সমললৈ যাওক

ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/ছেপ্টেম্বৰ-২০১৯/ভাল প্ৰবন্ধ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
কপিলা বাৎসায়ন

সমাজসেৱী, শিল্পী আৰু বিদ্বান পৰিয়ালত জন্ম লাভ কৰা কপিলা বাৎসায়নে সৰুৰে পৰা কাশ্মিৰী চুফী কবিসকল, বৌদ্ধ ধৰ্মপ্ৰচাৰক ভদন্ত আনন্দ কৌশলায়ন, লোকগীতৰ গৱেষক দেবেন্দ্ৰ সত্যাৰ্থী, সাহিত্যিক চন্দ্ৰগুপ্ত বিদ্যালঙ্কাৰ আদি ব্যক্তিসকলৰ সংস্পৰ্শ লাভ কৰিছিল। শৈশৱত তেওঁ মাকৰ পৰা ঘোঁৰা দৌৰোৱা, সাঁতোৰ, চিলাই কৰা, নাও খেলা, কাৰু-চাৰু কলা, সংগীত, নৃত্য আদি বিভিন্ন ক্ষেত্ৰত অনুপ্ৰেৰণা লাভ কৰিছিল। শৈশৱত তেওঁ নৃত্য শিক্ষাৰ পাতনি মেলি মাত্ৰ ষোল্ল বছৰ বয়সতে হিন্দুস্থানী সংগীত আৰু নৃত্য বিদ্যালয় এখনৰ উপাধ্যক্ষ হয়। তেওঁ ভাৰত নাট্যম আৰু ওডিচী নৃত্যৰো প্ৰশিক্ষণ লৈছিল।

১৯৪২ চনত তেওঁ দিল্লীৰ ইন্দ্ৰপ্ৰস্থ বিদ্যালয়ৰ পৰা প্ৰৱেশিকা, ১৯৪৬ চনত দিল্লী বিশ্ববিদ্যালয়ৰ পৰা বি.এ. আৰু ১৯৪৮ চনত দিল্লী বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী বিষয়ত এম.এ. পাছ কৰে। ১৯৮২ চনত তেওঁ বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ পৰা সন্মানীয় ডক্টৰেট ডিগ্ৰী লাভ কৰে। ১৯৮২ চনত সন্মানসূচকভাবে বেনাৰস হিন্দু বিশ্ববিদ্যালয়, ১৯৮৫ চনত ৰবীন্দ্ৰ ভাৰতী বিশ্ববিদ্যালয়, ১৯৮৬ চনত আমেৰিকা মাউন্ট হলিওক মহাবিদ্যালয় আৰু ১৯৮৭ চনত মণিপুৰ বিশ্ববিদ্যালয়ৰ পৰা ডি লিট উপাধি লাভ কৰে।

বিতংকৈ পঢ়ক...