অজড়,অমৰ অবিনাশী,অদৃশ্য; কিন্তু ই সুখ দুখ আৰু বন্ধন মুক্ত নহয় ৷ আত্মাই আমি ৷ বাকী দৈহিক পিণ্ডটো ইয়াৰ মাজত অন্তনিৰ্হিত থকা কাম,ক্ৰোধ,লোভ,মোহ,মদ,মাৎসৰ্য,মন,ইচ্ছা,প্ৰেৰণা আদি সহজাত প্ৰবৃত্তি সমূহ হৈছে -------ইয়াৰ বাহন আৰু সহযোগী কৰ্মী ৷ বুদ্ধি,বিবেক,বিচাৰক অন্তৰ,অনুভূতি;প্ৰাণ,চকু,কৰ্ণ,মস্তক,নাসিকা,জিভা আদি পঞ্চবহিঃ জ্ঞানেন্দ্ৰিয়,স্নায়ুতন্ত্ৰ সাংবাদিক,মগজু ৰজা,হস্ত,পদগুহ্য,লিঙ্গ,দম্ভ,পাকস্হলী,তন্ত্ৰ আদি কৰি নানা কৰ্ম্মেন্দ্ৰিয়ৰাজিও দেহ ধামত আছে ৷ এই সকলোৰে সহযোগত চলে আত্মা বা আমাৰ ৰাজ্য ৷ এই সমস্ত বস্তুৰ সহযোগত আত্মাই যদি সৎ কৰ্ম কৰি বা সঠিক মাপ কাঠিৰে উমনি দি এই দেহৰূপী ডিম্বটিৰ পৰা আত্মাৰ পাখা প্ৰস্ফুটিত কৰিৱ পাৰে তেতিয়া ইয়াৰ সহায়ত আত্মাই উদীয়মান হৈ সৰগ ধামলৈ উন্নীত হ'ব পাৰে ৷ অন্যথাই অপকৰ্মৰ দ্বাৰা অৰ্থাৎ সঠিক মাপকাঠিৰ উমনি অৱিহনে পিণ্ডটিত থকা পাখাৰ অংকুৰৰ বিনষ্ট হ'ব  যাৰ ফলত আত্মাই উৰ্ধ্বগামী নহৈ অধোগামী হৈ নৰকত পৰিৱ  ৷ মানুহৰ সহজাত প্ৰবৃত্তি সমূহক উদঙীয়াকৈ নাৰাখি বিবেকৰ অধীন কৰি বিবেকৰ নিৰ্দেশ মতে বান্ধি ৰাখি সংশোধন কৰি কামত লগালে মনুষ্যতৰ উন্নতি সাধন নিশ্চয় হ'ব ৷  সংশোধনৰ ফলত কামৰ পৰা প্ৰেম,মোহৰ পৰা ধ্যান,মদৰ পৰা চেতনা,ক্ৰোধৰ পৰা অনুৰাগ,লোভৰ পৰা ন্যায় আৰু গৌৰৱ আৰু মাৎসৰ্যৰ পৰা জীৱনী শক্তি উৎপন্ন উৎপন্ন কৰিৱ পৰা যাৱ ৷  যেনে:--- কামক সংশোধন নকৰি এৰি দিলে ই ব্যভিচাৰী হৈ কামাগ্নিৰ দহনৰ দ্বাৰা মানুহ পৰিচালিত হৈ সমাজ জীৱনক পাশৱিক উপায়ে জ্বলাই দি বিকাৰগ্ৰস্ত কৰি মানৱতাৰ ধ্বংস্তূপত পৰিণত কৰিৱ ৷ কিন্তু এই কামক বিবেকাগ্নিয়ে পুৰি শোধন কৰি প্ৰেমলৈ ৰূপান্তৰ কৰিলে ই সকলোৰে দুখ বেদনা হয়তো বুজি পাৱ ; আনৰ উন্নতি দেখি,আনৰ সৌন্দৰ্য্য দেখি নিজে নিজে সন্তুষ্টি লভিৱ আৰু আপ্লুত হ'ব ৷ ফলত বিশ্বপ্ৰেম আৰু বিশ্ব শান্তি প্ৰতিষ্ঠা হ'ৱ ৷

লোভে মানুহক সদায় দুৰাকাংক্ষী কৰি তোলে কাৰণ লোভী মানুহক সদায় এনে সাতখন পৃথিৱীৰ সা সম্পত্তি দিলেও তেওঁৰ লালসাৰ অন্ত নপৰে ৷ কিন্তু ইয়াক সংশোধন কৰিলে তেতিয়া ই বুজি পাৱ যে পৰিপাক যন্ত্ৰই হজম কৰি নিজৰ দেহ সুস্থ ৰাখিৱ পৰা খাদ্যখিনিহে  তেওঁৰ বাবে গ্ৰহনীয় ৷ বাকীবোৰ তেওঁৰ বাবে বৰ্জনীয় আৰু তেওঁৰ দৰে অগণন লোকৰ প্ৰাপ্য ৷ গতিকে সংশোধিত লোকে ন্যায়,নিষ্ঠা,ধৰ্ম, আদৰ্শবাদ প্ৰতিষ্ঠা কৰে ৷

মোহ সংশোধন কৰিলে ই মানুহক জাগতিক সমস্ত সৌন্দয্য ৰাজিও স্ৰষ্টা চিৰ সুন্দৰৰ ধ্যান আৰু আৰাধনা কৰিৱলৈ একাত্মতা তথা যোগসূত্ৰ আনি দিয়ে ৷ কাৰণ ধ্যানে জাগতিক সৌন্দয্যৰাজিৰ নশ্বৰতাৰ সম্ভেদ আনি দিয়ে ৷ মদৰ এটি অৰ্থই হ'ল অহংকাৰ ৷ অহংকাৰ,দৰ্প,দম্ভ আদি পতনৰ মূল উৎস ৷ এই অহংকাৰক সংশোধনেৰে গৌৰৱলৈ ৰূপান্তৰ কৰিলে অতীত বৰ্তমান আৰু ভৱিষ্যত উজ্জ্বল সম্পৰ্ক আৰু যোগসূত্ৰ নিকপকপীয়া কৰি উদ্যম, চেতনা আৰু প্ৰেৰণা যোগোৱাত সহায়ক হৱ ৷  মদৰ আন এটা নাম ৰাগিয়াল সুৰা জাতীয় বস্তু ৷ ইয়েই মানুহক এলেহুৱা আৰু থুনুকা কৰিছে ৷ গতিকে  ইয়াক সংশোধন কৰিলে প্ৰয়োজনীয় মেদ আৰু দেহ মনৰ চেতনা কৰ্মোচ্ছাস উদ্দীপনা জাগিৱ ৷ 

মদৰ আন এক অৰ্থ হ'ল মই ৷ গতিকে মোৰ সুখ,দুখ,বেদনা,হৰ্ষ,বিষাদ,আমোদ, প্ৰমোদ,আহ্লাদ আদি আনৰ মাজতো বিদ্যমান থকাৰ উপলব্ধি নিজৰ মাজত জগাই তোলাৰ পণ্হাই হ'ল চেতনা বা আত্মোলব্ধি ৷

মাৎসৰ্যৰ অৰ্থ হ'ল ---পৰশ্ৰীকাতৰতা ৷ এই পৰশ্ৰীকাতৰতাত লুকাই থাকে হিংসা,দ্বেষ,ঈৰ্ষা,ঘৃণা,মৰামৰি,কটাকটি আদিক জন্ম দি মানৱতাৰ ধ্বংস যজ্ঞ ৷ ইয়াক সংশোধন কৰিৱ পাৰিলেহে মানুহে ইজনে সিজনৰ পৰস্পৰ মিলাপ্ৰীতি আৰু শান্তিৰে মাধ্যাকৰ্ষণ-মহাকৰ্ষণ শক্তিৰ দৰে টনাটনি কৰি মনুষ্যতৰ উন্নতি প্ৰগতি আৰু বিকাশৰ লগতে জগতৰ কল্যাণ সাধিৱ পৰা যাৱ ৷ জীৱনী শক্তি লাভ কৰিৱ পাৰিম ৷ অৱশ্যে ই পৰ্যায় পালে দাহিকা শক্তিৰ প্ৰভাৱত পৰি সংঘটিত হয় যুদ্ধ, বিগ্ৰহ,সংঘৰ্ষ আদি, যাৰ ফলত জিতা,পৰাজিতা উভয়ে পায় নতুন প্ৰেৰণা,উদ্যম,ন্যায় নিষ্ঠা আদি ৷ কোনোবা হয় শ্বহীদ কোনোবা হয় গাজী ৷ কিন্তু এই ক্ষেত্ৰত উভয়ৰ জাগতিক তথা দৈহিক লোভ লালসা মোহমায়াতকৈ ন্যায় প্ৰতিষ্ঠাৰ প্ৰেৰণা থাকে উৰ্দ্ধত ৷ গতিকে যুদ্ধৰ পিছত উৎপন্ন হয় অনুৰাগ,অনুশোচনা আৰু প্ৰেম ৷ বতাহক কোনেও দেখা নাপায় যদিও ইয়াক মানুহে নিশ্চয় ধৰি বিভিন্ন প্ৰকাৰে নিজা কামত লগায় ৷ মানুহৰ মনকো তেনেকৈ নেদেখিলেও অনুৰাগৰ লেকাম লগাই সৎকৰ্মত নিশ্চয় ব্যৱহাৰ কৰিৱ পাৰি তাত কোনো সন্দেহ নাই ৷ গাড়ী মটৰ যিদৰে  তেল আৰু ম'ৱিল দিলে চলে পানী বা আলকাতৰাত নচলে ঠিক তেনেদৰেই অখাদ্য খালেও দেহৰূপী গাড়ীখন নচলে ৷ সেয়েহে শুদ্ধ খাদ্য পৰিমাপ মতে আমি আহাৰ গ্ৰহণ কৰা উচিত ৷ জুয়ে সদায় দহন কৰে ৷ এই জুইক বশ কৰি নানা ৰূপী জুইকো অনুৰাগত পৰিণত কৰি কৰ্মৰ গতিবেগ বঢ়াই তুলিৱ পৰা নিশ্চয় যাৱ ৷ আমি সকলোৱে ভালদৰে জানো যে দৈহিক বল পৰি গ'লে নিজে নিজে যাৱ নোৱাৰিলে,চলিৱ নোৱাৰিলে আনে হাজাৰ যত্ন কৰিলেও চলাৱ নোৱাৰে ৷  আকৌ আত্মাই এৰি গলে দেহৰ দাম শ্মশান বা সমাধিৰ বাদে  হয়তো পৃথিৱীৰ কতো নাথাকে ৷ যেতিয়া আত্মা শূণ্য দেহাৰ বিলৈ পৃথিৱীত আমাৰ চকুৰ আগত হয়,তেতিয়া হলে দেহা শূণ্য আত্মাৰ বিলৈ সেই অজান ৰাজ্যত আৰু কিমান বিলৈ হ'ৱ পাৰে বাৰু?  গতিকে সময় থাকোতে আত্মজ্ঞান লভি দয়া,ধৃতি,মৰম,প্ৰীতি,পৰোপকাৰ আদি নানা সৎ কৰ্মৰাজিৰে আত্মাই আত্মনিৰ্ভৰশীল ৰূপত নিজক প্ৰতিষ্ঠা কৰা উচিত ৷  তাকে কৰিৱলৈ হ'লে নিজৰ আত্ম সমালোচনা আৰু আত্মবিশ্লেষণ ৷ কাৰণ আত্মবিশ্লেষণ পৰ্যায়ে আমাক নিজৰ ভিতৰত থকা সুখ,দুখ,স্বাদ,বিস্বাদ,দয়া,মৰম,ভোক,পিয়াহ,কামনা,বাসনা, আশা-আকাংক্ষা,ৰোগ শোক আনৰ মাজতো আছে ৷ নিজক কাটিলে যি দৰে দুখ পায় আনক কাটিলেও তেনেদৰেই দুখ পায় ৷ আনৰ ভূল ক্ৰটিও তেনেকৈ আনৰ চকুত ধৰা পৰে; সেয়ে এনে সমালোচক আৰু বিশ্লেষক জনে কেতিয়াও আনৰ অপকাৰ কৰিৱ নোৱাৰে,আপোন পৰৰ ভেদাভেদ ৰাখিৱ নোৱাৰে ৷ তেওঁৰ জৈৱিক চাহিদা পূৰণৰ বাবে নূন্যতম সামগ্ৰী খিনিহে ভোগ বা উপভোগ কৰে,আনে তেওঁৰ ভূল ক্ৰটি দেখুওৱাই দিলে তাৰ প্ৰতি ৰাগাম্বিত নহৈ নিজকহে সংশোধন কৰে ৷ এই আত্ম বিশ্লেষণৰ ফলতহে আমি,তুমি,মই বিভেদ নাইকীয়া হৈ মনুষ্যত্ব ৰাজ প্ৰতিষ্ঠা হৱ ৷ নিজৰ চকুৰে আমি সকলো দৃশ্য দেখা পাওঁ কিন্তু নিজৰ চকুক চাৱলৈ আকৌ দাপোণৰ প্ৰয়োজন হয় ৷ এই দৃশ্যমান জগত আৰু মানৱ সমাজ খনত মনুষ্যত্বৰ চকু যোৰো এক দাপোণ স্বৰূপ ৷ যাৰ সহায়ত চকুৰ কিৱা বিজুতি হলে তাক চাই চিতি নিৰাময় কৰিৱ পাৰো ৷ তেনেকৈ অদৃশ্য বস্তু সমূহ দেখা নাপালেও তাৰ অস্তিত্ব অনুভৱ কৰিৱ পাৰো ৷ আত্মা আৰু পৰমাত্মা চৰম অদৃশ্য সত্বা ৷ গতিকে নিজৰ আত্মাক অনুভৱ কৰিৱলৈ হ'লে হয়তো আমি সকলোৱে মন,চেতনা,বায়ু,প্ৰাণ,বুদ্ধি,কল্পনা,ইচ্ছা,বিবেক আদি নানা অদৃশ্য বিষয়ৰাজিৰ দাপোণেৰে চাই -চিতি অনুভৱ কৰিৱ লাগিৱ ৷ আনে খুচৰি দিয়া নিজৰ 

দোষ- ক্ৰটিসমূহ বিষবৎ হ'লেও নিজৰ প্ৰকৃত দোষ -ক্ৰটি,ভূল আৰু অপকৰ্ম সমূহ বৰ্জন কৰি সাৰ খিনি ৰাখিলেহে সেয়াই আত্মাৰ অমৃত সম হ'ৱ ৷ ইয়েই হ'ল প্ৰকৃত আত্মবিশ্লেষণ ৷ আমি হয়তো এটা সময়ত মানুহৰ অস্তিত্ব ৰূপে বিৰাজমান নাছিলোঁ ৷ আত্মা আছিল আত্মাৰ ৰাজ্যত ৷ বাকী  দৈহিক অৱয়বৰ অংশবিলাক সিঁচৰিত হৈ আছিল ৰ'দ, বৰষুণ,বায়ু,তাপ,মাটি,পানী,মৎস,পশু,ফল,ফুল আদি বিভিন্ন জীৱ,উদ্ভিদ আৰু বস্তু নিশ্চয়ৰ মাজত ৷ পিতৃ-মাতৃৰ উদ্যোগলৈ উক্ত বস্তু সমূহৰ পৰা কেঁচামাল আনি ক্ৰমে খাদ্যপ্ৰাণ(ভিটামিন) ,চেতনা,ৰক্তকণিকা,শ্বেত কণিকা,মৰ্জি,মণি,মগজ,কোষ আৰু প্ৰাণত পৰিণত হ'ল ৷ পিতৃ ৰাজ্যত শুক্ৰ কীট আৰু মাতৃ ৰাজ্যত ডিম্বাণু ৰূপে উক্ত প্ৰাণ বিকশিত হয় ৷ উক্ত শুক্ৰ কীট আৰু ডিম্বাণুৰ মিশ্ৰণৰ ফলতহে সৃষ্টি হয় এটি যুগ্ম প্ৰাণ ৷ পিছত উক্ত যুগ্ম প্ৰাণ বিকশিত হৈ আৰু অগণন প্ৰাণৰ জন্ম হয় আৰু তাতে আহি সংযুক্ত হয় মহাপ্ৰাণ বা আত্মা ৷ এইয়াই হয়তো আমাৰ জন্ম ৰহস্য বুলি কলে ভূল কোৱা নহ'ৱ ৷

সেয়েহে চাগৈ জন্মতত্বৰ বিশ্লেষক জনে প্ৰকৃতিক মাতৃ ৰূপে আৰু পৰিৱেশক পিতৃ ৰূপে জ্ঞান কৰে ৷ শিশুৱে মাতৃৰ স্তন পান  কৰাৰ দৰে প্ৰকৃতিৰ পৰা অপৰিহাৰ্য লাগতিয়ালখিনিহে মাত্ৰ শুদ্ধ সঠিক উপায়েৰে গ্ৰহন কৰে ৷

পৃথিৱীৰ প্ৰাঙ্গনত প্ৰাণ আৰু চেতনাসমূহে নানা অনুকূল প্ৰতিকূল শক্তিৰ ঘাট-প্ৰতিঘাটৰ মাজেৰে ডাঙৰ দীঘল হয় নতুবা মৰে ৷ ক্ৰমান্বয়ে ঘাট প্ৰতিঘাটৰ সতে যুঁজি যুঁজি প্ৰাণ আৰু চেতনা সমূহ লোপ পায় ,জড়তাপ্ৰাপ্ত হোৱা দেহপিণ্ডটো এৰি আত্মা গুচি যায় ৷ ইয়েই হল মৃত্যুৰ ৰহস্য ৷

গতিকে আত্ম বিশ্লেষক জনে মানৱ দেহটিক জড় বুলি জানি আৰু যিকোনো  মূহুৰ্তত আত্মাৰ দেহ বিচ্ছেদ হ'ব বুলি জানি পাশৱিক বলৰ ওপৰত নিৰ্ভৰশীল হৈ কেতিয়াও অহংকাৰ,অপকৰ্ম আদি নকৰে ৷ তেওঁলোক পদুমৰ পাতৰ দৰে জাগতিক বিষয় বাসনাত লিপ্ত থাকিও নিৰ্বিকাৰ নিৰ্মল হৈ থাকে ৷ লো,সোণ,তাম আদি ৰূপ কোনো প্ৰকাৰ বিষয় বাসনাৰ শিকলিৰ বন্ধনত থাকিও তেওঁলোকে আত্মাক সদা মুক্ত,নিৰ্মল,স্বচ্ছ আৰু পৱিত্ৰ কৰি ৰাখে ৷নিজৰ গাত আঘাত লাগিলে যেনেকুৱা দুখ পায়,আনৰ গাত আঘাত লাগিলেও তেনেকুৱা দুখ পায় ৷ গতিকে আত্ম বিশ্লেষক জনে নিজৰ দৰে আনকো সুখ ,দুখ,আশা-আকাংক্ষা,আত্মমৰ্যদা আছে বুলি জানি পাৰ্যমানে অনাহকতে আনৰ অৰ্হিত অসূয়াৰ কাৰণ নহয় ৷ দেহতকৈ মন বহুগুণে বেগী আৰু শক্তিশালী ৷ আকৌ দেহ মন ক্ষণস্থায়ী কিন্তু আত্মা চিৰস্থায়ী ৷ গতিকে এই স্থায়ী অধৰ,দ্ৰুতগামী আত্মাক কলুষিত কৰিৱলৈ আত্ম বিশ্লেষক জনে কেতিয়াও অস্থায়ী দেহ মনক অপকৰ্মত লিপ্ত নকৰে ৷

বন্দুকতকৈ বন্দুকৰ গুলী দ্ৰুতগামী ৷ সেইবাৱে বন্দুকৰ পৰা গুলী ওলাই যাওঁতে বন্দুকটোক লগত লৈ নাযায় ৷ কিন্তু গুলীৰ বেগ,ক্ৰিয়া প্ৰতিক্ৰিয়া নিৰ্ভৰ কৰে বন্দুকৰ নলী,কুণ্ডা,ট্ৰিগাৰ আৰু পৰিচালনাৰ সুস্হতাৰ ওপৰত ,আত্মবিশ্লেষক জনেও আত্মাৰ সৈতে দেহ মন গুচি নাযায় বুলি জানিও আত্মাৰ বলিষ্ঠতাৰ কাৰণেই দেহ মনক সুস্হ কৰি ৰাখি বিবেকৰ পৰিচালনাৰ দ্বাৰা সষ্টম কৰি ৰাখে ৷

(বি:দ্ৰু: কিছু গ্ৰন্থৰ সহায় লৈ) সমাপ্ত ৷


জ্যোতিস্ক বৰুৱা নামৰূপ,অসম মোৱাইল নং:-9365008343