জ' বাইডেন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(Joe Bidenৰ পৰা পুনঃনিৰ্দেশিত)
জ' বাইডেন

জ' বাইডেন (সম্পূৰ্ণ নাম: জ'ছেফ ৰবিনেট বাইডেন জুনিয়ৰ; ইংৰাজী: Joseph Robinette Biden Jr.; জন্ম: ২০ নৱেম্বৰ ১৯৪২) এজন আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাজনীতিবিদ। তেওঁ ২০২০ চনৰ ৩ নৱেম্বৰৰ নিৰ্বাচনীত ৪৫তম ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পক পৰাজিত কৰি আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৪৬তম ৰাষ্ট্ৰপতি নিৰ্বাচিত হয়।[1] আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে পৰম্পৰা মতে নিৰ্বাচনীৰ পিছৰ বছৰৰ জানুৱাৰী মাহৰ ২০ তাৰিখতহে ৰাষ্ট্ৰপতি হিচাপে চাৰি বছৰৰ বাবে দায়িত্ব গ্ৰহণ কৰে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ডেমক্ৰেটিক পাৰ্টিৰ এজন সদস্য বাইডেন ২০০৯ চনৰ ২০ জানুৱাৰীৰ পৰা ২০১৭ চনৰ ২০ জানুৱাৰীলৈ অ’বামা প্ৰশাসনৰ সময়ত ৪৭তম উপ-সভাপতি হিচাপে কাম কৰিছিল। তেওঁ ১৯৭৩ চনৰ পৰা ২০০৯ চনলৈ আমেৰিকা যুক্তৰাষ্ট্ৰৰ চেনেটত ডেলাৱেৰ ৰাজ্যৰ প্ৰতিনিধিত্ব কৰিছিল।

ৰাজনৈতিক জীৱন[সম্পাদনা কৰক]

স্ক্ৰেণ্টন, পেনছিলভেনিয়া, আৰু ডেলাৱেৰত ডাঙৰ দীঘল হোৱা বাইডেন ১৯৬৮ চনত চিৰাকিউজ বিশ্ববিদ্যালয়ৰ পৰা আইনৰ ডিগ্ৰী অৰ্জন কৰাৰ আগতে ডেলাৱেৰ বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিছিল। তেওঁ ১৯৭০ চনত নিউ কেষ্টল কাউণ্টি কাউন্সিলৰ নিৰ্বাচিত হয় আৰু তেওঁ ২৯ বছৰ বয়সত ১৯৭২ চনত ডেলাৱেৰৰ পৰা আমেৰিকাৰ চেনেটলৈ নিৰ্বাচিত হোৱা আমেৰিকাৰ ইতিহাসৰ ষষ্ঠ-কনিষ্ঠ চিনেটৰ হয়। বাইডেন দীৰ্ঘদিন সিচেনেটৰ বৈদেশিক সম্পৰ্কৰ কমিটিৰ এজন সদস্য আছিল, আৰু শেষত ইয়াৰ অধ্যক্ষ হৈছিল।

তেওঁ ১৯৯১ চনত উপসাগৰীয় যুদ্ধৰ বিপক্ষ বিৰোধিতা কৰিছিল আৰু “নেটো”ৰ মিত্ৰতা পূৱ ইউৰোপত সম্প্ৰসাৰিত কৰিছিল। তেওঁ ২০০২ চনত ইৰাক যুদ্ধক কৰ্তৃত্ব প্ৰদান কৰা আৱেদনক সমৰ্থন কৰিছিল। পিছত তেওঁ ২০০৭ চনত ড্ৰাগ নীতি, অপৰাধ প্ৰতিৰোধ আৰু নাগৰিক ৰক্ষাৰ সমস্যাৰ মোকাবিলা কৰি ১৯৮৭ চনৰ পৰা ১৯৯৫ লৈ চেনেট ন্যায়িক সমিতিৰ সভাপতি হৈছিল। তেওঁ হিংসাত্মক অপৰাধ (Hate Crime) নিয়ন্ত্ৰণ আৰু আইন প্ৰণয়ণ আইন আৰু নাৰী নিৰ্য্যাতনৰ বিৰুদ্ধে আইন পাছ কৰাৰ প্ৰচেষ্টাৰ নেতৃত্ব দিছিল। ১৯৮৮ চনত আৰু পুনৰ ২০০৮ চনত ডেমক্ৰেটিক প্ৰেছিডেণ্টেণ্ট নিৰ্বাচনত তেওঁ বিফল হৈছিল।

বাইডেন ছয়বাৰ চিনেটলৈ পুনৰ নিৰ্বাচিত হৈছিল, আৰু ২০০৮ চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত জয়ী হোৱা বৰাক অ'বামাৰ উপ-সভাপতিৰ পদ গ্ৰহণ কৰিছিল; অ’বামা আৰু বাইডেনক ২০১২ চনত পুনৰ নিৰ্বাচিত কৰা হৈছিল। কংগ্ৰেছনেল ৰিপাব্লিকানসকলৰ সৈতে তেওঁৰ আলোচনাই ২০১০ কৰ সাহায্য আইন (2010 Tax Relief Act) ধাৰ্য্য কৰাত সহায় কৰিছিল, যি আইনখনে কৰ ৰক্ষাৰ মীমাংসা কৰিছিল; ২০১১ চনৰ বাজেট নিয়ন্ত্ৰণ আইন, যি ঋণ ৰক্ষাৰ সংকট সমাধান কৰিছিল; আৰু লগতে আমেৰিকাৰ কৰদাতা প্ৰশস্তি আইন ২০১২ (American Taxpayer Relief Act of 2012) ধাৰ্য্য কৰিছিল। তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰ-ৰাছিয়াৰ নতুন ষ্টাৰ চুক্তিৰ (United States–Russia New START treaty) প্ৰচেষ্টাৰ নেতৃত্ব দিছিল। ২০১১ চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ সামৰিক অভিযান প্ৰত্যাহাৰৰ যোগেৰে ইৰাকৰ প্ৰতি আমেৰিকা যুক্তৰাষ্ট্ৰৰ নীতি প্ৰস্তুত কৰাত সহায় কৰিছিল। ইয়াৰ উপৰিও তেওঁ বন্দুকজনিত হিংসাত্মক কৰ্মদলৰ (Gun Violence Task Force) নেতৃত্ব দিছিল। ২০১৭ চনৰ জানুৱাৰী মাহত ৰাষ্ট্ৰপতি বৰাক অ’বামাই তেখেতক ৰাষ্ট্ৰপতিৰ মুক্তি পদক (Presidential Medal of Freedom) প্ৰদান কৰি সন্মানিত কৰে।

২০১৯ চনৰ এপ্ৰিল মাহত, বাইডেনে ২০২০ চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত তেওঁৰ প্ৰাৰ্থীত্ব ঘোষণা কৰে,[2] আৰু ২০২০ চনৰ ১১ আগষ্টত কেলিফৰ্ণিয়াক প্ৰতিনাধিত্ব কৰা আমেৰিকা যুক্তৰাষ্ট্ৰৰ চেনেটৰ কমলা হেৰিছক তেওঁৰ উপ ৰাষ্ট্ৰপতি হিচাপে ঘোষণা কৰে। জ' বাইডেন ২০২০ চনৰ ৩ নৱেম্বৰৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি নিৰ্বাচনীত ৪৫তম ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পক পৰাজিত কৰি আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৪৬তম ৰাষ্ট্ৰপতি নিৰ্বাচিত হয়। ট্ৰাম্প ১৯৯২ চনৰ পৰা প্ৰথম আমেৰিকাৰ ৰাষ্ট্ৰপতি যিয়ে দ্বিতীয় কাৰ্যনিৰ্বাহকৰ বাবে বিড হেৰুওৱা দেশৰ ইতিহাসত একাদশতম পদত্যাগী, আৰু বাইডেনে ১৯৩২ চনৰ পৰা এজন পদাধিকাৰীৰ বিৰুদ্ধে জনপ্ৰিয় ভোটৰ সৰ্ববৃহৎ অংশ লাভ কৰা এজন ৰাষ্ট্ৰপতি।[3][4][5]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. "Biden officially secures enough electors to become president". AP NEWS. December 5, 2020.
  2. Linskey, Annie (June 9, 2020)."Biden clinches the Democratic nomination after securing more than 1,991 delegates"
  3. Haltiwanger, John (November 7, 2020). "Trump is the first president in nearly 3 decades to lose a reelection". Business Insider.
  4. Herndon, Astead W. (November 14, 2020). "Biden Asked Republicans to Give Him a Chance. They're Not Interested". The New York Times.
  5. Hohmann, James (November 11, 2020). "The Daily 202: Biden won with the weakest coattails in 60 years. That could make him dependent on GOP senators". The Washington Post.