ৱিকিপিডিয়া:লাচিত বৰ্ণাশুদ্ধি নিবাৰক

অসমীয়া ৱিকিপিডিয়াৰ পৰা

লাচিত বৰ্ণাশুদ্ধি নিবাৰক (Lachit SpellChecker)

লাচিত বৰ্ণাশুদ্ধি নিবাৰক এনে এটা সঁজুলি যিয়ে আমি সততে কৰা বানানৰ ভুল কিছুমান এবাৰতে শুধৰাই দিয়ে৷

ই বাংলা ৰ আৰু পুৰণি পদ্ধতিত লিখা ড়, ঢ়, য় আদি (ড়, ঢ়, য ৰ পিছত ফুট এটা দি লিখাটো ) আদি শুধৰাই দিয়ে৷

তদুপৰি ই শুধৰায়-

১) বাংলা ৰ আৰু পুৰণি পদ্ধতিত লিখা ড়, ঢ়, য় আদি (ড়, ঢ়, য ৰ পিছত ফুট এটা দি লিখাটো)

২) বিভক্তিৰ ভুল

৩) যুক্তাক্ষৰৰ ভুল

৪) ণত্ববিধি, ষত্ববিধিৰ ভুল

৫) চন্দ্ৰবিন্দুৰ ভুল

৬) নিৰ্দেশাত্মক প্ৰত্যয়ৰ ভুল

৭) যতিচিহ্নৰ ভুল

আৰু

৮) প্ৰায় ১৫০০ ৰো অধিক সততে ভুল হোৱা শব্দ

এই সঁজুলিটোৰ তিনিটা ভাৰ্চন আছে৷

ক) কম্পিউটাৰৰ বাবে

কম্পিউটাৰৰ তিনিটা জনপ্ৰিয় অপাৰেটিং ছিষ্টেম ৱিণ্ড’জ, লিনাক্স আৰু মেকৰ বাবে Lachit SpellChecker উপলব্ধ৷

লিংক: https://lachit.org/#Spell-Checker

খ) অনলাইন

লিংক: https://spellchecker.lachit.org

গ) এণ্ড্ৰইড মবাইলৰ বাবে

Google Play Store ত Lachit SpellChecker (পূৰ্বৰ Lachit Pad) নামৰ এপ এটা উপলব্ধ৷

লিংক: https://play.google.com/store/apps/details?id=com.mridulkumar.lachitpad&authuser=0

শেহতীয়াভাৱে, ৱিকিপিডিয়াতো এই সঁজুলিটো পৰীক্ষামূলক হিচাপে ’গেজেট’ৰূপে সংযোজিত কৰা হৈছে৷

বৰ্ণাশুদ্ধিৰ বাবে নতুন শব্দৰ পৰামৰ্শ দিবলৈ ইয়াত ক্লিক কৰক!