ৱিকিপিডিয়া:স্বয়ংক্ৰিয় পৰীক্ষক

অসমীয়া ৱিকিপিডিয়াৰ পৰা
চমুপথবোৰ:
WP:AUTREV
WP:AUTOREV
স্বয়ংক্ৰিয় পৰীক্ষক আইকন

স্বয়ংক্ৰিয় পৰীক্ষক হৈছে এটা ব্যৱহাৰকাৰী বৈশিষ্ট্য যি নতুন পৃষ্ঠা আৰু সম্পাদনাৰ বাবে পৰীক্ষা বা টহল দিয়াৰ কামৰ বোজা হ্ৰাস কৰে। স্বয়ংক্ৰিয় পৰীক্ষণৰ অধিকাৰ থকা ব্যৱহাৰকাৰীসকলে সৃষ্টি কৰা নতুন পৃষ্ঠাসমূহক মিডিয়াৱিকি চফ্টৱেৰৰ দ্বাৰা স্বয়ংক্ৰিয়ভাৱে পৰীক্ষা কৰা বুলি গণ্য কৰা হয় আৰু নতুন পৃষ্ঠাত হাইলাইট কৰা নহয়। স্বয়ংক্ৰিয় পৰ্যালোচকৰ অধিকাৰ কেৱল সেইসকল ব্যৱহাৰকাৰীকহে প্ৰদান কৰা হয় যাৰ সম্পাদনাৰ ইতিহাসে এই বিশ্বাস প্ৰদৰ্শন কৰে যে তেওঁলোকে প্ৰবন্ধত অবাঞ্চিত বিষয়বস্তু যোগ নাই কৰা, আৰু সঘনাই ৱিকিপিডিয়াত নতুন বিষয়বস্তু যোগ কৰে।

যদি আপুনি নিজৰ বা আন এজন ব্যৱহাৰকাৰীৰ কাৰণে স্বয়ংক্ৰিয় পৰীক্ষক অধিকাৰৰ অনুৰোধ কৰিব বিচাৰে, অনুগ্ৰহ কৰি ৱিকিপিডিয়া:অধিকাৰৰ আবেদন/স্বয়ংক্ৰিয় পৰীক্ষক পৃষ্ঠাৰ নিৰ্দেশনা অনুসৰি আবেদন কৰক। তাৰ পিছত এজন প্ৰশাসকে আপোনাৰ আবেদন বিবেচনা কৰিব আৰু নিজৰ সিদ্ধান্ত প্ৰদান কৰিব।