ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/ছেপ্টেম্বৰ-২০২৩/ৱিকিমিডিয়ানৰ মনৰ কথা

অসমীয়া ৱিকিপিডিয়াৰ পৰা

 হায়দৰাবাদ ৱিকি সন্মিলনত যোগদানৰ বাবে স্কলাৰশ্বিপৰ আবেদন কৰোঁতে প্ৰায় নিশ্চিত হৈ আছিলোঁ যে মই নিৰ্বাচিত হ’ম। ভাৰতৰ এখন ঐতিহ্যমণ্ডিত চহৰ হায়দৰাবাদলৈ মই আগতে গৈ পোৱা নাই। সেয়েহে তালৈ যোৱাৰ বাবে মই অধিক আগ্ৰহী হৈ আছিলোঁ। সময়ত স্কলাৰশ্বিপ অনুমোদন হ’ল। দৈনন্দিন জীৱনৰ তিতা-কেঁহাবোৰ আঁতৰাই থৈ এজাক প্ৰিয় মানুহৰ সৈতে চাৰিটা নিশা হায়দৰাবাদত কটাই আহিলোঁ। লৈ আহিলোঁ, কিছু মধুৰ স্মৃতি। অহা-যোৱা, থকা-খোৱা, হাত-খৰচ আদিকে ধৰি প্ৰতিজন অংশগ্ৰহণকাৰীৰ নামত ৱিকিমিডিয়া ফাউণ্ডেচনে যথেষ্ট ধন খৰচ কৰিছিল। কোনো প্ৰাপ্তিৰ আশা নকৰি ৱিকি স্বেচ্ছাসেৱকসকলে যি বৰঙণি আগবঢ়াই থাকে, এয়া তাৰেই যেন এক সামান্য স্বীকৃতি; এনে দৃষ্টিভংগীৰে আয়োজক কমিটিয়ে ৰাজকীয় আতিথ্য আগবঢ়াইছিল।

 এজন ৱিকিমিডিয়ান হিচাপে মোৰ দক্ষতা বিকাশত আৰু আত্মবিশ্বাসৰ স্তৰটোৰ উত্তৰণ ঘটোৱাত ২০১৯ চনত গুৱাহাটীত অনুষ্ঠিত হোৱা অসমীয়া ৱিকিউৎস কৰ্মশালা আৰু ২০২০ চনত মুম্বাইত অনুষ্ঠিত হোৱা ট্ৰেইন দ্য ট্ৰেইনাৰ প্ৰ’গ্ৰামৰ বিশেষ ভূমিকা আছিল। এই দুটা অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ আগলৈকে মই বহু সৰু-সুৰা কাৰিকৰী বা নীতি সম্পৰ্কীয় কথা জনা নাছিলোঁ, যদিও তেতিয়ালৈ মই এজন জ্যেষ্ঠ সদস্যৰূপে পৰিগণিত হৈছিলোঁ। তাৰ বিপৰীতে হায়দৰাবাদ সন্মিলন আছিল মোৰ বাবে যেন এক অৱসৰ বিনোদন। অৱশ্যে এয়া সন্মিলনহে আছিল, কোনো কৰ্মশালা নাছিল। মানুহৰ মনটোক উদ্দীপিত কৰাৰ বাবে, অনুপ্ৰাণিত কৰাৰ বাবে এনে ধৰণৰ অনুষ্ঠানৰো নিয়মীয়াকৈ আয়োজন কৰাৰ প্ৰয়োজন আছে।
বাবুল বৈশ্য (বাৰ্তা) 03:02, 1 September 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]