কাঞ্চনজংঘা ৰাষ্ট্ৰীয় উদ্যান

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(Khangchendzonga National Parkৰ পৰা পুনঃনিৰ্দেশিত)
কাঞ্চনজংঘা ৰাষ্ট্ৰীয় উদ্যান
Khangchendzonga National Park
গৈছা লা গিৰিপথৰ মাউণ্ট কাঞ্চনজংঘা, কাঞ্চনজংঘা ৰাষ্ট্ৰীয় উদ্যান, ছিক্কিম
গৈছা লা গিৰিপথৰ মাউণ্ট কাঞ্চনজংঘা, কাঞ্চনজংঘা ৰাষ্ট্ৰীয় উদ্যান, ছিক্কিম
মানচিত্ৰত কাঞ্চনজংঘা ৰাষ্ট্ৰীয় উদ্যান Khangchendzonga National Parkৰ অৱস্থিতি
অৱস্থান উত্তৰ ছিক্কিম, ছিক্কিম
নিকটতম চহৰ চুংথাং
মাটিকালি 1,784 বৰ্গ কি.মি. (689 বৰ্গ মাইল)
প্ৰতিস্থা ১৯৭৭
কৰ্তৃপক্ষ পৰিৱেশ, জলবায়ু পৰিৱৰ্তন আৰু বন মন্ত্ৰণালয়, ভাৰত চৰকাৰ
ধৰণ মিশ্ৰিত
চৰ্ত iii, vi, vii, x
নিৰ্ধাৰিত ২০১৬ (৪০তম অধিবেশন)
প্ৰসংগ  সংখ্যা 1513
State Party ভাৰত

কাঞ্চনজংঘা ৰাষ্ট্ৰীয় উদ্যান বা কাঞ্চনজংঘা বায়স্ফেয়াৰ ৰিজাৰ্ভ ভাৰতৰ ছিক্কিমত অৱস্থিত ৰাষ্ট্ৰীয় উদ্যান আৰু বায়স্ফেয়াৰ ৰিজাৰ্ভ। ২০১৬ চনৰ জুলাই মাহত অনুষ্ঠিত হোৱা ৪০তম অধিবেশনত ইয়াক ইউনেস্কোৰ দ্বাৰা বিশ্ব ঐতিহ্যবাহী স্থানৰ তালিকাত অন্তৰ্ভুক্ত কৰা হয়। লগতে ই ভাৰতৰ প্ৰথম মিশ্ৰিত ঐতিহ্যবাহী স্থান[1] এই ৰাষ্ট্ৰীয় উদ্যানৰ নাম কাঞ্চনজংঘা শৃংগৰ নামেৰে ৰখা হৈছে। কাঞ্চনজংঘা ভাৰতৰ আটাইতকৈ উচ্চতম আৰু পৃথিৱীৰ তৃতীয় উচ্চতম শৃংগ আৰু ইয়াৰ উচ্চতা ৮,৫৮৬ মিটাৰ। উদ্যান খনৰ ক্ষেত্ৰফল ১,৭৮৪ বৰ্গ কিঃমিঃ।

মানৱ ইতিহাস[সম্পাদনা কৰক]

ৰাষ্ট্ৰীয় উদ্যান খনৰ ভিতৰত কিছুমান লেপচা জনজাতিৰ লোকৰ ঘৰ আছে।

উদ্যান খনৰ ভিতৰতে থলুং মনেষ্টৰী অৱস্থিত। এই গুম্পা ৰাষ্ট্ৰীয় উদ্যান খনৰ বাফাৰ জ'নত অৱস্থিত। ই ছিক্কিমৰ অন্যতম পৱিত্ৰ বৌদ্ধ মনেষ্টৰী।[2][3][4]

ভূগোল[সম্পাদনা কৰক]

কাঞ্চনজঙ্ঘা ৰাষ্ট্ৰীয় উদ্যান আৰু বায়স্ফেয়াৰ ৰিজাৰ্ভৰ মেপ

কাঞ্চনজংঘা ৰাষ্ট্ৰীয় উদ্যান ছিক্কিমৰ উত্তৰ ছিক্কিম জিলা আৰু পশ্চিম ছিক্কিম জিলাত অৱস্থিত। ইয়াৰ উচ্চতা ১,৮২৯ মিটাৰৰ পৰা ৮,৫৫০ মিটাৰ আৰু মুঠ মাটিকালি ৮৪৯.৫ বৰ্গ কিঃমিঃ।[5]

ইয়াৰ উত্তৰে তিব্বতৰ কমোলাংমা ৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ আৰু পশ্চিমে নেপালৰ কাঞ্চনজঙ্ঘা সংৰক্ষিত অঞ্চল অৱস্থিত।[6]

তথ্য উৎস[সম্পাদনা কৰক]

  1. Tile: UNESCO approves all 3 Indian nominations for heritage tag, Publisher: India Today news, Published on: 18 July 2016, Accessed on: 18 July 2016
  2. "Tholung Monastery (1789 A.D)". Department of Information Technology Government of SikkimDepartment of Ecclesiastical Affairs, Government of Sikkim. Archived from the original on 15 April 2017. https://web.archive.org/web/20170415011555/http://www.sikkimeccl.gov.in/History/Monasteries/North/TholungMonastery.aspx। আহৰণ কৰা হৈছে: 14 April 2017. 
  3. "Tholung Monastery Trekking - 10 Days". Alpine Adventure Club Treks & ExpeditionAlpine Adventure Club. http://www.alpineadventureclub.com/tolung-monastery-trekking.html। আহৰণ কৰা হৈছে: 14 April 2017. 
  4. "Khangchendzonga National Park: Tholung monastery in the buffer zone of KBR". UNESCO World Heritage Centre. http://whc.unesco.org/en/documents/141195। আহৰণ কৰা হৈছে: 14 April 2017. 
  5. O'Neill, Alexander (2017-03-29). "Sikkim claims India’s first mixed-criteria UNESCO World Heritage Site". Current Science খণ্ড 112 (5): 893–994. http://www.currentscience.ac.in/Volumes/112/05/0893.pdf। আহৰণ কৰা হৈছে: 2017-05-11. 
  6. Bhuju, U. R., Shakya, P. R., Basnet, T. B., Shrestha, S. (2007). Nepal Biodiversity Resource Book. Protected Areas, Ramsar Sites, and World Heritage Sites. Archived 26 July 2011 at the Wayback Machine International Centre for Integrated Mountain Development, Ministry of Environment, Science and Technology, in cooperation with United Nations Environment Programme, Regional Office for Asia and the Pacific. Kathmandu, Nepal. আই.এচ.বি.এন. 978-92-9115-033-5

বাহ্যিক সংযোগ[সম্পাদনা কৰক]