EMD GT46PAC
| |
আধাৰ-শক্তি | ডিজেল-বিদ্যুত |
---|---|
নিৰ্মাতা | Electro-Motive Diesel Inc আৰু Diesel Locomotive Works |
নিৰ্মাণ-আৰ্হি | GT46PAC |
নিৰ্মাণ তিথি | (EMD) ২০০১; (DLW) ২০০৩–সাম্প্ৰতিক |
মুঠ উৎপাদন | (EMD) ১১+; (DLW) ৮০+ অনুজ্ঞাপত্ৰসহ (নিৰ্মাণৰত) |
চকা-বিন্যাস | B1-1B (WDP-4), C-C (WDP-4B/4D) |
গজ | ব্ৰডগজ ৫ ফুট ৬ ইঞ্চি (১৬৭৬ মিঃমিঃ) |
ভাৰাধাৰ | উচ্চ-অনুলগ্ন ৬ অক্ষদণ্ডী HTSC |
ডবাৰ চকা-বিন্যাস |
|
ইন্ধন | ডিজেল |
ইন্ধন বহন ক্ষমতা | সাঁচ:Convert/LinAonDbSoff |
মূল-চালিকা | 16-710G3B ডিজেল ইঞ্জিন |
ইঞ্জিনৰ ধৰণ | ২-চক্ৰাঘাট V16 ডিজেল ইঞ্জিন়় |
পিষ্টন-পৰিক্ৰমা | ১৮৬.২ লিটাৰ |
যান্ত্ৰিক শ্বাস | প্ৰেষিত-প্ৰবহন |
উভমূখী বিদ্যুতাধাৰ | TA-17-CA6A AC, এটাকৈ inverter প্ৰতিখন ভাৰাধাৰত |
ইঞ্জিনৰ চিলিণ্ডাৰৰ সংখ্যা | ৬ টা |
শক্তি-সঞ্চাৰ | ৰাসায়নিক(ডিজেল)-বৈদ্যুতিক |
ইঞ্জিন-ক্ষমতা |
|
ইঞ্জিনৰ ব্ৰেক | এয়াৰব্ৰেক |
ডবাৰ ব্ৰেক | এয়াৰ ব্ৰেক |
কোনে চলায় | ভাৰতীয় ৰেল |
EMD GT46PAC একপ্ৰকাৰৰ ডিজেল-বৈদ্যুতিক যাত্ৰীবাহী ৰেলৰ ইঞ্জিন । মূল-চালিকা এটি ডিজেল ইঞ্জিনে চলোৱা পৰিৱৰ্তী বিদ্যুতাধাৰ (AC Alternator or generator) ৰ পৰা পোৱা পৰিৱৰ্তী বিদ্যুত-প্ৰবাহৰ (AC) দ্বাৰা চালিত উভমুখী বৈদ্যুতিক মটৰে (AC Motor) ইয়াক গতিশীল কৰি তোলে। ইয়াক প্ৰথমে জেনেৰেল মটৰ্চৰ ইলেক্ট্ৰমটিভ ডিভিজনে [2] নিৰ্মাণ কৰি উলিয়াইছিল আৰু তাহাঁতৰ অনুজ্ঞা-পত্ৰৰ আধাৰত বৰ্তমানে বাৰানসীস্থিত (Diesel Locomotive Works; DLW) কাৰখানাত ভাৰতীয় ৰেলৰ বাবে এনে ৰেলৰ ইঞ্জিন নিৰ্মাণ কৰি থকা হৈছে। এই ইঞ্জিনটো দৰাচলতে মালবাহী ৰেলৰ ইঞ্জিন EMD GT46MAC ৰ যাত্ৰীবাহী সংস্কৰণ মাথোঁ। এই ৰেল ইঞ্জিনত ১৬টা চিলিণ্ডাৰযুক্ত 16-710G3B ডিজেল ইঞ্জিন ব্যৱহৃত হৈছে যি সৰ্বোচ্চ ৯০৪ RPM (Revolutions Per Minute) গতিৰে ঘূৰিব পাৰে।
ভিন্নতা
[সম্পাদনা কৰক]এই WDP ( Wide-gauge Diesel Passenger) ৰেল ইঞ্জিনসমূহৰ তিনিটা প্ৰকাৰ দেখা যায় - মূল ৪,০০০ অশ্বশক্তিযুক্ত WDP-4, ৪,৫০০ অশ্বশক্তিযুক্ত WDP-4B আৰু ৪,৫০০ অশ্বশক্তিযুক্ত WDP-4D। প্ৰথম দুই প্ৰকাৰ এক চালক-কক্ষযুক্ত আৰু তৃতীয় প্ৰকাৰ দ্বৈত চালক-কক্ষযুক্ত ।
ইঞ্জিনসমূহৰ ক্ৰমিক নম্বৰ
[সম্পাদনা কৰক]ভাৰতীয় ৰেলত পোনতে এই ইঞ্জিনসমূহৰ ক্ৰমিক সংখ্যা ২০০০০ৰ পৰা আৰম্ভ হৈ ২০১০৩লৈকে বিস্তাৰিত আছিল। ২০১০৩ ৰ পাচত নতুন ইঞ্জিনসমূহৰ নম্বৰ ৪০০০১ ৰ পৰা আৰম্ভ হৈছে কিয়নো ২০১০৩ৰ পিছৰ ক্ৰমিক নম্বৰ সমূহ (Wide-gauge DC Goods) WCG-2 মালবাহী ৰেলৰ বৈদ্যুতিক-ইঞ্জিন সমূহৰ লগত একাকাৰ হোৱাৰ উপক্ৰম হৈছিল। ইঞ্জিন ক্ৰমিকসংখ্যা ২০০০০-২০০৪৬, ২০০৪৮-২০০৭৪, ২০০৭৬-২০১০২ মূল WDP-4 আৰ্হিত আৰু ইঞ্জিন ক্ৰমিকসংখ্যা ২০০৪৭ আৰু ২০০৭৫ WDP-4B আৰ্হিত নিৰ্মিত।[3] ইঞ্জিন ক্ৰমিকসংখ্যা ২০১০৩, ৪০০০১-৪০০১৩, ৪০০১৫-৪০০২৫, ৪০০২৭-৪০০৮৫ WDP-4B আৰ্হিত নিৰ্মিত । ইঞ্জিন ক্ৰমিকসংখ্যা ৪০০১৪ আৰু ৪০০২৬ WDP-4D আৰ্হিত নিৰ্মাণ কৰা হৈছিল আৰু পৰৱৰ্তী সময়ত ৪০০৮৬ অগ্ৰৱৰ্তী ইঞ্জিনসমূহ WDP-4D আৰ্হিৰ।
পৰাক্ৰম
[সম্পাদনা কৰক]WDP-4 ৰেল ইঞ্জিন একোটাই ২৪টা ডবাৰ ৰেল এখন ১১০-১২০ কি.মি./ঘণ্টা (৬৮–৭৫ মাইল/ঘণ্টা) বেগেৰে টানিব পাৰে। পৰীক্ষামূলক চালনৰ সময়ত ৮টা ডবাযুক্ত ৰেল একোখন এই ইঞ্জিনে ১৬০ কি.মি./ঘণ্টা (৯৯ মাইল/ঘণ্টা) বেগত টনাও পৰিলক্ষিত হৈছিল।[4]
অন্যান্য তথ্য
[সম্পাদনা কৰক]WDP-4 ইঞ্জিনসমূহ দ্বৈতদিশত সঞ্চাৰণক্ষম আৰু প্ৰায়ে দীঘল অংশ আগত ৰাখি চলাব লগা হয়। ৮-চকাৰ WDP-4 ইঞ্জিনসমূহৰ চকা-বিন্যাস Bo1-1Bo যাৰ প্ৰতিদাল অক্ষদণ্ডক পৃথকে পৃথকে চাৰিটা ট্ৰেকশ্যন মটৰে কাৰ্যক্ষম কৰি তোলে। এতিয়াৰ ১২-চকাৰ WDP-4B আৰু WDP-4D ইঞ্জিনসমূহ Co-Co চকা-বিন্যাসেৰে সজ্জিত যাৰ প্ৰতিদাল অক্ষদণ্ডক পৃথকে পৃথকে ৬টা ট্ৰেকশ্যন মটৰে কাৰ্যক্ষম কৰি তোলে । লংহুড সমুখদিশত ৰাখি চলাওতে চালকৰ দৃষ্টি বাধিত হোৱা কেতবোৰ ঘটনাৰ পৰিপেক্ষিতত (পুষ্পক এক্সপ্ৰেছৰ চালকে চিগনেল পাৰ হৈ যোৱা ঘটনা উল্লেখযোগ্য[5]) WDP-4B আৰ্হিৰ ইঞ্জিনত দ্বৈত-চালককক্ষৰ ব্যৱস্থা কৰা হৈছে। নতুন ইঞ্জিনসমূহত চালককক্ষসমূহ পূৰ্বতকৈ কিছু বহলো কৰা হৈছে। ইয়াৰ বাদে WDP4B আৰু WDP4D শ্ৰেণীৰ বাকী গঠন প্ৰায় একে।
ৰাজধানী আৰু শতাব্দী শ্ৰেণীৰ ৰেলত ব্যৱহৃত কিছুসংখ্যক WDP-4B/WDP-4D ইঞ্জিনত ইনভাৰ্টাৰযুক্ত হে'ড-এণ্ড পাৱাৰ ইউনিটৰ ব্যৱস্থা কৰি জেনেৰেটৰ ডবাৰ অবিহনে ডবাত বিদ্যুতৰ যোগান ধৰিব পৰাৰ ব্যৱস্থা কৰা হৈছে।[6]
২ ষ্ট্ৰ'ক ডিজেল ইঞ্জিনযুক্ত এই ৰেল ইঞ্জিনসমূহ যথেষ্ট কম ইন্ধন-ব্যয়ী আৰু কম ধোঁৱা এৰা বিধৰ । উচ্চ আন্তঃঘূৰ্ণনত এই শ্ৰেণীৰ ইঞ্জিনৰ পৰা উৰাজাহাজৰদৰে এক বিশেষ চিনাকী গোঁ-গোঁৱনি শব্দ নিৰ্গত হয়।
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ http://www.emdiesels.com/emdweb/international/gt46pac.jsp
- ↑ http://www.emdiesels.com/emdweb/international/gt46pac.jsp
- ↑ http://www.rdso.indianrailways.gov.in/works/uploads/File/Spec-4500HP-2400.43_rev_04_corrted_final_%2026.09.pdf
- ↑ http://www.rdso.indianrailways.gov.in/works/uploads/File/01_05_08.pdf
- ↑ "আৰ্কাইভ কপি". Archived from the original on 2015-11-23. https://web.archive.org/web/20151123074236/http://www.ibnlive.com/news/india/ffgfx-report-rail-pro-reax-341832.html। আহৰণ কৰা হৈছে: 2015-06-24.
- ↑ http://www.rdso.indianrailways.gov.in/works/uploads/File/Spec-4500HP-2400.43_rev_04_corrted_final_%2026.09.pdf
|