ৱিকিপিডিয়া:আন্তৰ্জাতিক নাৰী দিৱস ৱিকিউৎস এডিটাথন, ২০২৪

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মহিলা ৱিকিউৎস এডিটাথন, ২০২৪ উদ্‌যাপন

৮ মাৰ্চ ২০২৪ৰ পৰা ১৭ মাৰ্চ ২০২৪লৈ অনুষ্ঠিত এক সম্পাদনা মেলা
আৰম্ভ ৮ মাৰ্চ ২০২৪ (2024-03-08)
শেষ ১৭ মাৰ্চ ২০২৪ (2024-03-17)
ঠাই অনলাইন

আন্তৰ্জাতিক নাৰী দিৱসৰ সৈতে সংগতি ৰাখি অসমীয়া ৱিকিউৎসত এটি এডিটাথন আয়োজন কৰা হৈছে। ২০২৪ চনৰ ৮ মাৰ্চৰ পৰা ১৭ মাৰ্চলৈ এই এডিটাথন অনুষ্ঠিত কৰা হৈছে। এই ১০ দিনত অসমীয়া ৱিকিমিডিয়ানসকলে এডিটাথনত অন্তৰ্ভুক্ত নিৰ্বাচিত গ্ৰন্থসমূহৰ পৃষ্ঠাসমূহ মুদ্ৰণ সংশোধন আৰু বৈধ কৰিব পাৰিব। লগতে সদস্যসকলে ইতিমধ্যে ৱিকিউৎসত যোগ কৰা অসম্পূৰ্ণ কিতাপৰ তালিকাৰ পৰা মুক্তভাবে নিজৰ প্ৰিয় কিতাপ যোগ কৰিব পাৰিব।

লক্ষ্য আৰু উদ্দেশ্য

এই এডিটাথনৰ উদ্দেশ্য হৈছে ৱিকিমিডিয়াৰ Celebrate Women অভিযানত অংশগ্ৰহণ কৰি নাৰীক উৎসাহিত কৰা।

  • অসমীয়া ৱিকিমিডিয়ানসকলৰ জৰিয়তে সন্মিলিত কাৰ্য্যকলাপ কৰা।

বিৱৰণ

সময়

  • এই প্ৰতিযোগিতাৰ সময়সীমা: ৮ মাৰ্চ ২০২৪ ০০:০১ বজাৰ পৰা ১৭ মাৰ্চ ২০২৪ ২৩:৫৯ বজা পৰ্যন্ত।

নিয়মাৱলী

  • নিৰ্বাচিত কিতাপৰ পৃষ্ঠাসমূহ মুদ্ৰণ সংশোধন আৰু বৈধ কৰা।
  • উচ্চমানৰ সম্পাদনাৰ ওপৰত গুৰুত্ব দিয়া হ’ব।
  • কেৱল নিৰ্ধাৰিত সময়ৰ ভিতৰত কৰা সম্পাদনাসমূহহে গণ্য কৰা হ'ব।
  • নিৰ্দিষ্ট কিতাপৰ তালিকাত অন্তৰ্ভুক্ত গ্ৰন্থসমূহহে বিবেচনা কৰা হয়।
  • একে সময়তে একেটা পৃষ্ঠাকে কেইবাজনো সম্পাদকে সম্পাদনা কৰিব নোৱাৰিব। সম্পাদকসকলে কমেও ৫/১০ পৃষ্ঠাৰ ব্যৱধান ৰাখিবলৈ চেষ্টা কৰিব।

পুৰস্কাৰ

  • অৱদানকাৰীক বাৰ্নষ্টাৰক প্ৰদান কৰা হ’ব।
  • প্ৰতিজন অংশগ্ৰহণকাৰীক User:JyotiPNৰ তৰফৰ পৰা এখনকৈ গ্ৰন্থ প্ৰদান কৰা হ'ব।

কিতাপৰ তালিকা

  1. যুদ্ধক্ষেত্ৰত আহোম ৰমণী
  2. নীতি কথা
  3. মহাসতী জয়মতী

যোগাযোগ

অধিক জানিবলৈ প্ৰাণজ্যোতি নাথ আৰু দিব্য দত্তৰ আলোচনা পৃষ্ঠাত যোগাযোগ কৰক।