ভাষাবিজ্ঞান

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(Linguisticsৰ পৰা পুনঃনিৰ্দেশিত)
Jump to navigation Jump to search
বাক্-যন্ত্ৰৰ বিভিন্ন বাগিন্দ্ৰিয় সমূহ।

ভাষাবিজ্ঞান হ'ল ভাষাৰ প্ৰণালীবদ্ধ অধ্যয়ন। মানৱ সমাজত প্ৰচলিত যিকোনো আৰু সকলো ভাষাৰে ই অধ্যয়ন কৰে। এই ভাষাবোৰ কেনেকৈ গঠিত হৈছে, সময়ৰ সোঁতত বা প্ৰব্ৰজন ফলত ইয়াৰ কেনেকৈ পৰিবৰ্তন হয় বা হৈছে , অন্য ভাষাৰ লগত ই কেনেদৰে সম্পৰ্কীত আৰু কোৱা লোকসকলে ইয়াক কেনেদৰে কয় ইত্যাদি বিষয়ে ভাষাবিজ্ঞানত আলোচনা কৰা হয়। ভাষাবিজ্ঞান নামটো ইংৰাজী Linguistic Science ৰ অসমীয়া ৰূপান্তৰ। ভাষাবিজ্ঞানক আগতে Comparative Philology, Glossology, Glotology আদি নামেৰে নামাঙ্কিত কৰা হৈছিল। পিছত অকল Philology নামটোৰেই এই বিষয়ৰ অধ্যয়নক বুজোৱা হ'ল। Philos মানে প্ৰেমী আৰু logos মানে ভাষা। আজিকালি ভাষাবিজ্ঞানক Linguistic বুলিহে কয়।[1]Lingua ৰ অৰ্থ মাত, কথা অৰ্থাৎ ভাষা আৰু istics ৰ অৰ্থ জ্ঞান বা বিজ্ঞান। H. A. Gleason ৰ মতে "ভাষাবিজ্ঞান হ'ল এনে এবিধ বিজ্ঞান, যি ভাষাটোৰ অভ্যন্তৰীণ গঠন বিশ্লেষণ কৰি ভাষাটো বুজিবলৈ চেষ্টা কৰে। "

ভাষাবিজ্ঞানীৰ প্ৰথম কাম হ'ল মানুহে ভাষাটো কেনেকৈ কয় বা লিখে তাকে বৰ্ণনা কৰাটো; তেওঁলোকে কেনেকৈ কোৱা বা লিখা উচিত তাৰ বিধান দিয়াটো নহয়। অন্য অৰ্থত, ভাষাবিজ্ঞান হ'ল বৰ্ণনামূলক -- নিদানমূলক নহয়।[2] ভাষাৰ জন্ম, ভাষাৰ উপাদান আৰু প্ৰকৃতি ইত্যাদি বিশেষ ভাষা নিৰপেক্ষ বিষয় অৰ্থাৎ ভাষাৰ সামগ্ৰীক দিশৰ ওপৰত ভাষাবিজ্ঞানে পৰ্যালোচনা চলায়। স্থানীয় উপভাষাসমূহ ভাষাবিজ্ঞানীৰ বাবে গভীৰ আকৰ্ষণৰ বস্তু। উপভাষাবোৰৰ বৈচিত্ৰই তেওঁক কামৰ সমল যোগায় বাবেই নহয়, ভাষাটোৰ মান্য আৰু উপ-মান্য ৰূপৰ মূল আৰু ইতিহাসো এনে স্থানীয় ভাষাৰ আলোকতে বিচাৰ কৰা সম্ভৱ।[3]

ভাষাবিজ্ঞানৰ শাখা[সম্পাদনা কৰক]

এইবোৰৰ উপৰিও আৰু কেবাটাও অন্যান্য শাখা আছে। সেইবোৰ হ'ল --

বৰ্ণনাত্মক ভাষাবিজ্ঞান[সম্পাদনা কৰক]

কোনো এটা ভাষাৰ কোনো এক নিৰ্দিষ্ট সময়ৰ অধ্যয়নকে বৰ্ণনাত্মক ভাষাবিজ্ঞান বোলে। ইয়াত ভাষাটোৰ অতীত বা ভৱিষ্যতৰ গতিক লৈ কোনো আলোচনা কৰা নহয়। কথিত ভাষাৰ প্ৰতি এই শাখাৰ এটা দুৰ্বলতা আছে। যি ভাষাৰ কোনো প্ৰাচীন নিদৰ্শন নাই , যি ভাষা কেতিয়াও লিপিবদ্ধ হোৱা নাই, তেনে ভাষাক সহজে বিশ্লেষণ কৰিবলৈ এই শাখা অধ্যয়নৰ প্ৰয়োজনীয়তা আছে।[4] এই শাখাটোক সমকালীন বা সমকালিক ভাষাবিজ্ঞান বুলিও কোৱা হয়।

ঐতিহাসিক ভাষাবিজ্ঞান[সম্পাদনা কৰক]

কোনো এটা ভাষাৰ বিভিন্ন সময়ৰ ৰূপ অৰ্থাৎ ভাষাৰ সময়ৰ সোঁতত কেনেদৰে পৰিবৰ্তন আৰু বিকাশ হয় , তাৰে বিতং আলোচনা ইয়াত কৰা হয়। বৰ্ণনাত্মক ভাষাবিজ্ঞান ঐতিহাসিক ভাষাবিজ্ঞানৰ ভেটিস্বৰূপ। ঐতিহাসিক ভাষাবিজ্ঞানৰ আন এটি নাম হ'ল কালক্ৰমিক ভাষাবিজ্ঞান

তুলনামূলক ভাষাবিজ্ঞান[সম্পাদনা কৰক]

এই শাখাত দুই বা ততোধিক সমগোত্ৰীয় ভাষাৰ মাজত তুলনামূলক বিচাৰ বিশ্লেষণ কৰা হয়। কেতিয়াবা একেটা ভাষাৰে প্ৰাচীন আৰু আধুনিক ৰূপৰ তুলনাও এই শাখাত কৰা হয়। তুলনামূলক ভাষাবিজ্ঞানৰ জৰিয়তে বিভিন্ন ভাষাৰ পূৰ্ব ৰূপৰ নিৰূপণৰ দ্বাৰা ভাষাৰ পাৰিবাৰিক সম্পৰ্ক স্থাপন কৰিব পাৰি।[5]

ভাষাবিজ্ঞানৰ অধ্যয়নৰ স্তৰ[সম্পাদনা কৰক]

ধ্বনিবিজ্ঞান[সম্পাদনা কৰক]

ভাষাৰ মূল হ'ল ধ্বনি। ধ্বনিৰ বিষয়ে য'ত পুংখাপুঙ্খভাৱে অধ্যয়ন কৰা হয় সেয়াই ধ্বনিতত্ত্ব(Phonology)। ধ্বনিৰ উচ্চাৰণ , উচ্চাৰণ কৰোঁতে প্ৰয়োগ হোৱা বাগিন্দ্ৰিয়, উচ্চাৰণৰ বিভিন্ন কৌশল বা ধৰণ আৰু স্থান, ধ্বনিৰ লক্ষণ, গুণ আৰু এইবোৰৰ প্ৰকৃতি বা স্বৰূপ আদিৰ বিজ্ঞানসন্মত সূক্ষ্ম আলোচনা কৰা হয় ধ্বনিবিজ্ঞানত। ধ্বনিবিজ্ঞানক আকৌ তিনিটা ভাগত ভাগ কৰা হয়।

  • উচ্চাৰণাত্মক ধ্বনিবিজ্ঞান : (Articulatory Phonetics) ধ্বনিৰ উচ্চাৰণ, উচ্চাৰণৰ বাগিন্দ্ৰিয়বোৰৰ বৰ্ণনা, উচ্চাৰণৰ স্থান, প্ৰকাৰ আৰু কৌশল অনুসৰি ধ্বনিৰ শ্ৰেণী বিভাগ আদিৰ আলোচনাক উচ্চাৰণাত্মক ধ্বনি বিজ্ঞান কোৱা হয়।
  • শ্ৰুতি বিজ্ঞান : (Acoustics) বক্তাৰ মুখৰ পৰা উচ্চাৰিত ধ্বনিয়ে বক্তা আৰু শ্ৰোতাৰ মাজত থকা বায়ুমণ্ডলত অসংখ্য ঢৌৰ সৃষ্টি কৰে। এই ঢৌবোৰে শ্ৰোতাৰ কাণ মাদলত খুন্দা মাৰেগৈ। কাণ মাদলৰ স্নায়ুমণ্ডলীয়ে এই খুন্দাৰ প্ৰতিক্ৰিয়া মগজুলৈ পঠায়। মগজুত এই প্ৰতিক্ৰিয়াৰ ব্যাখ্যা হয় আৰু তেতিয়াহে শ্ৰোতাই শুনে। বক্তাৰ মুখৰ পৰা উচ্চাৰিত ধ্বনিৰ দ্বাৰা বায়ুমণ্ডলত ঢৌৰ সৃষ্টি হয়। এই ঢৌবোৰৰ নিত্যতাৰ(frequency) আৰু গতি আদিৰ য'ত আলোচনা কৰা হয় তাৰ নাম শ্ৰুতি বিজ্ঞান।[6]
  • ধ্বন্যাত্মক ধ্বনিবিজ্ঞান : উচ্চাৰিত বাগধ্বনিসমূহে শ্ৰৱণেন্দ্ৰিয়ত ঠেকা খাই মহজুত কি ধৰণৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে , সেই সম্পৰ্কে ধ্বনি বিজ্ঞানৰ যি শাখাত আলোচনা কৰা হয় তাকে ধ্বন্যাত্মক ধ্বনি বিজ্ঞান বোলে।[7]

ৰূপতত্ত্ব[সম্পাদনা কৰক]

ৰূপতত্ত্বৰ মূল আধাৰ হ'ল ৰূপ। ইংৰাজীত ৰূপৰ প্ৰতিশব্দ Morpheme। ৰূপতত্ত্ব হ'ল ভাষাত ব্যৱহৃত ৰূপ বা ৰূপাংশৰ বিশ্লেষণ অৰ্থাৎ শব্দগঠন আৰু পদৰ পৰ্যালোচনা। ৰূপ হ'ল ভাষা এটাৰ ক্ষূদ্ৰতম অৰ্থবহ গোট। অৰ্থৰ ই অবিভাজ্য গোট। ৰূপ দুবিধ -- যিবোৰ ৰূপ বাক্যত অকলে ব্যৱহাৰ হ'ব পাৰে সেইবোৰক মুক্তৰূপ আৰু যিবোৰ ৰূপ বাক্যত অকলে ব্যৱহাৰ হ'ব নোৱাৰে সেইবোৰক বদ্ধৰূপ বোলে।[8]

বাক্যতত্ত্ব[সম্পাদনা কৰক]

গ্ৰীক Syntaxis পদৰ পৰা গঠিত Syntax পদৰ আভিধানিক অৰ্থ Rules of sentence making। Syntax ৰ অসমীয়া প্ৰতিশব্দ বাক্যবিন্যাস বা বাক্যতত্ত্ব। গ্ৰীক syntax শব্দৰ মূল অৰ্থ একত্ৰ বিন্যাস বা সহ বিন্যাস। সংস্কৃত ব্যাকৰণবিদে বাক্যগঠন প্ৰক্ৰিয়াক বাক্যবিন্যাস, বাক্যবিবেক, পদান্বয় আদি অভিধাৰে বুজাইছিল।[9] দৰাচলতে বাক্যতত্ত্বত বাক্যগঠনৰ ৰীতি প্ৰকৃতি সম্বন্ধে বিচাৰ বিশ্লেষণ কৰা হয়। বাক্যই মানুহৰ মনৰ ভাব এটিক পূৰ্ণভাবে প্ৰকাশ কৰে। সেয়েহে ভাষাক বাক্যভিত্তিক বুলি কোৱা হয়। বাক্যই মানুহৰ মনৰ ভাব এটিক পূৰ্ণভাবে প্ৰকাশ কৰে। সেয়েহে ভাষাক বাক্যভিত্তিক বুলি কোৱা হয়। বাক্য এটাত ব্যৱহাৰ হোৱা পদবোৰ লগ লগাৰ এটা ব্যৱহাৰ পদবোৰ লগ লগাৰ এটা নিৰ্দিষ্ট প্ৰণালী আছে। প্ৰত্যেক ভাষাৰ বাক্য গঠন প্ৰণালীৰ বৈশিষ্ট্য আছে। প্ৰত্যেক ভাষাৰে কিছুমান বাক্য মৌলিক বা সাৰ স্বৰূপ। বাকীবোৰ বাক্য সেই মৌলিক বাক্যৰ পৰা উৎপন্ন হয়। আকৌ দেখা যায় যে জটিল বাক্যবোৰ সৰল বাক্যৰ সমহাৰত গঢ়ি উঠে। কিছুমান বাক্য আকৌ দেখাত সদৃশ। কিন্তু অৰ্থৰ ফালৰ পৰা পৃথক। বাক্যতত্ত্বত একোটা ভাষাত ব্যৱহৃত পদসমূহৰ প্ৰণালী, ইটো পদৰ লগত সিটো পদৰ সম্পৰ্ক, সেই সম্পৰ্কৰ প্ৰকাৰ ভেদ আদিৰ বিশ্লেষণ থাকে।[10]

শব্দাৰ্থতত্ত্ব[সম্পাদনা কৰক]

শব্দাৰ্থ তত্ত্ব বা অৰ্থবিজ্ঞান ভাষাবিজ্ঞানৰ এটা উল্লেখযোগ্য স্তৰ। মানুহে ভাব বিনিময়ৰ বাবে ব্যৱহাৰ কৰা বাক্য, উক্তি বা শব্দৰ অৰ্থৰ বিষয়ে বিজ্ঞানসন্মত বিশ্লেষণেই শব্দাৰ্থ তত্ত্ব বা অৰ্থবিজ্ঞান। শব্দাৰ্থ তত্ত্বক ইংৰাজীত Semantics বুলি কোৱা হয়। আচলতে শব্দাৰ্থ তত্ত্ব বুজাবলৈ ইংৰাজীত Rhematology, Rhematics, Semantology, Glossology, Semiotics আদি বহু শব্দ প্ৰথম অৱস্থাত ব্যৱহৃত হৈছিল। বৰ্তমান এই নামবোৰৰ ব্যৱহাৰ প্ৰায়ে নায়েই।[11]

তথ্যসংগ্ৰহ[সম্পাদনা কৰক]

  1. পাঠক, ৰমেশ (২০০০). ভাষাবিজ্ঞানৰ ভূমিকা. প্ৰকাশক গুৱাহাটী: অসম একাডেমিক চেণ্টাৰ. পৃষ্ঠা. ৩৭. 
  2. Lyons, John (1968). Introduction to Theoritical Linguistic. প্ৰকাশক London: Cambridge University Press. পৃষ্ঠা. 6. ISBN 9781139165570. 
  3. Bloomfield, L (1985). Language. প্ৰকাশক Delhi: Motilal Banarasidass. পৃষ্ঠা. 19. 
  4. সেন, সুকুমাৰ (১৯৪২). ভাষাৰ ইতিবৃত্তি. প্ৰকাশক কলকাতা: আনন্দ পাব্লিশাৰ্স. পৃষ্ঠা. ২৫. 
  5. গোস্বামী, উপেন্দ্ৰনাথ (২০১১). ভাষাবিজ্ঞান. প্ৰকাশক গুৱাহাটী: মণি মাণিক প্ৰকাশ. পৃষ্ঠা. ৩৮. 
  6. গোস্বামী, ড॰ গোলোকচন্দ্ৰ (১৯৮৫). ধ্বনিবিজ্ঞানৰ ভূমিকা. প্ৰকাশক গুৱাহাটী: বীণা লাইব্ৰেৰী. পৃষ্ঠা. ২২- ২৩. 
  7. কোঁৱৰ, অপৰ্ণা (২০০২). ভাষাবিজ্ঞান উপক্ৰমণিকা. প্ৰকাশক ডিব্ৰুগড়: বনলতা. পৃষ্ঠা. ৯৫. 
  8. পাঠক, ৰমেশ (১৯৮৮). ব্যাকৰণ আৰু প্ৰাকৃতি বিজ্ঞান. প্ৰকাশক গুৱাহাটী: বীণা লাইব্ৰেৰী. পৃষ্ঠা. ৩১. 
  9. আজাদ, হুমায়ুন (১৯৮৪). বাক্যতত্ত্ব. প্ৰকাশক ঢাকা: বঙালী একাডেমী. পৃষ্ঠা. ২২. 
  10. ভট্টাচাৰ্য, বসন্ত কুমাৰ (১৯৯৩). ভাষাবিজ্ঞান প্ৰৱেশ. প্ৰকাশক টিহু: চন্দ্ৰপ্ৰকাশ. পৃষ্ঠা. ৯৬. 
  11. পাঠক, ৰমেশ (২০০০). ভাষাবিজ্ঞানৰ ভূমিকা. প্ৰকাশক গুৱাহাটী: অসম একাডেমিক চেণ্টাৰ. পৃষ্ঠা. ১৫৯.