ৱিকিপিডিয়া:নিৰ্বাচিত প্ৰবন্ধ/৩০

অসমীয়া ৱিকিপিডিয়াৰ পৰা

কেপ্তেইন বিক্ৰম বাত্ৰা (ইংৰাজী: Vikram Batra, ৯ ছেপ্টেম্বৰ ১৯৭৪ – ৭ জুলাই ১৯৯৯) ভাৰতীয় সেনাৰ এজন বিষয়া আছিল। কাৰ্গিল যুদ্ধৰ সময়ত তেওঁ প্ৰদৰ্শন কৰা অপৰিসীম বীৰত্বৰে সৰ্বোচ্চ বলিদান দিয়াৰ বাবে তেওঁক মৰণোত্তৰভাৱে ভাৰতৰ সৰ্বোচ্চ সামৰিক সন্মান পৰম বীৰ চক্ৰৰে সন্মানিত কৰা হয়। ১৯৯৯ চনৰ ৭ জুলাই তাৰিখে পূৰ্বৰ জম্মু-কাশ্মীৰ ৰাজ্যৰ কাৰ্গিল জিলাৰ এৰিয়া লেজ, পইণ্ট ৪৮৭৫ৰ আশে-পাশে পাকিস্তানী সৈন্যৰ সৈতে যুঁজি থকাৰ সময়তে বীৰগতি প্ৰাপ্ত কৰে।

তেওঁ ১৯৯৬ চনত ডেৰাডুনত অৱস্থিত ভাৰতীয় সামৰিক একাডেমীৰ (আই এম এ)ত মানেকশ্ব' বেটেলিয়ানত যোগদান কৰে। ১৯ মাহৰ প্ৰশিক্ষণ পাঠ্যক্ৰম সম্পূৰ্ণ কৰাৰ পিছত ১৯৯৭ চনৰ ৬ ডিচেম্বৰত আই এম এৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে আৰু ভাৰতীয় সেনাবাহিনীত লেফটেনেণ্ট হিচাপে নিযুক্তি লাভ কৰে।

১৯৯৯ চনৰ ১৫ আগষ্টত ভাৰতৰ স্বাধীনতাৰ ৫২ সংখ্যক বৰ্ষপূৰ্তিত বিক্ৰম বাত্ৰাক ভাৰতৰ সৰ্বোচ্চ সামৰিক সন্মান পৰম বীৰ চক্ৰৰে সন্মানিত কৰা হয়। তেওঁৰ পিতৃ জি এল বাত্ৰাই ভাৰতৰ তদানীন্তন ৰাষ্ট্ৰপতি কে আৰ নাৰায়ণৰ পৰা তেওঁৰ মৃত পুত্ৰৰ হৈ এই সন্মান গ্ৰহণ কৰে।

বিক্ৰম বাত্ৰাৰ নামেৰে বহুতো উল্লেখযোগ্য স্থানৰ নামকৰণ কৰি তেওঁক সন্মান জনোৱা হয়। ৪৮৭৫ নং পইণ্টৰ ঐতিহাসিক দখলৰ পিছত তেওঁৰ সন্মানত এই শৃংগটোৰ নাম বাত্ৰা টপ ৰখা হৈছিল। তদুপৰি সেৱা বাছনি কেন্দ্ৰ, এলাহাবাদৰ এটা হ'লৰ নাম 'বিক্ৰম বাত্ৰা ব্লক', জবলপুৰ চাউনিৰ এক আৱাসিক অঞ্চলৰ নাম 'কেপ্তেইন বিক্ৰম বাত্ৰা এনক্লেভ' আৰু ভাৰতীয় সামৰিক একাডেমীত থকা সংযুক্ত কেডেটৰ মেছৰ নাম 'বিক্ৰম বাত্ৰা মেছ' ৰখা হৈছে।

(ইয়াত বিতংকৈ পঢ়ক)