ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/মে’-২০১৯/ভাল প্ৰবন্ধ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মনপ্ৰীত কৌৰ

মনপ্ৰীত কৌৰ (জন্ম ৫ ৰ্মাচ,১৯৯০) ভাৰতৰ আম্বালাৰ এগৰাকী অলিম্পিক শ্বট-পুটাৰ। ২০১৭ চনত চীন দেশৰ জিনহোৱাত অনুষ্ঠিত হোৱা এছিয়ান গ্ৰেণ্ড প্ৰিস্কত ১৮.৮৬ মিটাৰৰ সোণৰ পদক বিজয়ী প্ৰৰ্দশনেৰে তেওঁ নিজকে বিশ্ব তালিকাৰ শীৰ্ষস্থানত লৈ যাবলৈ সক্ষম হৈছিল।তেওঁ মহিলাৰ শ্বট পুটৰ ১৭.৯৬ মিটাৰৰ ভাৰতীয় ৰেৰ্কডৰো অধিকাৰী। ২০১৬ চনত ৰিঅ'ত অনুষ্ঠিত হোৱা গ্ৰীষ্মকালীন অলিম্পিকত তেওঁ ভাৰতক শ্বটপুটত প্ৰতিনিধিত্ব কৰাৰ বাবে নিৰ্বাচিত হৈছিল।

কৌৰ তেওঁৰ পিতৃ-মাতৃৰ তিনি সন্তানৰ ভিতৰত সকলোতকৈ ডাঙৰ আছিল, তেওঁৰ পিতৃ এজন কৃষক আছিল আৰু কৌৰৰ ১৩ বছৰ বয়সতে পিতৃৰ মৃত্যু হৈছিল আৰু ২০০৬ চনত তেওঁৰ মাতৃ স্নায়ুজনিত ৰোগত আক্ৰান্ত হৈছিল।তেওঁ তেওঁৰ ভাতৃসকলৰ সৈতে খেলা ধূলাত অংশগ্ৰহণ কৰিছিল আৰু ইয়াৰ জৰিয়তেই ক্ৰীড়াৰ ক্ষেত্ৰখনৰ প্ৰতি তেওঁ আগ্ৰহী হৈ পৰিছিল। তেওঁক আৰম্ভণিতে ১০০ মিটাৰ দৌৰৰ বাবে এবছৰ প্ৰশিক্ষণ দিয়া হৈছিল যদিও তেওঁৰ ভাতৃয়ে মত দিছিল যে তেওঁৰ শ্বট-পুটতহে বেছি সম্ভাৱনা আছে। ভাতৃৰ মত সৰোগত কৰি তেওঁ শ্বটপুটৰ অভ্যাস আৰম্ভ কৰিছিল।তেওঁৰ বাসস্থান পাটিয়ালাৰ সাহাউলি গাঁওত আৰু ভাৰতীয় ৰেলৰ এগৰাকী কৰ্মচাৰী।

কৌৰ ২০০৭ ত Ostrovaত অনুষ্ঠিত হোৱা ৫ম IAAFত ৫ম বিশ্ব যুৱ প্ৰতিযোগিতাত নৱম স্থান পাবলৈ সক্ষম হৈছিল।২০১০ চনত তেওঁ ৩ বছৰৰ বাবে অৱসৰ গ্ৰহণ কৰিছিল আৰু ২০১৫ চনত মহিলাৰ শ্বটপুটৰ ১৮ বছৰীয়া এক ৰেৰ্কড ভংগ কৰি প্ৰত্যাবৰ্তন কৰিছিল। তেওঁ কলকাতাত অনুষ্ঠিত হোৱা নেচনেল অপেন এথলেটিকছ চেম্পিয়নশ্বিপত সোণৰ পদক লাভ কৰিছিল।

আৰু পঢ়ক...