ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/মাৰ্চ-২০২০/ভাল প্ৰবন্ধ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৰাধিকা আপ্টে

ৰাধিকা আপ্টে (জন্ম ৭ ছেপ্টেম্বৰ ১৯৮৫) হৈছে এগৰাকী ভাৰতীয় মঞ্চাভিনেত্ৰী আৰু চলচ্চিত্ৰৰ শিল্পী ৷ তামিলনাডুৰ ভেলোৰত জন্মলাভ কৰা ৰাধিকা ডাঙৰ-দীঘল হৈছিল পুণেত ৷ চিনেমাজগতত পদাৰ্পণ কৰাৰ পূৰ্বে তেখেতে নাটকৰ জৰিয়তে আত্মপ্ৰকাশ কৰিছিল ৷ বলিউডৰ ফেণ্টাচি ছবি "ৱাহ! লাইফ হ' ট' এইছি"ৰ(২০০৫) জৰিয়তে তেখেতে হিন্দীৰ ছবিজগতত খোজ পেলায় ৷ তাৰ পিছৰে পৰা তেখেতে মাৰাঠী, তেলেগু, মালায়ালম, বাংলা আৰু ইংৰাজী ভাষাৰ বিভিন্ন চলচ্চিত্ৰত অভিনয় কৰিছে ৷ ২০০৯ চনত এখন সামাজিক কাহিনীৰ বাংলা ছবি "অন্তহীন"ৰ জৰিয়তে ৰাধিকা আপ্টেই পোনপ্ৰথমবাৰৰ বাবে ছবিৰ নায়িকা হিচাপে ভুমুকি মাৰিছিল ৷ ২০১৫ চনত নিৰ্মিত হিন্দী ছবি বদলাপুৰ, হাণ্টাৰ আৰু মাঝী-দ্য মাউণ্টেন মেনত কৰা অভিনয়ৰ বাবে তেখেতে ভূয়সী প্ৰশংসা আৰু সমাদৰ লাভ কৰিবলৈ সক্ষম হয় ৷ ২০১৬ৰ ছবি ফ'বিয়া আৰু পাৰ্ছডত কৰা অভিনয়ৰ বাবেও তেখেতে স্বীকৃতি লাভ কৰে ৷

২০১৮ চনত ৰাধিকা আপ্টেই বহুল জনপ্ৰিয় ভিডিঅ' আৰু ছবি ষ্ট্ৰিমিং ৱেবছাইট "নেটফ্লিক্স"ত তিনিটা বিশেষ প্ৰযোজনাত গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰে ৷ সেইকেইটা হ'ল: চাৰিজন পৰিচালকৰ চাৰিটা কাহিনীৰে সমৃদ্ধ "লাষ্ট ষ্টৰিছ", থ্ৰিলাৰধৰ্মী ছিৰিজ "ছেক্ৰেড গেইমছ্", আৰু ভৌতিকধৰ্মী মিনি-চিৰিজ "ঘাউল"৷ লাষ্ট ষ্টৰিজত কৰা অভিনয়ৰ বাবে তেখেতে "আন্তঃৰাষ্ট্ৰীয় এমি বঁটা"ৰ শ্ৰেষ্ঠ অভিনেত্ৰীৰ শিতানত মনোনয়ন লাভ কৰে ৷

২০১৮ চনত নিৰ্মাণ হোৱা শ্ৰীৰাম ৰাঘাৱনৰ ব্লেক থ্ৰিলাৰ কমেডি "অন্ধাধুন"ত ৰাধিকা আপ্তেই "ছফি"ৰ চৰিত্ৰত এক স্মৰণীয় অভিনয় কৰে ৷ এইখন ছবিক বহুতো সমালোচকে বছৰটোৰ শ্ৰেষ্ঠ ছবি হিচাপে আখ্যায়িত কৰে ৷

বিতংকৈ পঢ়ক...