ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/জানুৱাৰী-২০২৪/ভাল প্ৰবন্ধ

অসমীয়া ৱিকিপিডিয়াৰ পৰা

মনোজ বাজপেয়ী (ইংৰাজী: Manoj Bajpayee) এগৰাকী ভাৰতীয় অভিনেতা যি প্ৰধানকৈ হিন্দী চিনেমাত অভিনয় কৰে। ইয়াৰোপৰি তেখেতে তেলেগু আৰু তামিল ভাষাৰ ছবিতো অভিনয় কৰিছে। হিন্দী চিনেমা বা বলিউডৰ এগৰাকী উল্লেখযোগ্য অভিনেতা হিচাপে গণ্য হোৱা মনোজ বাজপেয়ীয়ে তিনিটা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা, ছটা ফিল্মফেয়াৰ বঁটা, আৰু দুটা এছিয়া পেচিফিক পৰ্দা বঁটা লাভ কৰিছে। ২০১৯ চনত শিল্পলৈ আগবঢ়োৱা অৱদানৰ বাবে ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী সন্মানেৰে তেখেত সন্মানিত হয়।

পশ্চিম চম্পাৰণ জিলা বিহাৰৰ বেটিয়া চহৰৰ সমীপৰ এখন সৰু গাঁও বেলৱাত জন্মগ্ৰহণ কৰা বাজপেয়ীয়ে সৰুৰে পৰা অভিনেতা হোৱাৰ সপোন দেখিছিল। সোতৰ বছৰ বয়সত তেওঁ দিল্লীলৈ স্থানান্তৰিত হয়, আৰু নেচনেল স্কুল অৱ ড্ৰামাত আবেদন কৰে। তেওঁক পিছে চাৰিবাৰ প্ৰত্যাখ্যান কৰা হৈছিল। অৱশ্যে কলেজত পঢ়ি থকা অৱস্থাত তেওঁ থিয়েটাৰ কৰি থাকিল। ১৯৯৪ চনত তেখেতে দ্ৰোহকাল ছবিখনত এক মিনিটৰ চৰিত্ৰ এটাত আৰু একেটা বছৰতে শেখৰ কাপুৰৰ বেণ্ডিট কুইন ছবিত ডকাইতৰ সৰু চৰিত্ৰ এটা ৰূপায়ণ কৰে। কেইটামান অলক্ষিত চৰিত্ৰৰ অন্তত তেখেতে ১৯৯৮ চনত ৰাম গোপাল বাৰ্মাৰ অপৰাধমূলক নাটক সত্যত গেংষ্টাৰ ভিকু মহাত্ৰেৰ চৰিত্ৰত অভিনয় কৰিছিল, যাৰ জৰিয়ত তেওঁ চলচ্চিত্ৰ উদ্যোগটোত এক অগ্ৰগতি লাভ কৰে। বাজপেয়ীয়ে ছবিখনৰ বাবে শ্ৰেষ্ঠ সহযোগী অভিনেতাৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা আৰু শ্ৰেষ্ঠ অভিনেতাৰ ফিল্মফেয়াৰ সমালোচক বঁটা লাভ কৰে। তাৰ পিছত তেওঁ কৌন? (১৯৯৯) আৰু শূল (১৯৯৯) ছবিত অভিনয় কৰিছিল। পিছৰখন ছবিৰ বাবে তেওঁ শ্ৰেষ্ঠ অভিনেতাৰ দ্বিতীয়টো ফিল্মফেয়াৰ সমালোচক বঁটা লাভ কৰে।বিতংকৈ ইয়াত পঢ়ক...

যোৱামাহৰ ভাল প্ৰবন্ধ ভূটানী শিল্পকলাৰ বিষয়ে ইয়াত পঢ়ক...