বন-ৰৌ
বনৰৌ (Pangolin)[1] জীৱাশ্ম কাল: Paleocene–Recent | |
---|---|
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
ৰাজ্য: | Animalia |
পৰ্ব: | Chordata |
শ্ৰেণী: | Mammalia |
অনুশ্ৰেণী: | Eutheria |
মহাবৰ্গ: | Laurasiatheria |
বৰ্গ: | Pholidota Weber, 1904 |
পৰিয়াল: | Manidae Gray, 1821 |
গণ: | Manis Linnaeus, 1758 |
Species | |
Manis culionensis | |
বন-ৰৌ বা কেমটাই পহু (ইংৰাজী: Pangolin) আফ্ৰিকা আৰু এছিয়া মহাদেশত দেখিবলৈ পোৱা এবিধ চাৰিঠেঙীয়া জন্তু ।
দৈহিক গঠন
[সম্পাদনা কৰক]জেঠী সদৃশ প্ৰকাণ্ড দেহটো ৰৌ-মাছৰ দৰে বাকলিৰে আবৃত । ইয়াৰ নেজ বৰ দীঘল আৰু কাণ সৰু । দেহৰ আকাৰ ৩০ – ১০০ ছে.মি.লৈকে হোৱা দেখা যায় ।
বিতৰণ
[সম্পাদনা কৰক]আফ্ৰিকাৰ পূৱ, মধ্য আৰু দক্ষিণ ভাগ, ছুদান , ভাৰত আৰু দক্ষিণ-পূৱ এছিয়াত এইবিধ জন্তু পোৱা যায় ।
বসতিস্থল
[সম্পাদনা কৰক]বেছিভাগ বন-ৰৌ/কেমটাই মাটিত বাস কৰে কিন্তু কিছুমান বনৰৌ গছতো বাস কৰে । ইহঁতে সাধাৰণতে শুকান, বালীঅহীয়া ঠাইত থাকি ভাল পায় ।
আচৰণ
[সম্পাদনা কৰক]ইহঁত নিশাচৰ; সাধাৰণতে অকলে থাকি ভাল পায় আৰু কেৱল মিলনৰ সময়তহে যোৰ পাতি থাকে । ঘ্ৰাণশক্তি বৰ বেছি আৰু ইয়াৰ সহায়তে খাবলৈ পোক-পতঙ্গ বিচাৰি উলিয়ায় । দাঁত নাই যদিও আঠা লগা জিভাখনেৰে পোক-পতঙ্গ ধৰিব পাৰে ।
ইহঁতক কোনোবা শত্ৰুয়ে আক্ৰমণ কৰিলে বল এটাৰ দৰে নিজৰ দেহাটো মেৰিয়াই লয় আৰু কেতিয়াবা দেহত থকা বাকলিৰে শত্ৰুক আক্ৰমণ কৰে । ইহঁতে বেয়া গন্ধ থকা জুলীয়া দ্ৰব্য নিঃসৰণ কৰিব পাৰে ।
স্থিতি তথা সংৰক্ষণ
[সম্পাদনা কৰক]তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Schlitter, Duane A. (16 November 2005). Wilson, Don E., and Reeder, DeeAnn M., eds. ed. Mammal Species of the World (3rd সম্পাদনা). প্ৰকাশক Baltimore: Johns Hopkins University Press, 2 vols. (2142 pp.). পৃষ্ঠা. 530–531. ISBN 978-0-8018-8221-0. OCLC 62265494. http://www.bucknell.edu/msw3.