ৱিকিপিডিয়া:সততে উদিত প্ৰশ্নসমূহ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
সততে উদিত প্ৰশ্নসমূহৰ পিডিএফ সংস্কৰণ ডাউনল’ড কৰিবৰ বাবে চিত্ৰখনত দুবাৰ ক্লিক কৰক

ৱিকিপিডিয়া কি?[সম্পাদনা কৰক]

ৱিকিপিডিয়া এখন ইণ্টাৰনেট বিশ্বকোষ। পৃথিৱীৰ বিভিন্ন স্বেচ্ছাসেৱক লিখকে পাৰস্পৰিক সহযোগিতাৰ জৰিয়তে ইয়াক সংকলিত কৰি উলিয়াইছে। প্ৰায় ৫৮ লক্ষ্যাধিক প্ৰবন্ধৰে ইংৰাজী ৱিকিপিডিয়াখনেই বিভিন্ন ভাষাৰ ভিতৰত সৰ্ববৃহৎ ৱিকিপিডিয়া। ২৪ টা ভাৰতীয় ভাষাকে ধৰি এতিয়ালৈকে পৃথিৱীৰ ৩০৪ টা ভাষাত (জুলাই, ২০১৯ৰ তথ্য অনুসৰি) ৱিকিপিডিয়া প্ৰকাশিত হৈছে। ৱিকিপিডিয়াৰ প্ৰায় প্ৰতিটো প্ৰবন্ধই একাধিক লেখকৰ "সহযোগিতামূলক সংকলন"।

ৱিকিপিডিয়াৰ সহ-প্ৰতিষ্ঠাপক জিমী ৱেলচৰ মতে ৱিকিপিডিয়া হৈছে "পৃথিৱীৰ প্ৰত্যেক ব্যক্তিৰ মাতৃভাষাতে এখন উৎকৃষ্ট মানৰ বহুভাষিক মুক্ত বিশ্বকোষ ৰচনাৰ প্ৰয়াস।" ৱিকিপিডিয়াৰ লক্ষ্য হৈছে সকলোৱে বিনামূলীয়াকৈ পাবপৰাকৈ জ্ঞানৰ বিতৰণ।

ৱিকি মানে কি?[সম্পাদনা কৰক]

সাধাৰণতে যিকোনো ৱেবচাইটত লিখিবলৈ আমাক কাৰিকৰী জ্ঞান আৰু ইয়াৰ মালিকৰ অনুমতিৰ প্ৰয়োজন হয়। ৱিকি চফ্টৱেৰৰ সহায়ত আমি এনে বাধ্যবাধকতা আৰু কাৰিকৰী জ্ঞান নোহোৱাকৈ মুক্তভাৱে লিখিব, সলনি কৰিব বা মচিব পাৰোঁ। সেয়ে, বহুতো মানুহে ইজনে সিজনৰ লগত তাল-মিল ৰাখি সহজে ৱিকিত "সহযোগিতামূলক সম্পাদনা" কৰি ৱেবচাইটৰ সমল (content) লিখি উলিয়াব পাৰে।

১৯৯৪ চনত ৱাৰ্ড কানিংহামে প্ৰথম ৱিকি চফ্টৱেৰ উদ্ভাৱন কৰে। WikiWikiweb নামৰ এই চফ্টৱেৰ ১৯৯৫ চনৰ ২৫ মাৰ্চ তাৰিখৰ পৰা www.c2.com নামৰ এটা ৱেবছাইটত প্ৰথমতে ব্যৱহাৰ কৰা হয়। ৱিকি নামটোও তেখেতেই দিয়া। হনুলুলুৰ এক বিমান বন্দৰত লগপোৱা এজন কৰ্মচাৰীৰ মুখত তেখেতে প্ৰথম "ৱিকি ৱিকি" শব্দটো শুনিছিল। হাৱাইৰ ভাষাত ৱিকি ৱিকি মানে হৈছে খৰকৈ বা বেগ

ৱিকি আৰু ৱিকিপিডিয়া একে নেকি?[সম্পাদনা কৰক]

নহয়। ৱিকি হৈছে "সহযোগিতামূলক সম্পাদনা" কৰি লিখিব পৰাৰ ব্যৱস্থা থকা ৱেবচাইট চফ্টৱেৰ। "ৱিকিপিডিয়া"ই নিজৰ ৱেবচাইটৰ কাৰণে "মিডিয়াৱিকি" নামৰ ৱিকি চফ্টৱেৰ ব্যৱহাৰ কৰে। এনে বিভিন্ন ৱিকি চফ্টৱেৰ ব্যৱহাৰ কৰা অগণন ৱিকি ৱেবচাইটৰ ভিতৰত ৱিকিপিডিয়াই সকলোতকৈ জনপ্ৰিয় আৰু তথ্যসমৃদ্ধ ৱেবছাইট।

ৱিকিপিডিয়াৰ ইতিহাস[সম্পাদনা কৰক]

সকলোৱে লিখিব পৰা বিশ্বকোষৰ ধাৰণাটো প্ৰথমে আগবঢ়াইছিল ৰিক গেট্‌চ-এ। কিন্তু ই আঁচনি স্তৰতকৈ বেছি আগ নাবাঢ়িল। অন্য এটা উদাহৰণ হৈছে "ন্যুপিডিয়া"। জিমী ৱেল্‌চ আৰু লেৰী ছেংগাৰ-এ ইয়াক আৰম্ভ কৰিছিল। প্ৰবন্ধসমূহৰ গুণগত মানত অত্যন্ত গুৰুত্ব আৰোপ কৰা হৈছিল বাবে ইয়াৰ কাম লাহে-লাহেহে আগবাঢ়িছিল। গতিকে কামৰ বেগ বঢ়োৱাৰ উদ্দেশ্যে জিমী আৰু চেংগাৰে সকলোৱে লিখিব বা সম্পাদনা কৰিব পৰাকৈ ৱিকিপিডিয়া বিশ্বকোষ প্ৰকল্প আৰম্ভ কৰিলে। অচিৰেই ৱিকিপিডিয়াৰ বেগে তথ্যসংগ্ৰহ আৰু জনপ্ৰিয়তাত ন্যুপিডিয়াক চেৰ পেলাই গ'ল। আজি ৱিকিপিডিয়াক আনকি "বিশ্বকোষ" শব্দৰ সমাৰ্থক শব্দ হিচাপেও ব্যৱহাৰ কৰা হয়।

বৰ্তমান ৱিকিমিডিয়া ফাউণ্ডেশ্যন সংস্থানে ৱিকিপিডিয়া পৰিচালনা কৰে। (http://wikimediafoundation.com)

ভাৰত চৰকাৰ বা অসম চৰকাৰে এই প্ৰকল্পক মান্যতা দিছে নেকি?[সম্পাদনা কৰক]

ৱিকিপিডিয়া অব্যৱসায়ীক প্ৰতিষ্ঠান ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ দ্বাৰা পৰিচালিত। ফাউণ্ডেশ্যন কোনো চৰকাৰ বা চৰকাৰী পৃষ্ঠপোষকতাপ্ৰাপ্ত নহয়। ইয়াক চলাবলৈ প্ৰয়োজনীয় অৰ্থ দান-বৰঙণিৰ পৰা পোৱা যায়। অৱশ্যে ৱিকিপিডিয়াৰ উপযোগিতালৈ লক্ষ্য ৰাখি কিছুমান চৰকাৰী আৰু ৰাজহুৱাখণ্ডৰ প্ৰতিষ্ঠানে ইয়ালৈ দান-বৰঙণি আগবঢ়াইছে।

ৱিকিপিডিয়াত কোনে প্ৰবন্ধ লিখে?[সম্পাদনা কৰক]

ৱিকিপিডিয়াৰ প্ৰায় সকলো প্ৰবন্ধ‌ই একাধিক স্বেচ্ছাসেৱকৰ কষ্টৰ ফচল। প্ৰবন্ধ এটাৰ ওপৰত থকা "ইতিহাস চাওক" টেব্‌টোত ক্লিক কৰিলে কোনে কেতিয়া কি সম্পাদনা কৰিছিল সেয়া এখন তালিকাত ওলাই পৰিব।

ৱিকিপিডিয়ালৈ কোনে বৰঙণি আগবঢ়াব পাৰে?[সম্পাদনা কৰক]

জাতি, সংস্কৃতি, অৰ্হতা নিৰ্বিশেষে জ্ঞানৰ প্ৰতি ধাউতি থকা সকলো মানুহেই ৱিকিপিডিয়ালৈ বৰঙণি আগবঢ়াব পাৰে, লাগিলে তেওঁ পঢ়াশলীয়া ছাত্ৰ, পূৰ্বৰ সৈনিক, শিক্ষক, খেতিয়ক, গৃহিণী, ছফ্টৱেৰ বিশেষজ্ঞ, চৰকাৰী চাকৰিয়ালেই হওক। জ্ঞান বিলাবলৈ আগ্ৰহ কৰা সকলো মানুহেই ৱিকিপিডিয়াত মিলিত হৈছে আৰু জ্ঞানৰ আদান-প্ৰদানেৰে বৰ্তমান বা ভৱিষ্যত প্ৰজন্মলৈ এক সুন্দৰ উপহাৰ আগবঢ়াইছে। ৱিকিপিডিয়াত লিখা বা প্ৰবন্ধত হাত ফুৰোৱা ব্যক্তিসকলক একো একোজন "সম্পাদক" (Editor) বোলা হয়।

মই লিখিব খোজা বিষয়টোৰ ওপৰত মোৰ সবিশেষ জ্ঞান থকাটো প্ৰয়োজনীয় নেকি?[সম্পাদনা কৰক]

এইটো ৱিকিপিডিয়া সম্পৰ্কে মানুহৰ এটা ভুল ধাৰণা আৰু তালৈ অৱদান আগবঢ়োৱাৰ বাবে দ্বিধাবোধ কৰাৰ এক প্ৰধান কাৰণ। ৱিকিপিডিয়াত লিখিবলৈ আপুনি কোনো বিষয়ৰে বিশেষজ্ঞ হোৱাৰ প্ৰয়োজন নাই। প্ৰতিটো প্ৰবন্ধৰ আঁৰত বিভিন্ন ঠাইৰ বিভিন্ন অৰ্হতা থকা অৱদানকাৰীৰ হাত আছে।

উদাহৰণস্বৰূপে ধৰা হওক যে শিৱসাগৰৰ এজন পঢ়াশলীয়া ছাত্ৰই কম্পিউটাৰৰ ওপৰত লিখিব খুজিছে। তেওঁৰ সীমিত জ্ঞানেৰে কম্পিউটাৰ কি বস্তু তাৰ ওপৰত কেৱল এটা অনুচ্ছেদহে লিখিব পাৰিলে। কিছুদিন পিছত গুৱাহাটীৰ এজন কাৰিকৰী বিদ্যাৰ ছাত্ৰই প্ৰবন্ধটো দেখি তাত পাঠ্যপুথিৰ পৰা অলপ কথা যোগ দিলে। তাৰ কিছুদিন পিছত বেংগালুৰুত চাকৰি কৰি থকা অসমীয়া তথ্য-প্ৰযুক্তিবিদ এজনে প্ৰবন্ধটোত কাৰিকৰী খুঁতি-নাটিৰ লগতে কেইখনমান চিত্ৰ যোগ কৰিলে। এনেকৈ বিভিন্নজনৰ অৱদানেৰে লাহে লাহে প্ৰবন্ধটো ৱিকিপিডিয়াৰ এটা উত্‍কৃষ্ট প্ৰবন্ধলৈ ৰূপান্তৰিত হ'ল। ৱিকিপিডিয়াৰ প্ৰত্যেক প্ৰবন্ধৰ আঁৰত একেধৰণৰ প্ৰক্ৰিয়া লুকাই আছে। আপুনিও ইয়াৰ সহযোগী হ'ব পাৰে। আপুনি নতুন প্ৰবন্ধ যোগ দিব পাৰে বা আগতে থকা প্ৰবন্ধ উন্নত কৰিব পাৰে। নতুন প্ৰবন্ধ যোগ দিয়াৰ এটা সহজ উপায় হৈছে আন ভাষাৰ ৱিকিপিডিয়াত নিৰ্দিষ্ট বিষয়টো বিচাৰি লৈ তাৰ পৰা অসমীয়ালৈ অনুবাদ কৰা।

ৱিকিপিডিয়াত কি লিখিব লাগে বা নালাগে তাৰ কোনো নিৰ্দেশনা আছে নেকি?[সম্পাদনা কৰক]

আপুনি ৱিকিপিডিয়াত যিকোনো বিষয়ৰ ওপৰত প্ৰবন্ধ লিখিব পাৰে, মাত্ৰ ই বিশ্বকোষত অন্তৰ্ভুক্ত হোৱাৰ উপযুক্ত হ'ব লাগিব। ৱিকিপিডিয়াত সন্নিবিষ্ট হ'ব পৰা বিষয় আৰু তাৰ লিখাৰ ধৰণৰ ওপৰত কেতবোৰ নীতি-নিৰ্দেশনা আছে। সবিশেষ জানিবলৈ ৱিকিপিডিয়া:ৱিকিপিডিয়া কি নহয় পৃষ্ঠাটো চাব পাৰে।

ৱিকিপিডিয়াত মই সৃষ্টি কৰা প্ৰবন্ধটো অনেকে সম্পাদনা কৰিলে। কিয় এনে হ'ল?[সম্পাদনা কৰক]

ৱিকিপিডিয়াৰ থকা প্ৰবন্ধৰ ওপৰত কোনো এজন মানুহৰে অধিকাৰিতা নাই। ই এক সহযোগিতামূলক প্ৰচেষ্টা আৰু কোনোৱেই প্ৰবন্ধৰ অংশবিশেষ বা গোটেইটোৰ ওপৰত হস্তক্ষেপ কৰিব নালাগে। প্ৰবন্ধ সংশোধন, যোগ বা বিলোপ কৰা হ'ব পাৰে। যদি কোনো সদস্যই কৰা সালসলনি ৱিকিপিডিয়াৰ বাবে গ্ৰহণযোগ্য নহয় বা তাৰ উত্‍স বিশ্বাসযোগ্য নহয়, তেন্তে সেই ক্ষেত্ৰত ৱিকিপিডিয়াৰ কিছু নিজা নীতি আছে। প্ৰবন্ধত আনে হাত ফুৰোৱাৰ বাবে কেতিয়াবা মনোমালিন্য হোৱা দেখা যায়, তেতিয়া আলোচনাৰ মাজেৰে প্ৰবন্ধটোক উপযুক্ত ৰূপ দিব পাৰি।

ইংৰাজীৰ বাহিৰে আন ভাষাত ৱিকিপিডিয়া আছেনে? অসমীয়া বা আন ভাৰতীয় ভাষাত ৱিকিপিডিয়া আছেনে?[সম্পাদনা কৰক]

বৰ্তমানলৈ পৃথিৱীৰ ৩০৪ টা ভাষাত ৱিকিপিডিয়া প্ৰকাশিত হৈছে আৰু ইয়াৰে ২৯৪ টা ভাষাত সক্ৰিয়। অসমীয়া ভাষাটো এখন ৱিকিপিডিয়া আছে। প্ৰথমখন ৱিকিপিডিয়া আছিল ইংৰাজী ভাষাৰ, ২০০১ চনৰ ১৫ জানুৱাৰীত ইয়াৰ আৰম্ভণি হৈছিল। তাৰ দুমাহ পিছত ২০০১ চনৰ মাৰ্চত জাৰ্মান ভাষাত ৱিকিপিডিয়া আৰম্ভ হ'ল। তাৰ পিছত লাহে লাহে ফৰাছী, চীনা, ডাট্‌ছ, হিব্ৰু, ইটালিয়ান, ৰাছিয়ান আদি ভাষাৰ ৱিকিপিডিয়াৰ বিকাশ হ'ল।

প্ৰথম বছৰত কোনো ভাৰতীয় ভাষাৰে নিজা ৱিকিপিডিয়া নাছিল। ২০০২ চনৰ জুন মাহত অসমীয়া, পাঞ্জাবী আৰু উৰিয়া ৱিকিপিডিয়াৰ শুভাৰম্ভ হ'ল। সেই বছৰৰে ডিচেম্বৰত মালায়ালম ৱিকিপিডিয়া আৰম্ভ হ'ল। ২০০৩ চনত ব্যস্ততা আৰু বাঢ়িল। ফেব্ৰুৱাৰীত ভোজপুৰী, মে' মাহত মাৰাঠী, জুনত কন্নড়, জুলাইত হিন্দী, ছেপ্টেম্বৰত তামিল, তেলেগু, গুজৰাটী আৰু পিছৰ বছৰৰ জানুৱাৰীত বাংলা ৱিকিপিডিয়াৰ আৰম্ভণি হ'ল। এতিয়া সংস্কৃত আৰু পালিকে ধৰি ২৪ টা ভাৰতীয় ভাষাত ৱিকিপিডিয়া উপলব্ধ।

২০১৯ চনৰ জুলাইলৈকে ৫৮ লক্ষাধিক প্ৰবন্ধৰে ইংৰাজী ৱিকিপিডিয়াই বৰ্তমান সৰ্ববৃহত্‍ ৱিকিপিডিয়া। অসমীয়া ৱিকিপিডিয়াত একে সময়লৈকে প্ৰায় ৫৬০০ টা প্ৰবন্ধ আছে।

মই ইংৰাজীত পাৰ্গত। অসমীয়া ৱিকিপিডিয়াত মই কিয় লিখিব লাগে?[সম্পাদনা কৰক]

আপুনি ইংৰাজী ভালদৰে জানিব পাৰে, কিন্তু ই নিজৰ মাতৃভাষাক অৱহেলা কৰাৰ কাৰণ হ'ব নালাগে। আপুনি ইংৰাজী ভাষাত নিজৰ দখলেৰে তথ্য গোটাই নিজৰ মাতৃভাষাত পুনৰ প্ৰকাশ কৰিব পাৰে। ইংৰাজী নজনা বা অসমীয়াতে প্ৰবন্ধ পঢ়িবলৈ ভাল পোৱা মানুহৰ বাবে ই অতিকৈ সহায়ক হ'ব।

সাংস্কৃতিক বা ভাষাগত সমস্যাৰ বাবে বহুতো স্থানীয় তথ্যৰ অনুবাদ ইংৰাজী ৱিকিপিডিয়াত ভালকৈ ফুটি নুঠিব পাৰে। তেনে ক্ষেত্ৰত ইংৰাজীলৈ অনুবাদ কৰাৰ সলনি সেইবোৰ স্থানীয় ভাষাতে প্ৰকাশ কৰা ভাল। ইংৰাজীত থাকিলে পঢ়ুৱৈয়ে সেয়া মাতৃভাষালৈ অনুবাদ কৰিলে ভালদৰে বুজাত সহায় হ'ব। কোনো কোনো ক্ষেত্ৰত ইংৰাজীলৈ কৰা অনুবাদ অতি বিদ্যায়তনিক আৰু তেতিয়া বহুতো কথা সাধাৰণ মানুহৰ পৰা লুকাই পৰে।

বহুতো ভাৰতীয় বা অসমীয়া ইংৰাজী ভাষাত পাৰ্গত নহয়, কিন্তু মাতৃভাষা কম-বেছি সকলোৱেই জানে। ইংৰাজী ভাষা নজনাৰ বাবেই মানুহক জ্ঞান লভিবলৈ সুযোগ নিদিয়াটো ভুল কথা হ'ব।

মই অসমীয়া ৱিকিপিডিয়াত লিখিবলৈ বিচাৰিছোঁ। কিন্তু মই অসমীয়া টাইপ কৰিব নাজানো। কি কৰিম?[সম্পাদনা কৰক]

অসমীয়া ৱিকিপিডিয়াত টাইপ কৰিবলৈ বহুতো উপায় আছে। বাহিৰা সঁজুলিৰ সহায় নোহোৱাকৈ অসমীয়া ৱিকিপিডিয়াত লিখিবৰ বাবে এটা অন্তৰ্ৱৰ্তী সঁজুলি সন্নিবিষ্ট কৰা হৈছে। বৰ্তমান ইয়াত 'প্ৰতিৰূপন্তৰণ', 'অভ্ৰ', 'বৰ্ণনা' আৰু 'অসমীয়া ইন্‌স্ক্ৰিপ্ট' আৰু 'ৰ'দালি'ৰে টাইপিঙৰ সুবিধা আছে। তাৰ বাহিৰেও আপুনি ইণ্টাৰনেটত উপলব্ধ বাহিৰা টাইপিং সঁজুলি ব্যৱহাৰ কৰিব পাৰে। অধিক তথ্যৰ বাবে অসমীয়া ৱিকিপিডিয়াৰ "সহায়:Assamese script display and Input help" পৃষ্ঠাখনৰ শেষ অংশ চাব পাৰে।

মই ৱিকিপিডিয়াত কিয় প্ৰবন্ধ লিখিব লাগে? মোৰ কি লাভ হ'ব?[সম্পাদনা কৰক]

আমি বিভিন্ন সময়ত বিভিন্ন সূত্ৰৰ পৰা নানা জ্ঞান লাভ কৰোঁ। সেইবোৰ হেৰাই যাবলৈ নিদি ভালদৰে সাঁচি থোৱাটো আৰু আনৰ মাজত বিতৰণ কৰাটো এক সামাজিক দায়িত্ব। সঞ্চয় কৰি নোথোৱাৰ দোষতে বহু মূল্যৱান তথ্য হেৰাই যায়। ৱিকিপিডিয়াৰ যোগেদি আমাৰ একত্ৰিত জ্ঞান সমাজলৈ মুকলি কৰি দি আমি উত্তৰ-প্ৰজন্মৰ বাবে আমাৰ স্বাভাৱিক দায়িত্ব পালন কৰিছোঁ।

জ্ঞান বিলাই দিয়াৰ তৃপ্তিয়েই এজন ৱিকিপিডিয়াৰ বাবে বঁটাস্বৰূপ। বিলালে জ্ঞান নকমে, বাঢ়িহে যায়। আমাৰ পূৰ্বজে ৰাখি থৈ যোৱা জ্ঞানৰ পোহৰেৰে আমি জানো ধনী হোৱা নাই? ইণ্টাৰনেটৰ আন যিকোনো ৱেবচাইটৰ বিপৰীতে অসমীয়া ৱিকিপিডিয়াত সম্পাদকসকলে নিজৰ নিজৰ ভালপোৱা বিষয়ৰ তথ্য সময় অনুসৰি সলনি আৰু সম্পূৰ্ণ কৰি ৰাখে। ৱিকিপিডিয়াৰ লেখকসকলে সদায় কৈ আহিছে যে কোনো বিষয় ওপৰত লিখাৰ সময়ত সেইটো খৰচি মাৰি পঢ়াৰ বাবে তেওঁলোকৰ নিজৰো লাভ হয়। আপোনাৰ প্ৰবন্ধটোত অধিক অৰ্হতাবিশিষ্ট আন ব্যক্তিয়ে হাত ফুৰোৱাৰ ফলত বিষয়টো অধিক স্পষ্ট হৈ উঠে। লগতে আপুনি ভাল পোৱা বিষয়ৰ ওপৰত আন ৱিকিপিডিয়ানৰ সৈতে হোৱা কথা-বতৰাইও আপোনাক জ্ঞানৰ নতুন নতুন দিগন্ত মুকলি কৰাত সহায় কৰিব।

ইয়াৰ উপৰি বিশ্বৰ যিকোনো ঠাইতে উপলব্ধ হোৱাকৈ ইণ্টাৰনেটত অসমীয়া ভাষাৰ সমল বৃদ্ধি কৰাৰ ক্ষেত্ৰত অসমীয়া ৱিকিপিডিয়াৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ৷ শেহতীয়াকৈ ৱিকিপিডিয়াত অসমীয়া ভাষাত তথ্য বৃদ্ধি পোৱাৰ লগে লগে বিভিন্ন চাৰ্ছ ইঞ্জিনসমূ্হত অসমীয়া ভাষাত তথ্য পাব পৰা হৈছে৷ গতিকে আপুনি যদি দৈনন্দিন ব্যস্ততাৰ মাজতো অসমীয়া ভাষা-সংস্কৃতিৰ উন্নতিৰ বাবে সাধ্যানুসৰি কিছু অৱদান আগবঢ়াব খোজে, তেন্তে তাৰ বাবে অসমীয়া ৱিকিপিডিয়া এক সঠিক আৰু উপযুক্ত মাধ্যম হ’ব পাৰে।

ৱিকিপিডিয়াত লিখাৰ বাবে মই কিবা মাননি পাম নেকি?[সম্পাদনা কৰক]

ৱিকিপিডিয়ালৈ বৰঙণি আগবঢ়োৱাৰ বাবদ আপুনি কোনোধৰণৰ মাননি লাভ নকৰে। ই এক জ্ঞানৰ আদান-প্ৰদানৰ ক্ষেত্ৰহে। সময়ে পাহৰাই দিব পৰা জ্ঞান বা তথ্য আনৰ মাজত বিলাই দিবলৈ আৰু তাৰ লগতে নিজৰো জ্ঞানৰ পৰিসৰ বৃদ্ধি কৰিবলৈ ৱিকিপিডিয়াই আপোনাক সহায় কৰিব। ৱিকিপিডিয়াৰ এজন সদস্যই কোৱা অনুসৰি "জীৱনত কিছুমান এনে কাম কৰা হয় যাক মূল্যৰে জুখিব নোৱাৰি।" ইণ্টাৰনেটৰ যুগত অসমীয়া ভাষাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে অসমীয়া ৱিকিপিডিয়াৰ স্বেচ্ছাসেৱকসকলে মাননিৰ বাঞ্ছা নকৰাকৈ নীৰৱে বৰঙণি আগবঢ়াই আহিছে।

অৱশ্যে সময়ে সময়ে অনুষ্ঠিত হোৱা ৱিকিপিডিয়াৰ প্ৰতিযোগিতাসমূহত অংশগ্ৰহণ কৰি বিজয়ী হ'লে নানা পুৰস্কাৰ আগবঢ়োৱা হয়।

অসমীয়া ৱিকিপিডিয়াৰ ইতিহাসৰ বিষয়ে অলপ ক'ব পাৰিবনে?[সম্পাদনা কৰক]

এই শতিকাৰ প্ৰথম দশকৰ আৰম্ভণিৰ বছৰকেইটাত অসমীয়া টাইপিং সজুঁলি আৰু পদ্ধতি সহজলভ্য নাছিল। গতিকে ২০০২ চনৰ ২ জুনত অসমীয়া ৱিকিপিডিয়া মুকলি কৰা হোৱাৰ পিছতো ইয়াৰ কাম অলপো আগবঢ়া নাছিল। তাৰ কিছুবছৰ পিছত যেতিয়া প্ৰতিটো আখৰ বা সংখ্যাক এক অদ্বিতীয় চিহ্ন প্ৰদান কৰা পদ্ধতি বা "ইউনিক'ড" জনপ্ৰিয় হ'বলৈ ধৰিলে তেতিয়াৰ পৰাহে অসমীয়া ৱিকিপিডিয়াৰ প্ৰকৃত কাম-কাজ আৰম্ভ হ'ল।

২০০৬ চনত চেপ্টেম্বৰত অসমীয়া ৱিকিপিডিয়াৰ প্ৰথম কেইগৰাকী প্ৰশাসকৰ উদ্যোগত বেটুপাতৰ লগতে আন আন মূল পৃষ্ঠাসমূহ সাজি উলিওৱা হয়। ২০০৭ চনৰ ১২ মে'ত অসমীয়া ৱিকিপিডিয়াৰ প্ৰবন্ধ সংখ্যা ১০০টা হয়।

তাৰ পিছত অসমীয়া ৱিকিপিডিয়াৰ প্ৰতি মানুহৰ আগ্ৰহৰ অভাৱত দীৰ্ঘ সময় ধৰি কাম-কাজৰ গতি স্থবিৰ হৈ পৰে। সামাজিক যোগাযোগৰ মাধ্যম ফেইচবুকত অসমীয়া ৱিকিপিডিয়াৰ গোট এটাও মুকলি কৰা হয়। ছেগোছেৰোকাকৈ দুই-একে প্ৰবন্ধ লিখি থকাৰ ফলত ২০১০ চনৰ ফেব্ৰুৱাৰীত প্ৰবন্ধ সংখ্যা ২৫০ হয়। সেই সময়তে ভাৰতীয় ৱিকি প্ৰকল্পসমূহৰ উন্নয়নৰ বাবে খাটি থকা অনা-অসমীয়া ৱিকিপিডিয়ান এজনৰ প্ৰচেষ্টাত অসমীয়া ৱিকিপিডিয়া পুনৰ সক্ৰিয় হৈ পৰে। সহায় পৃষ্ঠা আৰু দৰকাৰী সাঁচসমূহৰ কাম-কাজো আৰম্ভ হয়।

২০১২ চনৰ ৭ জানুৱাৰীত অসমীয়া ৱিকিপিডিয়াৰ প্ৰবন্ধ সংখ্যা ১০০০টা হয়। ২০১২ চনৰ জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহত ক্ৰমে গুৱাহাটী আৰু তেজপুৰত দুখন ৱিকিপিডিয়া কৰ্মশালা অনুষ্ঠিত হয়। ২০১২ চনৰ জুন মাহত অসমীয়া ৱিকিপিডিয়াৰ দশম বৰ্ষপূৰ্তী অনুষ্ঠান উদ্‌যাপন কৰা হয়। অক্টোবৰ মাহত "অসমীয়া ৱিকিপিডিয়া শিক্ষা প্ৰকল্প"ৰ শুভাৰম্ভ কৰা হয়। শেহতীয়াকৈ সক্ৰিয় ব্যৱহাৰকাৰীৰ সংখ্যা লাহে-লাহে বাঢ়ি আহিছে আৰু ন-ন সদস্যই এই কামত যোগ দিছে।

ৱিকিপিডিয়াৰ বাহিৰে আন কি কি ৱিকি প্ৰকল্প আছে?[সম্পাদনা কৰক]

মুক্ত ইণ্টাৰনেট বিশ্বকোষ ৱিকিপিডিয়াৰ অপাৰ সফলতাৰ পাছত ৱিকিমিডিয়া ফাউণ্ডেশ্যনে আন আন জ্ঞানদায়ী প্ৰকল্প আৰম্ভ কৰিবলৈ মন মেলিলে। তাৰে কিছুমান হৈছে- এখন বহুভাষিক মুক্ত অভিধান "ৱিক্সনেৰী" (Wiktionary), ৰাজহুৱা প্ৰান্ত আৰু বিনামূলীয়া অনুজ্ঞাপত্ৰ থকা গ্ৰন্থ সাঁচি ৰখা স্থান "ৱিকিচ'ৰ্ছ" (Wikisource), বিনামূলীয়া বিষয়বস্তুৰ পাঠ্যপুথিৰ স্থান "ৱিকিবুক্‌ছ" (Wikibooks), সহযোগিতামূলক সাংবাদিকতাৰে মুক্ত উত্‍সৰ বা-বাতৰিৰ ক্ষেত্ৰ "ৱিকিনিউজ" (Wikinews), বিভিন্ন বিখ্যাত উক্তিৰ সংগ্ৰহ "ৱিকিকোৱ'ট" (Wikiquote), অনলাইন মাল্টিমিডিয়া ফাইলৰ ভঁৰাল "কমন্স" (Commons) আদি।

ইয়াৰ ভিতৰত "ৱিকিঅভিধান" (Wiktionary) আৰু "ৱিকিউদ্ধৃতি" (Wikiquote) অসমীয়াত ভাষাত আৰম্ভ কৰা হৈছিল যদিও দীৰ্ঘসময়ৰ নিক্ৰিয়তাৰ বাবে সেইবোৰ এতিয়া বন্ধ কৰি ৰখা হৈছে। ২০১৩ চনৰ জানুৱাৰীত অসমীয়া "ৱিকিউৎস"ই (Wikisource) নিজা উপ-ডমেইন লাভ কৰিছে।

ইংৰাজী ৱিকি প্ৰকল্প থকাৰ পিছত অসমীয়া ৱিকি প্ৰকল্পৰ গুৰুত্ব কি?[সম্পাদনা কৰক]

ৱিকিমিডিয়া ফাউণ্ডেশ্যন বা ৱিকিপিডিয়াৰ উদ্দেশ্য হৈছে জ্ঞানৰ উত্‍স মুকলি কৰা আৰু সকলোৰে মাজত বিলাই দিয়া। ইয়াৰ লগতে অসমীয়া ৱিকিপিডিয়াৰ আন এক উদ্দেশ্য হৈছে চাইবাৰ যুগত অসমীয়া ভাষা জীয়াই ৰখা আৰু ইণ্টাৰনেটত অসমীয়া ভাষাৰ সমল বৃদ্ধি কৰা।

এই যুগত শিক্ষা ব্যৱস্থা ছাত্ৰ-প্ৰধান আৰু পৰীক্ষা-ভিত্তিক হৈ পৰিছে বাবে মূল পাঠ্যপুথিৰ বাহিৰেও জ্ঞানৰ পৰিসৰ বৃদ্ধি কৰাটো দৰকাৰী হৈ পৰিছে। বিদ্যালয় আৰু ঘৰত ইণ্টাৰনেট উপলব্ধ হৈ অহাৰ লগে লগে ল'ৰা-ছোৱালীয়ে অসমীয়া ৱিকিপিডিয়াৰ সুবিধা গ্ৰহণ কৰিব পাৰিব। বিজ্ঞান, জীৱনী, ভাষা আদি বিভিন্ন বিষয়ৰ প্ৰবন্ধ অসমীয়া ৱিকিপিডিয়াত আছে। তাৰোপৰি আজিকালি সহজতে ইণ্টাৰনেটত নজনা কথা এটা বিচাৰি চোৱাৰ অভ্যাসক অসমীয়া ৱিকিপিডিয়াই সহায় কৰিব পাৰিব। গুগল বা বিঙৰ দৰে চাৰ্ছ ইঞ্জিনসমূহত কিবা এটা বিষয় সন্ধান কৰিলে সাধাৰণতে ৱিকিপিডিয়াৰ প্ৰবন্ধটোকে প্ৰথমে দেখুওৱা হয়। প্ৰবন্ধ সংখ্যা বাঢ়ি অহাৰ লগে লগে বৃহত্‍ কলেৱৰৰ বিশ্বকোষ কিতাপতকৈ এই মুক্ত ইণ্টাৰনেট বিশ্বকোষৰ গুৰুত্ব বাঢ়ি আহিব বুলি আশা কৰা হৈছে।

অসমীয়া ৱিকিপিডিয়ালৈ বৰঙণি আগবঢ়াই আপুনি নিজৰ লগতে আনৰো জ্ঞান বৃদ্ধি কৰাৰ সুযোগ লাভ কৰিছে। তাৰ লগতে অসমীয়া ভাষাৰ বিকাশ আৰু উন্নয়নতো ই অৰিহণা যোগাব।

মই ৱিকিপিডিয়াত থকা ভুল তথ্যৰ ওপৰত প্ৰবন্ধ এটা লিখিব খুজিছোঁ। ৱিকিপিডিয়াৰ সম্পাদকসকলে সেই বিষয়ে বা কি কয়?[সম্পাদনা কৰক]

ৱিকিপিডিয়াক আন পৰম্পৰাগত জ্ঞানৰ উত্‍সৰ লগত তুলনা কৰিলে এই সমস্যা আহিব পাৰে। পৰম্পৰাগত জ্ঞানৰ উত্‍সত (যেনে বাতৰি কাকত, কিতাপ, ব্ল'গ, দূৰদৰ্শন আদি) তথ্যৰ ত্ৰুটি শুধৰাবলৈ সুবিধা পোৱা নাযায় আৰু কেতিয়াবা সেইবোৰ আঙুলিয়াই দিবলৈ সঠিক ব্যক্তিও পোৱা নাযায়। ৱিকিপিডিয়াৰ পাৰ্থক্য এইটোৱেই যে ই মুক্ত আৰু সকলোৱে ইয়াক সম্পাদনা কৰিব পাৰে। ৱিকিপিডিয়াই আপোনাৰ চকুত পৰা যিকোনো ভুল শুধৰাবলৈ অধিকাৰ প্ৰদান কৰে। গতিকে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি তথ্যগত ভুল শুদ্ধ কৰাটো সকলো সদস্যৰে দায়িত্ব।

ৱিকিপিডিয়াত থকা তথ্যৰ ভুলৰ ওপৰত প্ৰবন্ধ এটা লিখাতকৈ সেই ভুল নিজে শুদ্ধ কৰাটো অধিক সহজ। কোনো প্ৰবন্ধ আৰম্ভণিতে নিখুঁত নহয় আৰু বহুজনৰ সংশোধনৰ পিছতহে লাহে লাহে ই পূৰ্ণাঙ্গ ৰূপ পায়; এইটো ৱিকিপিডিয়াৰ নিয়ম বুলিয়েই ক'ব পাৰি। গতিকে আমাৰ মত আৰু বিনম্ৰ অনুৰোধ এই যে আপুনি ৱিকিপিডিয়াত ভুল তথ্যৰ ওপৰত প্ৰবন্ধ এটা লিখি আন ঠাইত ছপা কৰাতকৈ ৱিকিপিডিয়াত যোগদান কৰক আৰু চকুত পৰা ভুলবোৰ শুধৰাওক। আপুনি এনে নকৰিলেও আপোনাৰ প্ৰবন্ধটো কোনো ৱিকিপিডিয়ানে পঢ়াৰ পাঁচ মিনিটমান পিছতেই তথ্যখিনি শুদ্ধ কৰিব আৰু আপোনাৰ প্ৰবন্ধটো মূল্যহীন হৈ পৰিব।

ৱিকিপিডিয়াৰ সুবিধা আৰু অসুবিধাসমূহ কি?[সম্পাদনা কৰক]

ৱিকিপিডিয়াৰ প্ৰবন্ধসমূহ বহু স্বেচ্ছাসেৱকে লিখি উলিয়ায়। তাৰে কিছুমানৰ জ্ঞান বেছি থাকিব পাৰে, কিছুমানৰ ভাষাৰ দখল হয়তো বেছি, কিছুমান প্ৰুফ চোৱাত ভাল, কোনো কোনো কাৰিকৰী কামত পাৰ্গত হ'ব পাৰে। এই সকলোৱে একেলগে কাম কৰিলেহে প্ৰবন্ধ এটাই নিখুঁত ৰূপ পায়।

বেছিভাগ অৱদানকাৰীয়েই ভাল উদ্দেশ্য এটা মনত লৈ ৱিকিপিডিয়াত যোগ দিছে। কিন্তু তাৰে ভিতৰত কিছুমান বেয়া উদ্দেশ্য পুহি ৰখা লোক থাকিব পাৰে। ৱিকিপিডিয়াৰ নীতি হৈছে সত্যাপনযোগ্য তথ্যসূত্ৰৰে জ্ঞানৰ আদান-প্ৰদান কৰা। যিকোনো লোকে সম্পাদনা কৰিব পৰা ৱিকিপিডিয়াৰ সুবিধাৰ গইনা লৈ বেয়া বা পৰীক্ষামূলক কাম কৰা মনোবৃত্তিৰ লোকে প্ৰবন্ধৰ গুণাগত মান হ্ৰাস কৰিব পাৰে বা বিশ্বকোষ এখনত থাকিবনলগীয়া প্ৰবন্ধ যোগ দিব পাৰে। কিন্তু এনে সালসলনি স্থায়ী নহয়, কাৰণ আন সক্ৰিয় সদস্যৰ চকুত পৰাৰ লগে লগেই ভুল তথ্যৰ শুধৰণি কৰা হয় বা নিৰ্দিষ্ট পৃষ্ঠাটো আঁতৰাই দিয়া হয়।

চিকিৎসা, আইন, বিত্তীয়, সুৰক্ষা আদি ক্ষেত্ৰত ৱিকিপিডিয়া নিৰ্ভৰযোগ্য নে?[সম্পাদনা কৰক]

এটা শব্দত ক'বলৈ গ'লে "নহয়"। চিকিৎসা, আইন, বিত্তীয়, সুৰক্ষা আদি অতি জৰুৰী ক্ষেত্ৰত সেই ক্ষেত্ৰৰ বিশেষজ্ঞজনৰ পৰামৰ্শ লোৱাটোহে যুগুত। ৱিকিপিডিয়াত মূল্যবান আৰু সঠিক তথ্য যে নাপাব তেনেও নহয়। কিন্তু ৱিকিপিডিয়াই ইয়াত থকা তথ্যৰ বৈধতাৰ নিশ্চয়তা প্ৰদান নকৰে। তেনে প্ৰবন্ধৰ সমলত সন্মতি প্ৰদান নকৰা কোনো লোকে শেহতীয়াকৈ সেয়া সলাই দিব পাৰে বা মচি পেলাব পাৰে।

অসমীয়াত কি কি ৱিকি প্ৰকল্প সক্ৰিয় হৈ আছে ?[সম্পাদনা কৰক]

  • ৱিকিপিডিয়া [1]
  • ৱিকিউৎস [2]

ওপৰত ৱিকিপিডিয়াৰ বিষয়েই অধিক আলোচনা কৰা হৈছে।

"ৱিকিঅভিধান" কিছুবছৰ আগতে আৰম্ভ কৰা হৈছিল যদিও দীৰ্ঘসময়ৰ নিষ্ক্ৰিয়তাৰ বাবে ইয়াক বন্ধ কৰি ৰখা হৈছে।

ৱিকিপিডিয়াত লিখা বা সম্পাদনাৰ ক্ষেত্ৰত মোৰ খোকোজা লাগিলে কাৰ লগত যোগাযোগ কৰিম?[সম্পাদনা কৰক]

অসমীয়া ৱিকিপিডিয়াৰ সহায় পৃষ্ঠাসমূহত বেছিভাগ প্ৰশ্নৰে উত্তৰ দিয়া হৈছে। ৱিকিপিডিয়া:সাহায্য কেন্দ্ৰত ৱিকিপিডিয়াৰ ব্যৱহাৰ বা সম্পাদনা সম্পৰ্কীয় প্ৰশ্ন সুধিব পাৰে। ইয়াৰ লগতে আপুনি যিকোনো এজন সক্ৰিয় অসমীয়া ৱিকিপিডিয়ানক বাৰ্তা বা ই-মেইল পঠিয়াব পাৰে। সামাজিক যোগাযোগৰ মাধ্যমসমূহতো অভিজ্ঞ সদস্যসকল আপোনাৰ যিকোনো প্ৰশ্নৰ উত্তৰ দিবলৈ সাজু।

মই ইংৰাজী ৱিকিপিডিয়াত এটা লগ্‌ইন আই.ডি. সৃষ্টি কৰিছিলোঁ। অসমীয়া ৱিকিপিডিয়াতো একেটা আই.ডি. ব্যৱহাৰ কৰিব পাৰিমনে?[সম্পাদনা কৰক]

হয়। সকলো ৱিকিমিডিয়া প্ৰকল্পৰ বাবে আপোনাৰ এটা একাউণ্টেই যথেষ্ট।

ৱিকি প্ৰকল্পৰ বিষয়ে আলোচনা কৰিবলৈ ৱিকিপিডিয়াৰ বাহিৰত কোনো গোট আছে নেকি?[সম্পাদনা কৰক]

হয়। সামাজিক যোগাযোগৰ মাধ্যম ফেইচবুকত অসমীয়া ৱিকিপিডিয়াৰ বিষয়ে আলোচনা কৰিবলৈ Assamese Wikipedia Community নামৰ এটা গোট আৰু অসমীয়া ৱিকিপিডিয়া নামৰ এটা পৃষ্ঠা খোলা হৈছে। তাত আপুনি সক্ৰিয় ৱিকিপিডিয়ানসকলৰ লগত কথা পাতিব পাৰিব। ইয়াৰ উপৰিও অসমীয়া ৱিকিপিডিয়াৰ মেইলিং লিষ্টলৈকো আপুনি বাৰ্তা পঠিয়াব পাৰে। বৰ্তমান টুইটাৰ আৰু ইন্‌ষ্টাগ্ৰামতো অসমীয়া ৱিকিপিডিয়াৰ সংবাদ পাব।