ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/অক্টোবৰ-২০২৩/উল্লেখনীয় ৱিকিমিডিয়ান

অসমীয়া ৱিকিপিডিয়াৰ পৰা
উল্লেখনীয় ৱিকিমিডিয়ান

প্ৰণৱ জ্যোতি ভূঞা: ২০১১ চনৰ পৰা ৱিকিমিডিয়াৰ সৈতে জড়িত এগৰাকী উৎসাহী আৰু দক্ষ ৱিকিমিডিয়ান। এই ৱিকিমিডিয়ানগৰাকীয়ে এতিয়ালৈকে অসমীয়া ৱিকিপিডিয়াত মুঠ ২,৪৫১টা সম্পাদনা কৰাৰ লগতে ১১৭টা প্ৰবন্ধৰ সৃষ্টি কৰিছে। ৱিকিমিডিয়া কমন্সতো তেওঁ বহুতো মূল্যৱান আলোকচিত্ৰ আপলোডেৰে বৰঙনি আগবঢ়াইছে। অসমীয়া ৱিকিপিডিয়াৰ সম্পাদনা মেলাসমূহত অংশগ্ৰহণ কৰি বিশিষ্ট অৱদান আগবঢ়াইছে। তেওঁৰ এই নিৰৱচ্ছিন্ন অৱদানৰ বাবে অসমীয়া ৱিকিমিডিয়া সমাজে তেওঁক অক্লান্ত কৰ্মী পদক, The Working Man's Barnstar, ফিনিক্স পদক, The Feather Barnstar, এই মাহৰ ৱিকিমিডিয়ান আদি পদকেৰে সন্মানিত কৰিছে। অসমীয়া ৱিকিমিডিয়া সমাজে তেওঁৰ উত্তৰোত্তৰ উন্নতি কামনা কৰিছে।