গেছ
গেছ বা গেছীয় অৱস্থা হৈছে পদাৰ্থৰ চাৰিটা মৌলিক অৱস্থাৰ ভিতৰত এটা (আন তিনিটা অৱস্থা হৈছে কঠিন, তৰল আৰু প্লাজমা)।[1]
এটা বিশুদ্ধ গেছ এটা পদাৰ্থৰ পৰমাণু (যেনে নিয়নৰ দৰে সম্ভ্ৰান্ত গেছ), এবিধ পৰমাণুৰ দ্বাৰা গঠিত মৌল (যেনে অক্সিজেন), বা বিভিন্ন পৰমাণুৰ দ্বাৰা যৌগ (যেনে কাৰ্বন ডাই অক্সাইড)ৰে গঠিত হ'ব পাৰে। বায়ুৰ দৰে গেছৰ মিশ্ৰণত বিভিন্ন ধৰণৰ বিশুদ্ধ গেছ থাকে। গেছক তৰল আৰু কঠিন পদাৰ্থৰ পৰা পৃথক কৰা পক্ৰিয়াটো হ’ল মৌলিক গেছীয় কণাবোৰৰ বিস্তৃত পৃথকীকৰণ। এই পৃথকীকৰণৰ ফলত সাধাৰণতে মানুহৰ বাবে অদৃশ্য এটা ৰংহীন গেছৰ উৎপন্ন কৰে।
পদাৰ্থৰ গেছীয় অৱস্থা তৰল আৰু প্লাজমা অৱস্থাৰ মাজত থাকে[2], ইয়াৰে প্লাজমা অৱস্থাই গেছৰ সৰ্বোচ্চ উষ্ণতাৰ সীমা নিৰ্ধাৰণ কৰে। উষ্ণতা ৰেখা তলৰ ফালে অৱক্ষয়ী কোৱাণ্টাম গেছবোৰ থাকে[3] আৰু এই গেছবোৰ ক্ৰমান্বয়ে অধ্যয়নৰ বিষয় হিচাপে গুৰুত্ব লাভ কৰি আহিছে।[4] অতি কম উষ্ণতালৈ অতি শীতল কৰা উচ্চ ঘনত্বৰ পাৰমাণৱিক গেছবোৰক পৰিসংখ্যাগত আচৰণ অনুসৰি ব’ছ গেছ বা ফাৰ্মি গেছ হিচাপে শ্ৰেণীভুক্ত কৰা হয়।
মৌলিক গেছ
[সম্পাদনা কৰক]মান উষ্ণতা আৰু চাপ (STP)ত সুস্থিৰ দ্বি-পৰমানুবিশিষ্ট হোম’নিউক্লিয়াৰ অণু হিচাপে পোৱা একমাত্ৰ ৰাসায়নিক মৌলসমূহ হ’ল হাইড্ৰ’জেন (H2), নাইট্ৰ’জেন (N2), অক্সিজেন (O2), আৰু দুটা হেল’জেন: ফ্ল’ৰিন (F2) আৰু ক্ল’ৰিন (Cl2)। এক পৰমানুবিশিষ্ট সম্ভ্ৰান্ত গেছ – হিলিয়াম (He), নিয়ন (Ne), আৰ্গন (Ar), ক্ৰিপ্টন (Kr), জেনন (Xe), আৰু ৰেডন (Rn)ৰ সৈতে একেলগে এই গেছবোৰক "মৌলিক গেছ" বুলি কোৱা হয়।
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "Gas". Merriam-Webster. http://www.merriam-webster.com/dictionary/gas.
- ↑ This early 20th century discussion infers what is regarded as the plasma state. See page 137 of American Chemical Society, Faraday Society, Chemical Society (Great Britain) The Journal of Physical Chemistry, Volume 11 Cornell (1907).
- ↑ The work by T. Zelevinski provides another link to recent research about strontium in this new field of study. See Tanya Zelevinsky (2009). "84Sr—just right for forming a Bose-Einstein condensate". Physics খণ্ড 2: 94. doi:10.1103/physics.2.94. http://physics.aps.org/articles/v2/94.
- ↑ For the Bose–Einstein condensate see Quantum Gas Microscope Offers Glimpse Of Quirky Ultracold Atoms. ScienceDaily. 4 November 2009.