ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/জানুৱাৰী-২০২০/ভাল প্ৰবন্ধ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
পেৰাথাইৰইড গ্ৰন্থি


পেৰাথাইৰইড গ্ৰন্থি (Parathyroid glands) মানুহ আৰু আন চতুৰ্স্পদী প্ৰাণীৰ ডিঙিত থকা সৰু অন্তঃস্ৰাৱী গ্ৰন্থি। মানুহৰ সাধাৰণতে থাইৰইড গ্ৰন্থিৰ পিছফালে চাৰিটা পেৰাথাইৰইড গ্ৰন্থি থাকে। তেজত কেল্‌চিয়ামৰ পৰিমাণ কম হ'লে এই গ্ৰন্থিয়ে পেৰাথাইৰইড হৰম'ন নিঃসৰণ কৰি তেজ আৰু হাড়ত কেল্‌চিয়ামৰ পৰিমাণ নিয়ন্ত্ৰণ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা লয়।

পেৰাথাইৰইড গ্ৰন্থিৰ তেজৰ যোগান, সিৰাৰ পৰিবাহ আৰু লসিকা পৰিবাহ থাইৰইড গ্ৰন্থিৰ সৈতে একেই। বিকাশৰ সময়ত ভ্ৰূণীয় কলাৰ চলাচলৰ বাবে ঊৰ্দ্ধ আৰু নিম্ন গ্ৰন্থিৰ স্থানৰ পৰিৱৰ্তন হ'ব পাৰে।

হাইপাৰপেৰাথাইৰইডিজম আৰু হাইপ'পেৰাথাইৰইডিজম ৰোগত পেৰাথাইৰইড হৰম'ন বাঢ়ি বা কমি তেজৰ কেল্‌চিয়ামৰ তাৰতম্য ঘটাৰ লগতে হাড়ৰো পৰিৱৰ্তন হয়।

পেৰাথাইৰইড গ্ৰন্থিৰ মূল কাৰ্য হৈছে দেহত কেল্‌চিয়াম আৰু ফছ্‌ফেটৰ মাত্ৰা অতি কম পৰিসৰত ঠিক কৰি ৰখা যাতে স্নায়ু আৰু পেশী তন্ত্ৰই ভালদাৰে কাম কৰিব পাৰে। পেৰাথাইৰইড গ্ৰন্থিৰ পৰা ওলোৱা পেৰাথাইৰইড হৰম'নে (PTH) এই কাৰ্য সমাধা কৰে।

বিতংকৈ পঢ়ক...