সমললৈ যাওক

ৱিণ্ড'জ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মাইক্ৰ'চফ্ট ৱিণ্ড'জ
কোম্পানী / বিকাশক মাইক্ৰ'চফ্ট
প্ৰোগ্ৰাম কৰা ভাষা C, C++, Assembly[1]
কাৰ্যৱস্থা Publicly released
উৎস মডেল Closed / Shared source
প্ৰাৰম্ভিক মুক্তি নৱেম্বৰ ২০, ১৯৮৫ (1985-11-20) (৪০ বছৰ পূৰ্বে), ৱিণ্ড'জ ১.০ ৰূপে
বিপণন লক্ষ্য Personal computing
উপলভ্য প্ৰাকৃতিক ভাষা ১৩৭টা ভাষা[2]
আপডেট পদ্ধতি
পেকেজ ব্যৱস্থাপক Windows Installer (.msi), Windows Store (.appx)[3]
সমৰ্থিত প্লেটফৰ্ম ARM, IA-32, Itanium, x86-64, DEC Alpha, MIPS, PowerPC
কাৰ্ণেলৰ প্ৰকাৰ
অবিকল্পিত ব্যৱহাৰকৰ্তাৰ ইণ্টাৰফেচ Windows shell
অনুজ্ঞা-পত্ৰ Proprietary commercial software
আধিকাৰিক ৱেবছাইট windows.microsoft.com

মাইক্ৰ'চফ্ট ৱিণ্ড'জ বা ৱিণ্ড'জ মাইক্ৰচফ্ট প্ৰতিষ্ঠানে নিৰ্মাণ আৰু বিক্ৰী কৰা কেইবাটাও লৈখিক অপাৰেটিং চিষ্টেমৰ গোটৰ নাম।

১৯৮৫ চনত মাইক্ৰচফ্টে লৈখিক অপাৰেটিং চিষ্টেমসমূহৰ বৰ্দ্ধিত জনপ্ৰিয়তাৰ প্ৰতি লক্ষ ৰাখি 'ৱিণ্ড'জ' নামৰ এটি লৈখিক অপাৰেটিং চিষ্টেম, এম-এচ ড'চৰ পাছত মুক্তি প্ৰদান কৰিলে।[4] ৱিণ্ড'জ কম্পিউটাৰ জগতৰ সৰ্বাধিক জনপ্ৰিয় অপাৰেটিং চিষ্টেম হৈ পৰিল। পিচে স্মাৰ্ট ফোনৰ জনপ্ৰিয়তাই এণ্ড্ৰইডক ৱিণ্ড'জতকৈ অধিক জনপ্ৰিয় কৰি তুলিলে আৰু ৱিণ্ড'জৰ বিক্ৰী এণ্ড্ৰইডৰ তুলনাত প্ৰায় এক চতুৰ্থাংশ হৈ পৰিল। পিচে ফোন জগতক বাদ দিলে বৰ্তমানেও ব্যক্তিগত পৰিকলন যন্ত্ৰ (পাৰ্চনেল কম্পিউটাৰ)ৰ সৰ্বাধিক জনপ্ৰিয় অপাৰেটিং চিষ্টেম।

বৰ্তমানে ৱিণ্ড'জ ১০, ৱিণ্ড'জ ১০ ম'বাইল আদি ৱিণ্ড'জৰ জনপ্ৰিয় সংস্কৰণ।

সংস্কৰণসমূহৰ বুৰঞ্জী

[সম্পাদনা কৰক]

প্ৰাৰম্ভিক সংস্কৰণসমূহ

[সম্পাদনা কৰক]

১৯৮১ চনত চেচ বিচপৰ বৰঙনিৰে, ১৯৮৩ চনত ৱিণ্ড'জ ১.০ৰ কথা ঘোষণা কৰা হ'ল। পিচে ই মুক্তি পালে ১৯৮৫ চনতহে।[5] ই এপলৰ অ-এছৰ তুলনাত অধিক জনপ্ৰিয়তা লাভ কৰিব নোৱাৰিলে। ই এক পূৰ্ণ অ-এছ নহয়, এম-এছ ড'চৰ বৰ্দ্ধিত সংস্কৰণহে। এই সংস্কৰণত Calculator, Calendar, Cardfile, Clipboard viewer, Clock, Control Panel, Notepad, Paint, Reversi, Terminal আৰু Write প্ৰদান কৰা হৈছিল।

১৯৮৭ চনত ৱিণ্ড'জ ২.০ই মুক্তি লাভ কৰিলে। ই পূৰ্বৰ সংস্কৰণতকৈ অধিক জনপ্ৰিয় হ'ল। ৱিণ্ড'জ ২.০ত এটি ৱিণ্ড'ৰ ওপৰত আন ৱিণ্ড' খুলিব পৰা সুবিধা কৰা হ'ল। এই সুবিধাৰ স্বত্বক লৈ এপলে মাইক্ৰ'চফ্টৰ বিৰুদ্ধে আইনৰ কাষ চাপিলে।[6][7] ৱিণ্ড'জৰ এই সংস্কৰণে জটিলতৰ চাবি ফকলৰ চুটিপথ আৰু বৰ্দ্ধিত মেমৰি ব্যৱহাৰ কৰিছিল।

ৱিণ্ড'জ ২.১ দুই সংস্কৰণত মুক্ত কৰা হ'ল। এই সংস্কৰণসমূহ বেলেগকৈ ইনষ্টল নকৰি এম-এছ ড'চৰ লগতে ব্যৱহাৰ কৰিব পৰা গৈছিল।

ৱিণ্ড'জৰ এই প্ৰাৰম্ভিক সংস্কৰণসমূহত কিমান দূৰলৈকে অপাৰেটিং চিষ্টেমৰ বৈশিষ্ট্য আছে, সেয়া চৰ্চাৰ বিষয়।

ৱিণ্ড'জ ৩.x

[সম্পাদনা কৰক]

ৱিণ্ড'জ ৩ বাণিজ্যিকভাৱে প্ৰথম সফল ৱিণ্ড'জৰ সংস্কৰণ। ১৯৯০ চনত মুক্ত এই সংস্কৰণৰ ছমাহত ২ মিলিয়ন প্ৰতিলিপি বিক্ৰী হৈছিল।[8][9] এই সংস্কৰণৰ বাবে চি প্ৰগ্ৰামিং ভাষাৰ পৰা এচেম্ব্লি ভাষালৈ বহুতো সংকেত অনুবাদ কৰা হৈছিল। এই সংস্কৰণে 'প্ৰটেক্টেড ম'ড'ৰ সুবিধা প্ৰদান কৰিছিল।

১৯৯২ চনত ৱিণ্ড'জ ৩.১ আৰু ৱিণ্ড'জ ফৰ ৱৰ্কগ্ৰুপ/ৱিণ্ড'জ ৩.১১ মুক্ত হ'ল।

ৱিণ্ড'জ ৩.২ পূৰ্বৰ সংস্কৰণৰ চীনা ভাষাৰ সংস্কৰণৰ উন্নত ৰূপ। এই সংস্কৰণ কেৱল চীনা ভাষাতহে উপলব্ধ আছিল, কাৰণ এই সংস্কৰণত কেৱল চীনা লিপিৰ জটিল চিহ্নবোৰৰ ব্যৱহাৰহে উন্নত কৰা হৈছিল, আৰু আন তেনে ধৰণৰ সুবিধা আগ বঢ়োৱা হৈছিল।[10]

ৱিণ্ড'জ ৯x

[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "Lesson 2 - Windows NT System Overview". Microsoft TechNet. Microsoft. http://technet.microsoft.com/library/cc767881.aspx আহৰণ কৰা হৈছে: November 25, 2014.
  2. "Listing of available Windows 7 language packs". Msdn.microsoft.com. http://msdn.microsoft.com/goglobal/ee461121#AvailableLanguagePacks আহৰণ কৰা হৈছে: April 5, 2014.
  3. "App packages and deployment (Windows Store apps) (Windows)". Msdn.microsoft.com. http://msdn.microsoft.com/en-us/library/windows/apps/hh464929.aspx আহৰণ কৰা হৈছে: April 5, 2014.
  4. "The Unusual History of Microsoft Windows". http://inventors.about.com/od/mstartinventions/a/Windows.htm?rd=1 আহৰণ কৰা হৈছে: April 22, 2007.[সংযোগবিহীন উৎস]
  5. A history of Windows (at microsoft.com)
  6. "The Apple vs. Microsoft GUI Lawsuit". 2006. http://lowendmac.com/orchard/06/apple-vs-microsoft.html আহৰণ কৰা হৈছে: March 12, 2008.
  7. "Apple Computer, Inc. v. MicroSoft Corp., 35 F.3d 1435 (9th Cir. 1994)". Archived from the original on December 14, 2007. https://web.archive.org/web/20071214033452/http://home.earthlink.net/~mjohnsen/Technology/Lawsuits/appvsms.html আহৰণ কৰা হৈছে: March 12, 2008.
  8. "Chronology of Personal Computer Software". Archived from the original on 2012-02-11. https://web.archive.org/web/20120211132458/http://www.islandnet.com/~kpolsson/compsoft/soft1991.htm আহৰণ কৰা হৈছে: 2016-04-14.
  9. "Microsoft Company". Archived from the original on 2008-05-14. https://web.archive.org/web/20080514211138/http://www.thocp.net/companies/microsoft/microsoft_company.htm আহৰণ কৰা হৈছে: 2016-04-14.
  10. "Microsoft Windows Simplified Chinese 3.2 Upgrade Is Available". Microsoft. October 30, 2003. http://support.microsoft.com/default.aspx?scid=kb;en-us;129451 আহৰণ কৰা হৈছে: September 4, 2009.