সমললৈ যাওক

ৱিকিপিডিয়া:ভাল প্ৰবন্ধ/৬

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ষ্টিফেন কেট্‌লৰদ্বাৰা নিৰ্মিত আৰু ব্লেচলি পাৰ্কত অৱস্থিত এলান ট্যুৰিঙৰ মূৰ্তি।

এলান ট্যুৰিং (ইংৰাজী: Alan Turing সম্পূৰ্ণ নাম: এলান মেথিছন ট্যুৰিং Alan Mathison Turing) (/[invalid input: 'icon']ˈtjʊərɪŋ/ tewr-ing; ২৩ জুন, ১৯১২ – ৭ জুন, ১৯৫৪), এগৰাকী ইংৰাজ গণিতজ্ঞ, তৰ্কবিজ্ঞানী, সংকেতবিশ্লেষক আৰু কম্পিউটাৰ বিজ্ঞানী। কম্পিউটাৰ বিজ্ঞানৰ বিকাশত এখেতৰ বৰঙনি বিশেষভাৱে উল্লেখনীয়। এখেতে 'এলগৰিথম' আৰু 'গণনা'ৰ তাত্বিক ধাৰণাৰ বিকাশ সাধন কৰি 'ট্যুৰিং মেচিন'ৰ ধাৰণা প্ৰৱৰ্তন কৰিছিল। 'ট্যুৰিং মেচিন'ক 'সৰ্বাত্মক কম্পিউটাৰ' বুলিব পাৰি। ট্যুৰিঙক আধুনিক কম্পিউটাৰ বিজ্ঞান আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ জনক বুলি অভিহিত কৰা হয়। দ্বিতীয় বিশ্বযুদ্ধৰ কালত ট্যুৰিঙে ব্ৰিটিছ চৰকাৰৰ হৈ 'চৰকাৰী সংকেত আৰু সংকেত বাৰ্তা বিদ্যালয়'লৈ নিজৰ অৱদান আগবঢ়ায়। এই কালত জাৰ্মান বাহিনীৰ সংকেত পাঠোদ্ধাৰৰ বাবে ট্যুৰিঙে কেবাটাও উল্লেখযোগ্য সমাধান সূত্ৰ নিৰ্ণয় কৰে। (সবিশেষ পঢ়ক.....)