ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/জানুৱাৰী-২০২০/ৱিকিপিডিয়ানৰ মনৰ কথা

অসমীয়া ৱিকিপিডিয়াৰ পৰা

২০১৯ চনৰ ১১-১৩ অক্টোবৰত পুনেত CIS-A2Kয়ে গোখালে ইনষ্টিটিউট অফ পলিটিক্স এণ্ড ইকন’মিক্সৰ উদ্যোগত তিনিদিনীয়া কাৰ্যসূচীৰে সৈতে সৰ্বভাৰতীয় পৰ্যায়ৰ এখন ৱিকিউৎস কৰ্মশালাৰ আয়োজন কৰিছিল। এই কৰ্মশালাত ভাৰতৰ বিভিন্ন ভাষাৰ ৱিকিউৎসৰ পৰা মুঠ ২১ জন শিকাৰু আৰু ৭জন সমল ব্যক্তিয়ে অংশগ্ৰহণকাৰী কৰিছিল। অসমীয়া ৱিকিউৎসৰ হৈ মই এই কৰ্মশালাত যোগ দিছিলোঁ। অভিজ্ঞ ব্যৱহাৰকাৰীসকলক প্ৰশিক্ষণ দি ৱিকিউৎসত উন্নত মানদণ্ডৰ সমল সৃষ্টি কৰাই কৰ্মশালাখনৰ মূল উদ্দেশ্য আছিল। ইয়াৰ লগতে বিশ্বৰ আগশাৰীৰ ৱিকিউৎসৰ প্ৰসংগ উল্লেখ কৰি ভাৰতীয় ভাষাৰ ৱিকিউৎসই ভৱিষ্যতে ল’বলগীয়া পন্থাৰ বিষয়ে এলানি আলোচনা অনুষ্ঠিত হয়।

  • প্ৰথম দিন

ৱিকিউৎসত উন্নত মানদণ্ডৰ সমল সৃষ্টিৰ বাবে ব্যৱহৃত বিভিন্ন সঁজুলিৰ বিষয়ে CIS-A2Kৰ তৰফৰ পৰা জয়ন্ত দাসে শিকাৰুসকলক সম্যক ধাৰণা দিয়ে। তাৰ পাছত অংশগ্ৰহণকাৰী সকলৰ মাজত সম্পাদনাৰ মাৰাথন চলে। তামিল ৱিকিউৎসত স্বেচ্ছাসেৱক সকলে কেইটামান সঁজুলিৰ সৃষ্টি কৰিছে। তাৰে কেইটামান সঁজুলি অসমীয়া ৱিকিউৎসত যোগ দিয়াৰ বাবে মই পোষকতা কৰোঁ।

  • দ্বিতীয় দিন

ৱিকিউৎসৰ সমল সমূহ শ্ৰেণীকৰণ কৰাৰ সন্দৰ্ভত বিষদভাৱে আলোচনা কৰা হয়। এই আলোচনাত সমল ব্যক্তি হিচাপে গোখালে ইনষ্টিটিউট অফ পলিটিক্স এণ্ড ইকন’মিক্সৰ লাইব্ৰেৰিয়ান গৰাকীয়ে অংশগ্ৰহণ কৰিছিল। বিশ্বৰ পুথিভঁৰাল সমূহত গ্ৰন্থসমূহৰ শ্ৰেণীকৰণৰ বাবে ব্যৱহৃত হোৱা বিভিন্ন পদ্ধতিসমূহৰ বিষয়ত তেওঁ বক্তব্য দাঙি ধৰে। ভাৰতীয় ভাষাৰ সকলো ৱিকিউৎসত সমল সমূহৰ শ্ৰেণীকৰণৰ বাবে এটা নিৰ্দিষ্ট পদ্ধতি গ্ৰহণ কৰাৰ কথা সিদ্ধান্ত লোৱা হয়। মধ্যান্ত বিৰতি ৰ অন্তত ৱিকিউৎস আৰু আন আন ভগ্নী প্ৰকল্পসমূহৰ লগত ৱিকিডেটাৰ সম্পৰ্কৰ বিষয়ে CIS-A2Kৰহৈ টিটু দত্ত আৰু সতদ্বীপ গিলে বক্তব্য আগবঢ়ায়।

  • তৃতীয় দিন

উক্ত দিনটোত কিতাপ স্কেনিংৰ কৰ্মশালা অনুষ্ঠানত অ’মশিৱপ্ৰকাশ সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰে। এই অনুষ্ঠানত সহায় কৰে মাৰাঠী ৱিকিউৎসৰ কেইগৰাকীমান স্বেচ্ছাসেৱকে। তেখেতে OCRৰ বাবে Google OCRৰ সলনি Tesseract আৰু Viet OCR নামৰ দুটা অপেন চ’ৰ্ছ ছফ্টৱেৰ’ৰ পোষকতা কৰে। (বিতং তথ্য) এই ছফ্টৱেৰৰ যোগেদি অনায়সে ভাৰতৰ প্ৰায়বিলাক ভাষাৰ OCR কৰিব পাৰি। (Viet OCR ডাউনল’ড কৰক) লগতে CIS-A2Kৰ তৰফৰ পৰা বিভিন্ন ভাষাৰ ৱিকিউৎসক প্ৰয়োজন অনুসাৰী একোটাকৈ স্কেনাৰ যোগান দিয়াৰ কথা জানিবলৈ দিয়ে।

ইয়াৰ উপৰিও অনুষ্ঠানত নিম্নোক্ত কিছুমান কথাৰ সিদ্ধান্ত লোৱা হয়:

  • স্থানীয় পৰ্যায়ত ৱিকিউৎসৰ এডভান্স ট্ৰেইনিং প্ৰগ্ৰাম
  • প্ৰত্যেক ৱিকিউৎসৰ তৰফৰ পৰা এজনকৈ OTRS agent
  • স্কেনাৰৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰি CIS-A2Kক proposal আগবঢ়োৱা
  • Unverified text সমূহৰ বিলোপন কৰা

এটা কথা মোৰ কথা চকুত পৰিছিল যে ৰাষ্ট্ৰীয় পৰ্যায়ৰ এনে অনুষ্ঠানত বাকী ৱিকিৰ তুলনাত খুব কম সংখ্যক অসমীয়া সদস্যইহে অংশগ্ৰহণ কৰে। ভৱিষ্যতে এনে অনুষ্ঠানত অসমীয়া ৱিকিৰ পৰা অধিক সদস্যই যোগদান কৰা উচিত। বিভিন্ন ভাষাৰ ৱিকিৰ সদস্য সকলৰ লগত এনেকুৱা ধৰণৰ কৰ্মশালাত যোগদান কৰি সদস্যসকল নানান অভিজ্ঞতাৰে পৰিপুষ্ট হ’ব বুলি মোৰ দৃঢ় বিশ্বাস।

- অনিমেষ বৰা