ৱিকিপিডিয়া:অসমীয়া ৱিকিপিডিয়াৰ বিশেষ নীতিসমূহ

অসমীয়া ৱিকিপিডিয়াৰ পৰা

অসমীয়া ৱিকিপিডিয়াৰ ৰাইজৰ চ'ৰাত সদস্যসকলৰ মাজত হোৱা আলোচনামৰ্মে গ্ৰহণ কৰা নীতিবিষয়ক কিছুমান সিদ্ধান্ত তলত উল্লেখ কৰা হ'ল। মন কৰিব যে এই নীতিসমূহ স্থায়ী নহয়। পিছত পুনৰ একেটা বিষয়ত আলোচনা হ'লে নীতিসমূহৰ সালসলনি বিবেচনা কৰা হ'ব।

পোখালি নীতি[সম্পাদনা কৰক]

অসমীয়া ৱিকিপিডিয়াত "পোখালি" (stub) বুলি অতিমাত্ৰা চুটি প্ৰবন্ধ (এটা সম্পূৰ্ণ পৰিচ্ছেদো নোহোৱা)ক বুজোৱা হৈছে। এই সম্পৰ্কে সদস্যসকলৰ আলোচনা ইয়াত পাব।

  • পোখালিক বাৰণ কৰা নহয়, কিন্তু সমৰ্থনো কৰা নহয়।
  • দুমাহতকৈ অধিক কাল এটা-বা দুটা শাৰীৰ প্ৰৱন্ধ একে অৱস্থাতে থাকিলে, প্ৰথম লেখকৰ পৃষ্ঠালৈ স্থানান্তৰ কৰা হ'ব, যাতে তেখেতে তথ্য সন্নিবিষ্ট কৰি অন্ততঃ 'চুটি প্ৰবন্ধ' এটা সৃষ্টি কৰাৰ প্ৰয়াস কৰে। সকলো সময়তে অইন সকলো ব্যৱহাৰকাৰীয়ে পোখালি প্ৰবন্ধ বহলোৱাৰ দায়িত্ব লৈ থাকিব, কিন্তু সময়ৰ অভাৱৰ বাবে সেয়া সম্ভৱ নহয়। সেয়ে প্ৰথম লেখকজনেই সেই দায়িত্ব স্বীকাৰ কৰিব বুলি আশা কৰা হৈছে।
  • একে কথা ইংৰাজীৰ পৰা প্ৰতিলিপি কৰা প্ৰবন্ধৰ অনুবাদৰ ক্ষেত্ৰতো প্ৰযোজ্য হ'ব, অৰ্থাত্‍ প্ৰথম সম্পাদকজনেই প্ৰধানতঃ তাৰ দায়িত্ব ল'ব লাগিব।
  • কোনোবা ৱিকিপিডিয়ানে 'পোখালি আৰক্ষী'ৰ ভূমিকা পালন কৰিব লাগে।
  • দুমাহতকৈ অধিক সময় পোখালি অৱস্থাতে থাকিলে বা অনুবাদ নোহোৱাকৈ থাকিলে পৃষ্ঠাখন প্ৰথম সম্পাদকজনৰ 'সদস্য নামস্থান'লৈ স্থানান্তৰ কৰা হ'ব।
  • পোখালি বিস্তাৰ কৰা হ'লে সেইটোৰ গুণাগুণ সম্পৰ্কে আন এজন ৱিকিপিডিয়ানৰ মতামত লোৱাৰ পিছত ঠিকে থাকিলে মূল প্ৰবন্ধ নামস্থানলৈ আনিব পাৰি।

মিডিয়া নীতি[সম্পাদনা কৰক]

এই নীতিত বিভিন্ন মিডিয়া ফাইল যেনে- চিত্ৰ, ভিডিঅ', শ্ৰাব্য ক্লিপ আদিক সামৰি লোৱা হৈছে। এই সম্পৰ্কে আলোচনা ইয়াত পাব

  • অসমীয়া ৱিকিপিডিয়াত ব্যৱহাৰ কৰিবলগীয়া সকলো মুক্ত ছবি বা ভিডিঅ' ৱিকিকমন্সত আপল'ড কৰিব লাগে।
  • যদি কেতিয়াবা কিবা কাৰণত অসমীয়া ৱিকিপিডিয়াতে ছবি (অ-মুক্ত) আপল'ড কৰিবলগীয়া হয় তেন্তে সদস্যজনে সঠিক উৎস, লেখক আৰু অনুজ্ঞাপত্ৰ উল্লেখ কৰিব লাগিব। (বা অসমীয়া ৱিকিপিডিয়াৰ আপল'ড প্ৰপত্ৰখনত সকলো তথ্য উল্লেখ কৰা বাধ্যতামূলক হ'ব লাগে আৰু উল্লেখ নকৰিলে যাতে আপল'ড নহয় তেনে ব্যৱস্থা কৰিব লাগে।)
  • ইণ্টাৰনেটৰ পৰা সংগ্ৰহ কৰা ছবি বুলি গম পালে প্ৰশাসকে প্ৰয়োজনীয় টেগ্‌ সন্নিৱিষ্ট কৰিব আৰু উত্তৰ নাপালে বিলোপ কৰিব।
  • সকলো ন-পুৰণি সদস্যক ৱিকিকমন্সত আপল'ড কৰাৰ বিষয়ে জনাব লাগে।

যাদুকৰী শব্দৰ অনুবাদ নীতি[সম্পাদনা কৰক]

এই সম্পৰ্কীয় আলোচনা ইয়াত পাব।

অসমীয়া ৱিকিপিডিয়াত ব্যৱহৃত যাদুকৰী শব্দবোৰৰ (Magic words) যেনে- REDIRECT, FULLPAGENAME, CURRENTDAY আদিৰ অনুবাদ কৰাটো অনুচিত। মিডিয়াৱিকি ছফ্টৱেৰ বা সাঁচসমূহত ব্যৱহাৰ হোৱা এই সংকেতসমূহৰ অসমীয়া অনুবাদে অনেক ক্ষেত্ৰত আহুকালৰ সৃষ্টি কৰিব পাৰে। অৱশ্যে এনেকুৱা শব্দবোৰ সাধাৰণ ইণ্টাৰফে'চ বাৰ্তাত ব্যৱহাৰ হ'লে সেয়া অনুবাদ কৰিব পাৰি। এই বিষয়ে কিবা সন্দেহ থাকিলে অভিজ্ঞ ৱিকিপিডিয়ানৰ লগত যোগাযোগ কৰিব।