২০২৪ চনৰ ১ অক্টোবৰৰ পৰা ৩১ ডিচেম্বৰলৈ চলা ৱিকিসংযোগ প্ৰকল্পৰ সামৰণিত মেণ্টি আৰু মেণ্টৰৰ যোগাযোগৰ ধাৰাবাহিকতা বৰ্তাই ৰাখিবলৈ আৰু বিভিন্ন অসমীয়া ৱিকিমিডিয়া প্ৰকল্পত অৱদান আগবঢ়াবলৈ আগ্ৰহী যিকোনো নতুন ব্যক্তিক সহায় আৰু পথ প্ৰদৰ্শনৰ বাবে ৱিকিৰ মুকলি পাঠৰ প্ৰস্তাৱ দিয়া হৈছে। এই পদক্ষেপৰ লক্ষ্য হৈছে নতুন অৱদানকাৰীসকলক প্ৰয়োজনীয় পথ প্ৰদৰ্শন, প্ৰশিক্ষণ, আৰু মুক্তভাৱে প্ৰশ্ন সুধিবলৈ আৰু সহায় বিচাৰিবলৈ প্ৰয়োজনীয় মাধ্যম এটা প্ৰদান কৰা।
- ৱিকিৰ মুকলি পাঠ প্ৰতিমাহে অন্তত: এবাৰকৈ অনুষ্ঠিত কৰাৰ চেষ্টা কৰা হ'ব।
- প্ৰতিমাহৰ মাহিলী সভাত কোনো এগৰাকী বা একাধিক অভিজ্ঞ ৱিকিমিডিয়ানক সেইমাহৰ সমল ব্যক্তিৰূপে প্ৰস্তাৱ দিয়া হ'ব।
- এই পাঠ অনলাইন বা অফলাইন কৰিব পৰা যায়।
- মুকলি পাঠৰ বাবে নিৰ্দিষ্ট কোনো বিষয় ঠিক কৰি ল'ব পাৰি বা ন-শিকাৰুৰ প্ৰয়োজন অনুসৰি বিভিন্ন বিষয় সামৰি মুকলি পাঠৰ আয়োজন কৰিব পৰা যায়।
- ৱিকিৰ মুকলি পাঠত সময়ৰ কোনো বাধ্যবাধকতা নাই। সমল ব্যক্তি আৰু আগ্ৰহী শিকাৰুৰ সময়-সুবিধা অনুসৰি পাঠৰ ব্যৱস্থা কৰা হ'ব।
- তাৰিখ:
- মাধ্যম: অনলাইন
- সমল ব্যক্তি: প্ৰণামিকা অধিকাৰী আৰু দিব্য দত্ত
- বিষয়: ৱিকিউৎসত মুদ্ৰণ সংশোধন আৰু বৈধকৰণ
- অংশগ্ৰহণকাৰী
|