সমললৈ যাওক

ৱিকিপিডিয়া:লাচিত বৰ্ণাশুদ্ধি নিবাৰক

অসমীয়া ৱিকিপিডিয়াৰ পৰা

লাচিত বৰ্ণাশুদ্ধি নিবাৰক (Lachit SpellChecker) হ'ল এনে এটা সঁজুলি যিয়ে আমি সততে কৰা বানানৰ ভুল কিছুমান এবাৰতে শুধৰাই দিয়ে।

ই বাংলা "ব়" আৰু পুৰণি পদ্ধতিত লিখা "ড়, ঢ়, য়" (ড, ঢ, য —ৰ পিছত ফুট এটা দি লিখাটো) শুধৰাই "ৰ, ড়, ঢ়, য়"-লৈ ৰূপান্তৰ কৰে। তদুপৰি ই বিভক্তিৰ ভুল, যুক্তাক্ষৰৰ ভুল, ণত্ববিধি, ষত্ববিধিৰ ভুল, চন্দ্ৰবিন্দুৰ ভুল, নিৰ্দেশাত্মক প্ৰত্যয়ৰ ভুল, যতিচিহ্নৰ ভুল, সমাস আদি শুধৰাই দিয়ে। তদুপৰি ই সততে ভুল হোৱা প্ৰায় ৩০০০-ৰো অধিক শব্দ শুদ্ধ ৰূপলৈ শুধৰণি কৰে।

এই সঁজুলিটোৱে কি কি ভুল শব্দ শুদ্ধ কৰিলে আৰু ভুল শব্দবোৰৰ শুদ্ধ ৰূপবোৰো দেখুৱাই দিয়ে।


এই সঁজুলিটো তিনিটা ভাৰ্চনত উপলব্ধ —

(১) কম্পিউটাৰৰ ভাৰ্চন

কম্পিউটাৰৰ তিনিটা জনপ্ৰিয় অপাৰেটিং ছিষ্টেম ৱিণ্ড’জ, লিনাক্স আৰু মেকৰ বাবে Lachit SpellChecker উপলব্ধ।

(২) অনলাইন ভাৰ্চন

(৩) এণ্ড্ৰইড ম'বাইল ভাৰ্চন

Google Play Store-ত Lachit SpellChecker (পূৰ্বৰ Lachit Pad) নামৰ এপ এটা উপলব্ধ।

শেহতীয়াভাৱে, অসমীয়া ৱিকিপিডিয়াতো এই সঁজুলিটো পৰীক্ষামূলকভাৱে ’গেজেট’ৰূপে সংযোজিত কৰা হৈছে।

(৪) আইফোন/আইপেডৰ বাবে

Apple app store-ত Lachit SpellChecker নামৰ এপ এটা উপলব্ধ।

বৰ্ণাশুদ্ধিৰ বাবে নতুন শব্দৰ পৰামৰ্শ দিবলৈ ইয়াত ক্লিক কৰক!