ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/মে'-২০২২/উল্লেখনীয় ৱিকিমিডিয়ান

অসমীয়া ৱিকিপিডিয়াৰ পৰা
উল্লেখনীয় ৱিকিমিডিয়ান

চাণক্য কুমাৰ দাস: ২০১৯ চনৰ পৰা ৱিকিপিডিয়াৰ সৈতে জড়িত এজন দক্ষ আৰু কৌশলী ৱিকিপিডিয়ান। কামৰূপ জিলাৰ এই ৱিকিমিডিয়ান গৰাকীয়ে অসমীয়া ৱিকিপিডিয়াত কৰা সম্পাদনাৰ সংখ্যা ৫,৭৪৫ আৰু সৃষ্টি কৰা পৃষ্ঠাৰ সংখ্যা ২৮। অসমীয়া ৱিকিপিডিয়াৰ লগতে তেওঁ অসমীয়া ৱিকিউৎস, ইংৰাজী ৱিকিপিডিয়া, ৱিকিমিডিয়া কমন্স আদি কেইবাটাও প্ৰকল্পত বৰ্তমানলৈকে মুঠ ১৫,৮৮১টা সম্পাদনা কৰিছে। তেওঁ ৱিকিমিডিয়া প্ৰকল্পসমূহত বিশেষ কাৰিকৰী সহযোগিতা আগবঢ়াই অহাৰ লগতে বৰ্তমান ইনকিউবেটৰ পৰ্যায়ত থকা অসমীয়া ৱিকিউদ্ধৃতিৰো প্ৰশাসকৰ দায়িত্ব পালন কৰি আহিছে। অমূল্য অৱদানৰ বাবে অসমীয়া ৱিকিমিডিয়া সমাজে তেওঁক "মাহটোৰ ৱিকিপিডিয়ান", "অক্লান্ত কৰ্মী পদক", "কাৰিকৰী বিশেষজ্ঞ সহযোগী পদক", "বিশেষ পদক", "কৰ্কট সচেতক পদক" আদি পদকেৰে কেইবাবাৰো সন্মানিত কৰিছে। আমি তেওঁৰ উত্তৰোত্তৰ উন্নতি কামনা কৰিলোঁ।