গুৰুতৰ অৱসাদজনিত ব্যাধি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(Major depressive disorderৰ পৰা পুনঃনিৰ্দেশিত)
গুৰুতৰ অৱসাদজনিত ব্যাধি
অন্য নাম নিদানিক অৱসাদ, গুৰুতৰ অৱসাদ, একমেৰু অৱসাদ, একমেৰু বিসংগতি, পুনৰাবৃত্ত অৱসাদ
ভিনচেণ্ট ভেন গঘ
শোকাতুৰ বৃদ্ধ ('এট্ ইটাৰ্নিটিজ্ গে'ট')(১৮৯০)
বিভাগ মনোৰোগবিদ্যা
নিদানিক মনোবিজ্ঞান
লক্ষণ হতাশগ্ৰস্ততা, নিম্ন আত্ম-মৰ্য্যদা, সচৰাচৰ আনন্দ উপভোগৰ ক্ৰিয়াৰ প্ৰতি আগ্ৰহ হ্ৰাস, নিম্ন শক্তি, স্পষ্ট কাৰণৰহিত বেদনা, বিষ [1]
জটিলতা আত্ম-হানি, আত্মহত্যা [2]
আৰম্ভণি ২০ বছৰৰ দশকত–৩০ বছৰৰ দশকত[3] [4]
স্থায়িত্ব > ২ সপ্তাহ[1]
কাৰণ বংশগতিজনিত, পৰিৱেশগত, আৰু মনোবৈজ্ঞানিক কাৰণ [1]
আশংকাৰ কাৰণ পাৰিবাৰিক ইতিহাস, জীৱনত সংঘটিত গুৰুতৰ পৰিৱৰ্তন, বিশেষ কিছুমান ঔষধ, দীৰ্ঘকালীন স্বাস্থ্যৰ সমস্যা, নিচাযুক্ত দ্ৰব্যৰ সেৱন [1][3]
একেধৰণৰ ৰোগ একমেৰু বিসংগতি, অত্যধিক অমোঘ ব্যাধি, বিষণ্ণতা [3]
চিকিৎসা মনোবৈজ্ঞানিক পৰামৰ্শদান, অৱসাদৰোধী ঔষধ, ইলেক্ট্ৰ'কনভালছিভ থেৰাপী, ব্যায়াম [1][5]
পুনৰাবৃত্তি ১৬৩ মিলিয়ন (২০১৭)[6]

গুৰুতৰ অৱসাদজনিত ব্যাধি (Major depressive disorder-MDD), (যাক সচৰাচৰ হতাশগ্ৰস্ততা বা অৱসাদ হিচাপেও জনা যায়), হৈছে একধৰণৰ মানসিক ব্যাধি যাৰ বৈশিষ্ট্য হ'ল যে দুসপ্তাহ বা ততোধিক কালজুৰি নিম্ন মনোৱস্থা বিস্তৃত হৈ থাকে। নিম্ন আত্ম-মৰ্য্যদা, সচৰাচৰ আনন্দ প্ৰদানকাৰী ক্ৰিয়াকৰ্মৰ প্ৰতি আগ্ৰহ হ্ৰাস, নিম্ন শক্তি আৰু স্পষ্ট কোনো কাৰণৰহিত বেদনা বা বিষ- এইকেইটা হৈছে গুৰুতৰ অৱসাদজনিত ব্যাধিৰ সাধাৰণ লক্ষণ। [1] আক্ৰান্ত ভুক্তগোগীৰ মাজে সময়ে হোৱা বিভ্ৰম (delusion) আৰু অমূলপ্ৰত্যক্ষ(hallucination)-ও এই ৰোগৰ লক্ষণ। [1] ৰোগগ্ৰস্ত কিছুসংখ্যক লোকৰ ক্ষেত্ৰত কেইবা বছৰৰ অন্তৰত হোৱা গুৰুতৰ হতাশগ্ৰস্ততাৰ পৰ্ব উদ্ৰেক হয়, আৰু আন একাংশৰ ক্ষেত্ৰৰ ব্যাধিৰ লক্ষণ প্ৰায় সকলো সময়তে পৰিলক্ষিত হয়। [3] গুৰুতৰ অৱসাদ অধিক গম্ভীৰ, আৰু সৰ্বসাধাৰণ মানুহৰ জীৱনৰ অংশ দুঃখবোধতকৈ অধিককাল জুৰি ব্যাপ্ত হৈ থাকে। [3] গুৰুতৰ অৱসাদজনিত ব্যাধিয়ে আক্ৰন্ত ব্যক্তিৰ ব্যক্তিগত জীৱন, কৰ্মজীৱন, শিক্ষা, কেৰিয়াৰ, সামাজিক জীৱন, খাদ্যাভাসকে ধৰি সাধাৰণ স্বাস্থ্যৰ ক্ষেত্ৰতো বিৰূপ প্ৰভাৱ বিস্তাৰ কৰে। [1][3] গুৰুতৰ হতাশগ্ৰস্ততাত ভোগা প্ৰাপ্তবয়স্কসকলৰ মাজত ২-৮% লোকে আত্মহত্যাৰ পথ বাছি লয়, [2][7], আৰু আত্মহত্যাৰ জৰিয়তে মৃত্যু ঘটা প্ৰায় ৫০% লোকৰেই মৃত্যুৰ পূৰ্বকালীন অৱসাদ বা অন্য কোনো মনোৱস্থা সংক্ৰান্তীয় ব্যাধিত আক্ৰান্ত হোৱাৰ তথ্য পোৱা যায়। [8]

গুৰুতৰ অৱসাদজনিত ব্যাধিৰ ৰোগনিৰ্ণয় আক্ৰান্ত ব্যক্তিৰ প্ৰতিবেদিত অভিজ্ঞতা আৰু মানসিক অৱস্থা পৰীক্ষণৰ ওপৰত ভিত্তি কৰি কৰা হয়। [9] এই ব্যাধিৰ ৰোগনিৰ্ণয়ৰ বাবে কোনো পৰীক্ষাগাৰমূলক অধ্যয়ন নাই,[3] কিন্তু এই ব্যাধিৰ সদৃশ লক্ষণ প্ৰদৰ্শনকাৰী আন শাৰীৰিক অসুস্থতাৰ নঞৰ্থক উপস্থিতি প্ৰমাণ কৰিবলৈ পৰীক্ষা কৰা হয়। [9] গুৰুতৰভাৱে অৱসাদগ্ৰস্ত ব্যক্তিসকলক সাধাৰণতে মনোবৈজ্ঞানিক পৰামৰ্শ-প্ৰদান আৰু অৱসাদৰোধী ঔষধ প্ৰদানৰ জৰিয়তে চিকিৎসা প্ৰদান কৰা হয়। [1] ঔষধৰ জৰিয়তে সুফল লাভ কৰে বুলি বিশ্বাস কৰা হয়, কিন্তু ইয়াৰ কাৰ্যকাৰিতা গুৰুতৰভাৱে আক্ৰান্ত ৰোগীৰ ক্ষেত্ৰতহে পৰ্য্যবেক্ষণীয়ভাৱে উল্লেখনীয় হয়। [10][11] ৰোগীক প্ৰদান কৰা কাউন্সেলিঙৰ পদ্ধতিসমূহৰ ভিতৰত আছে সংজ্ঞানাত্মক আচৰণগত মনোচিকিৎসা (Cognitive behavioral therapy, CBT) আৰু আন্তঃবৈক্তিক মনোচিকিৎসা (interpersonal therapy),[1][12] আৰু আন চিকিৎসাপদ্ধতি সমূহৰ মাধ্যমেৰে সুফল লাভ নকৰিলে ইলেক্ট্ৰ'কনভালছিভ থেৰাপী (electroconvulsive therapy-ECT) ব্যৱহাৰ কৰা হয়। [1] আত্ম-হানি বা আত্মঘাতৰ আশংকাযুক্ত ৰোগীক চিকিৎসালয়ত ভৰ্তি কৰাব লগা হয়, আৰু কোনো কোনো ক্ষেত্ৰত এয়া ৰোগীৰ ইচ্ছাৰ বিৰুদ্ধেও হ'ব পাৰে। [13]

এই ৰোগৰ আৰম্ভণি সৰ্বসাধাৰণতে ব্যক্তিৰ ২০ বছৰ বয়সৰ দশকত আৰু ৩০ বছৰ বয়সৰ দশকত হয়,[3][4] পুৰুষতকৈ নাৰী আক্ৰান্ত হোৱাৰ হাৰ প্ৰায় দ্বিগুণ।[3][4] ২০১৭ চনৰ তথ্য অনুসৰি বিশ্বৰ প্ৰায় ১৬৩ মিলিয়ন লোক (পৃথিৱীৰ মুঠ জনসংখ্যাৰ প্ৰায় ২%) গুৰুতৰ অৱসাদজনিত ব্যাধিত আক্ৰান্ত। [6] জীৱনৰ কমপক্ষেও এটা বিন্দুত এই ৰোগত আক্ৰান্ত লোকৰ পৰিসংখ্যা জাপানত ৭% ৰ পৰা ফ্ৰান্সত ২১% লৈকে হয়। [4] জীৱনকালীন আক্ৰান্তৰ হাৰ উন্নত দেশসমূহত (১৫%) উন্নয়নশীল দেশসমূহৰ তুলনাত (১১%) অধিক। [4] ককাঁলৰ বিষৰ পিছতেই শাৰীৰিক অক্ষমতাত অৰিহণা যোগোৱা কাৰক হৈছে গুৰুতৰ অৱসাদজনিত ব্যাধি। [14]

গুৰুতৰ অৱসাদজনিত ব্যাধি পৰিভাষাটো আমেৰিকা যুক্তৰাষ্ট্ৰৰ এটা চিকিৎসকৰ গোটৰ দ্বাৰা ১৯৭০-ৰ দশকৰ মাজভাগত প্ৰথম প্ৰৱৰ্তিত হৈছিল। [15] বিশ্বাস কৰা হয় যে, গুৰুতৰ অৱসাদগ্ৰস্ততাৰ মুখ্য কাৰণ- বংশগতিজনিত কাৰক, পাৰিৱেশিক কাৰক আৰু মনোবৈজ্ঞানিক কাৰকৰ যুগপৎ প্ৰভাৱ। [1] তথ্যগতভাৱে, এই ব্যাধিৰ সৈতে জড়িত প্ৰায় ৪০% ঘটনাই বংশগতিজনিত কাৰকৰ প্ৰভাৱত সংঘটিত হয়। [3] ইয়াৰ সৈতে সংযুক্ত অন্যান্য হানি-কাৰকসমূহ হৈছে- ব্যাধিৰ পাৰিবাৰিক ইতিহাস, জীৱনত সংঘটিত গুৰুতৰ পৰিৱৰ্তন, কিছুমান ঔষধবিশেষৰ প্ৰয়োগ, দীৰ্ঘদিনীয়া স্বাস্থ্যজনিত সমস্যা, আৰু নিচাযুক্ত দ্ৰব্যৰ সেৱন। [1][3] এই ব্যাধিয়ে ৰোগগ্ৰস্ত ব্যক্তিৰ ব্যক্তিগত আৰু পাৰিবাৰিক জীৱন, আন্তঃবৈক্তিক সম্পৰ্ক, কৰ্মজীৱন, শিক্ষা, শয়নচক্ৰ, খাদ্যাভাস, আৰু সামগ্ৰিক স্বাস্থ্যলৈ ঋণাত্মক প্ৰভাৱ বিস্তাৰ কৰে। [1][3] অৱসাদজনিত ব্যাধিত সম্প্ৰতি আৰু পূৰ্বতে আক্ৰান্ত ব্যক্তিসকল আনৰ পৰা হীনদৃষ্টিৰো সম্মুখীন হ'ব লগাত পৰে। [16]

অৱসাদ ব্যাধিগ্ৰস্ত ল'ৰা-ছোৱালীৰ মনোৱস্থা সাধাৰণতে বিমৰ্ষ হোৱাৰ পৰিৱৰ্তে বিৰক্তিপূৰ্ণ হোৱা দেখা যায়, [17] আৰু বয়স আৰু পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰি ভিন-ভিন লক্ষণ প্ৰদৰ্শন কৰিব পাৰে। [18] সৰহভাগ ল'ৰা-ছোৱালীয়েই বিদ্যালয়ৰ পঢ়া শুনাৰ প্ৰতি আগ্ৰহ হেৰুৱায় আৰু তেওঁলোকৰ শৈক্ষিক ফলাফল অৱক্ষয়িত হ'বলৈ ধৰে। এনে ল'ৰা-ছোৱালী সাধাৰণতেই মইমতীয়া, দাবীকাৰী, নিৰ্ভৰশীল, বা নিৰাপত্তাহীনতা-বোধযুক্ত হিচাপে আখ্যায়িত হয়। [19] ৰোগ নিৰ্ণয় বিলম্বিত বা অপ্ৰাপ্ত হৈ ৰ'ব পাৰে, কিয়নো এনে লক্ষণবোৰ "সাধাৰণ মনোদশাত্মক" হিচাপে আখ্যায়িত হোৱাৰ আশংকা থাকে। "[17]

সংকেত আৰু লক্ষণ[সম্পাদনা কৰক]

হতাশগ্ৰস্ততাত আক্ৰান্ত এগৰাকী মহিলাৰ ১৮৯২ চনত কৃত এক প্ৰস্তৰ প্ৰতিৰূপ (লিথ'গ্ৰাফ)

গুৰুতৰ হতাশগ্ৰস্ততাই আক্ৰান্ত ব্যক্তিৰ পাৰিবাৰিক আৰু ব্যক্তিগত আন্তঃসম্পৰ্ক, কৰ্ম অথৱা শিক্ষাজীৱন, শয়ন আৰু খাদ্য অভ্যাস, আৰু সামগ্ৰিক স্বাস্থ্যলৈ বহুল প্ৰভাৱ আনে। [20] ব্যক্তিৰ কাৰ্যকাৰিতা আৰু কল্যাণৰ ওপৰত এই ব্যাধিৰ প্ৰভাৱক অন্যান্য দীৰ্ঘদিনীয়া স্বাস্থ্যজনিত সমস্যা, যেনে মধুমেহৰ সৈতে ৰিজোৱা হয়। [21]

গুৰুতৰ অৱসাদজনিত ব্যাধিত আক্ৰান্ত ব্যক্তিৰ সাধাৰণতে মুজুৰা পৰা মনোৱস্থা (মন-মৰা) পৰিলক্ষিত হয়, যিটো ব্যক্তিৰ জীৱনৰ সকলো দিশলৈ পৰিব্যাপ্ত হৈ পৰে। তেওঁলোকে পূৰ্বতে আনন্দ উপভোগ কৰা ক্ৰিয়া কৰ্মবোৰৰ প্ৰতিও আগ্ৰহ হেৰুৱাই পেলায়। হতাশাগ্ৰস্ত লোকসকল স্মৃতিৰোমন্থনত আছন্ন হৈ থকাৰ লগতে অকমৰ্ণ্যতা (স্ব-মূল্যহীনতা), অযথাযথ অপৰাধবোধ বা অনুশোচনা, অসহায়তা আৰু আশাহীনতাৰ অতি-চিন্তাৰে মনোবদ্ধ হৈ থাকে। [17] অতি গম্ভীৰ অৱস্থাত, হতাশাগ্ৰস্ত লোকসকলৰ মনোব্যাধি(psychosis)-ৰ লক্ষণে দেখা দিব পাৰে। এই লক্ষণসমূহৰ ভিতৰত আছে অপ্ৰীতিকৰ বা অসন্তোষজনক বিভ্ৰম (delusion) আৰু অমূলপ্ৰত্যক্ষ(hallucination)। [22] অৱসাদজনিত ব্যাধিৰ অন্যান্য লক্ষণসমূহৰ কিছুমান হৈছে দুৰ্বল মনোযোগ আৰু স্মৃতি (বিশেষভাৱে নিৰাশা আৰু বিষণ্ণতাগ্ৰস্ত, আৰু মনোব্যাধিগ্ৰস্তসকলৰ ক্ষেত্ৰত), [23] সামাজিক বাতাৱৰণ আৰু সামূহিক ক্ৰিয়া-কলাপৰ পৰা অপসৰণ, হ্ৰাসপ্ৰাপ্ত যৌনাকাংক্ষা, বিৰক্তি,[24] আৰু মৰণ বা আত্মহত্যাৰ চিন্তা-ভাৱনা। অৱসাদ ব্যাধিগ্ৰস্তসকলৰ মাজত নিদ্ৰাহীনতা (insomnia) সাধাৰণতেই দেখা যায়। এনে ব্যক্তিসকলে সাধাৰণতে খুব সোনকালে সাৰ পায় আৰু পুনৰ টোপনি যাব নোৱৰা হয়। [19] কোনো কোনো ক্ষেত্ৰত অতিনিদ্ৰা(Hypersomnia) অৰ্থাৎ প্ৰয়োজনাধিক টোপনিও হ'ব পাৰে। [19] মন কৰিবলগীয়া যে, কিছুমান অৱসাদৰোধী ঔষধ (antidepressants) গ্ৰহণৰ পৰা হোৱা উদ্দীপক প্ৰভাৱৰ ফলস্বৰূপেও অনিদ্ৰাৰ সৃষ্টি হ'ব পাৰে। [25]

হতাশগ্ৰস্ততাত ভোগা ব্যক্তিৰ শৰীৰত ক্লান্তি বা অৱসাদ, মূৰৰ বিষ, বা বিপাকজনিত সমস্যা, দৈহিক সমস্যা আদি বিভিন্ন দৈহিক লক্ষণে দেখা দিব পাৰে। বিশ্ব স্বাস্থ্য সংস্থা (WHO)-ৰ মতে, উন্নয়নশীল দেশসমূহত দৈহিক সমস্যাহে অধিক প্ৰতিবেদিত আৰু ইয়াৰ জৰিয়তেহে হতাশগ্ৰস্ততাৰ ৰোগনিৰ্ণয় হয়। [26] সাধাৰণতে আক্ৰান্ত ব্যক্তিৰ ভোক কমাৰ ফলস্বৰূপে ওজন হ্ৰাস হয় যদিও বহুক্ষেত্ৰত ভোজন বিসংগতিৰ ফলত ভোক বৃদ্ধি হৈ ওজন বঢ়াও দেখা যায়। [17] পৰিয়ালৰ সদস্য অথবা বন্ধুমহলৰ চকুত ব্যক্তিৰ আচৰণ অধিক মনোসঞ্চালনগত অস্থিৰতা অথবা মনোসঞ্চালনগত আলস্য (অধিক অৱসন্নতা)হা হিচাপে ধৰা দিব পাৰে। [19] বয়স্ক হতাশগ্ৰস্ত লোকৰ ক্ষেত্ৰত বোধগত দিশতো, যেনে বিস্মৃতি [23] বা সততে পৰিলক্ষিত চলাচলৰ মন্থৰতাৰ দৰে লক্ষণে দেখা দিয়ে। [27]

সংযুক্ত ব্যাধিসমূহ[সম্পাদনা কৰক]

গুৰুতৰ অৱসাদৰ সৈতে প্ৰায়ে অন্যান্য মনোৰোগজনিত সমস্যা সহ-সংঘটন হিচাপে সংযুক্ত হৈ থাকে। ১৯৯০-৯২ চনৰ National Comorbidity Survey (US) প্ৰতিবেদন অনুসৰি গুৰুতৰ অৱসাদজনিত ব্যাধিগ্ৰস্ত লোকসকলৰ অৰ্ধেকৰ জীৱনজোৱা উদ্বিগ্নতা আৰু ইয়াৰ সৈতে সাধাৰণীকৃত উদ্বিগ্নতা ব্যাধিৰ দৰে মানসিক বিসংগতি সংযুক্ত হৈ থাকে। [28] হতাশাগ্ৰস্ততাৰ ব্যাধিৰ ক্ষেত্ৰত উদ্বিগ্নতা ব্যাধিৰ লক্ষণসমূহৰ এক গুৰুতৰ প্ৰভাৱ আছে। কিয়নো ইয়াৰ ফলত বিলম্বিত উপশম, পুনঃসংঘটনৰ বৰ্দ্ধিত আশংকা, অধিকতৰ অক্ষমতা আৰু বৰ্দ্ধিত আত্মহত্যাৰ প্ৰচেষ্টাৰ দৰে জটিলতাৰ সৃষ্টি হয়। [29] হতাশাগ্ৰস্ততাৰ ব্যাধিৰ সৈতে মাদক দ্ৰ্ব্য আৰু নিচাযুক্ত দ্ৰ্ব্য সেৱনৰ বৰ্দ্ধিত হাৰ আৰু বিশেষ নিৰ্ভৰতা জড়িত,[30][31] আৰু অত্যধিক অমোঘ ব্যাধি(attention-deficit hyperactivity disorder: ADHD)-ৰে ৰোগ নিৰ্ণিত এক তৃতীয়াংশ লোকৰে সংযুক্ত হতাশগ্ৰস্ততাৰ সৃষ্টি হয়। [32] আঘাত পৰৱৰ্তী চাপজনিত ব্যাধি (Post-traumatic stress disorder) আৰু হতাশগ্ৰস্ততা প্ৰায়েই সহ-সংঘটন হিচাপে উদ্ৰেক হয়। [20] অত্যধিক-অমোঘ ব্যাধিৰ সৈতে হতাশগ্ৰস্ততা সহাৱস্থানেৰেও সংঘটিত হ'ব পাৰে, যাৰ ফলত দুয়োটা ৰোগৰে নিৰ্ণয় আৰু চিকিৎসা প্ৰক্ৰিয়া জটিল হৈ উঠিব পাৰে। [33] অৱসাদগ্ৰস্ততাৰ সৈতে সুৰাসক্তি আৰু ব্যক্তিত্ব বিসংগতি প্ৰায়েই সহ-সংঘটিত হয়। [34] ঋতুগত প্ৰভাৱী বিসংগতি(seasonal affective disorder)ত আক্ৰান্ত ব্যক্তিসকলৰ ক্ষেত্ৰত বিশেষভাৱে শীতকালীন মাহসমূহত অৱসাদগ্ৰস্ততা অধিক শোচনীয় হৈ উঠিব পাৰে। ডিজিটেল মে'ডিয়াৰ অত্যধিক ব্যৱহাৰ হতাশাগ্ৰস্ততাৰ লক্ষণসমূহৰ সৈতে সংযোজিত কৰা হয় যদিও কোনো কোনো ক্ষেত্ৰত মনোৱস্থাৰ উন্নতিৰ বাবে ডিজিটেল মেডিয়া ব্যৱহাৰৰ থল নথকা নহয়। [35][36]

হতাশাগ্ৰস্ততা আৰু বিষ (বা ব্যথা) প্ৰায়েই সহ-সংঘটন হিচাপে দেখা দিয়ে। ৬৫% অৱসাদগ্ৰস্ত ৰোগীৰ ক্ষেত্ৰত এটা বা ততোধিক বিষৰ লক্ষণ থাকে, আৰু ৰোগনিৰ্ণয়ৰ বিন্যাসৰ ওপৰত নিৰ্ভৰ কৰি ৫% ৰ পৰা ৮৫% লৈকে বিষৰ ৰোগীয়েই হতাশাগ্ৰস্ততাত ভুগিব লগা হয়। হতাশাগ্ৰস্ততাৰ ৰোগনিৰ্ণয় সৰ্বসাধাৰণতেই বিলম্বিত বা কোনো কোনে ক্ষেত্ৰত কেতিয়াও নহ'বও পাৰে। বিশেষকৈ, হতাশাগ্ৰস্ততা পৰিলক্ষিত হ'লেও তাক বুজাত ভুল কৰিলে পৰিস্থিতি অধিক শোচনীয় হোৱাহে দেখা যায়। [37]

কেৱল অৱসাদজনিত ব্যাধিৰ বাবেই হৃদৰোগ সংঘটিত হোৱাৰ আশংকা প্ৰায় ১.৫-ৰ পৰা ২ গুণ পৰ্য্যন্ত বৃদ্ধি পায়। হতাশাগ্ৰস্ততাৰ সৈতে ধুম্ৰপান আৰু মেদবহুলতাৰো প্ৰত্যক্ষ অথবা পৰোক্ষ সম্পৰ্ক আছে। উল্লেখনীয় যে, অৱসাদজনিত ব্যাধিত আক্ৰান্ত ব্যক্তিসকলে সাধাৰণতেই হৃদৰোগৰ চিকিৎসা অথবা প্ৰতিৰোধৰ নিদানাৱলী পালন নকৰে, আৰু ইয়াৰ ফলস্বৰূপেই তেওঁলোকৰ ক্ষেত্ৰত হানিৰ সম্ভাৱনা অধিক বৃদ্ধি পায়। [38] তদুপৰি, হৃদৰোগৰ বিশেষজ্ঞসকলেও তেওঁলোকৰ চিকিৎসাধীন ৰোগীৰ নিদানৰ ক্ষেত্ৰত অন্তৰ্নিহিত হতাশাগ্ৰস্ততাক বিবেচনা নকৰাৰ ফলস্বৰূপে চিকিৎসাৰ ক্ষেত্ৰত অধিক জটিলতাৰ সৃষ্টি হয়। [39]

হতাশাগ্ৰস্ততাৰ সৈতে বয়সস্থ লোকসকলৰ স্বাস্থ্যৰ আন আন ৰোগ যেনে ষ্ট্ৰ'ক, অন্যান্য হৃদযন্ত্ৰৰ ৰোগ, পাৰকিনছন ৰোগ আৰু ক্ৰনিক অবষ্ট্ৰাকটিভ পুলম'নাৰী ৰোগ সহ-সংঘটিত হয়। [40]

ৰোগনিৰ্ণয়[সম্পাদনা কৰক]

নিদানিক মূল্যায়ন[সম্পাদনা কৰক]

যথাযথভাৱে প্ৰশিক্ষিত সাধাৰণ চিকিৎসক (general practitioner), বা মনোৰোগ বিশেষজ্ঞ বা মনোবিজ্ঞানীৰ দ্বাৰা আক্ৰান্ত ব্যক্তিৰ চলতি পৰিস্থিতি, জীৱন বৃতান্ত, চলতি লক্ষণৰাজি, পাৰিবাৰিক ইতিহাস, আৰু মাদক দ্ৰব্য আৰু নিচাযুত ড্ৰাগৰ ব্যৱহাৰ ইত্যাদি মনোৰোগ সংক্ৰান্তীয় ইতিহাস নথিবন্ধনৰ জৰিয়তে গুৰুতৰ অৱসাদজনিত ব্যাধি নিৰ্ণয় কৰিব পৰা যায়। [20] এই মূল্যায়নত ব্যক্তিৰ মানসিক অৱস্থাৰ পৰীক্ষণো অন্তৰ্ভুক্ত হয়, যাৰ যোগেদি তেওঁৰ চলতি মনোদশা আৰু ভাৱনাৰ বিষয়বস্তু, বিশেষভাৱে হতাশাবাদ বা আশাহীনতাৰ প্ৰাসংগিক চিন্তা, আত্ম-হানি বা আত্মহত্যাৰ ভাৱ, আৰু ধনাত্মক চিন্তাধাৰা বা পৰিকল্পনাৰ অনুপস্থিতিৰ পৰীক্ষণ কৰা হয়। [20] উল্লেখনীয় যে, গ্ৰাম্যাঞ্চলত বিশেষীকৃত মানসিক স্বাস্থ্য সেৱা উপলব্ধ হোৱাটো দুষ্প্ৰাপ্য, আৰু ইয়াৰ ফলশ্ৰুতিত ৰোগনিৰ্ণয় আৰু নিদানৰ দায়িত্ব প্ৰায়েই প্ৰাথমিক চিকিৎসা কৰ্মীসকলেই চম্ভালিব লগা হয়। [41] বিশেষকৈ উন্নয়নশীল দেশসমূহত এই সমস্যাটো অত্যন্ত গম্ভীৰ। [42] ৰে'টিং স্কে'লক হতাশাগ্ৰস্ততাৰ ৰোগ নিৰ্ণয়ৰ ব্যৱহাৰ কৰা নহয়, কিন্তু ই এক নিৰ্দিষ্ট সময় কালৰ ভিতৰত ব্যক্তিবিশেষৰ লক্ষণসমূহৰ তীব্ৰতাৰ সূচনা দিয়ে। এক নিৰ্দিষ্ট কাট-অফ্ পইণ্টতকৈ অধিক ৰে'টিং প্ৰাপ্তসকলক পুংখানুপুংখভাৱে অৱসাদজনিত ব্যাধিৰ নিৰ্ণয়ৰ বাবে মূল্যায়ন কৰা হয়। এই কামৰ বাবে কেইবাটাও ৰে'টিং স্কে'ল ব্যৱহাৰ কৰা হয়। [43] এইবোৰৰ ভিতৰত আছে- হতাশগ্ৰস্ততাৰ হেমিল্টন ৰে'টিং স্কে'ল (Hamilton Rating Scale for Depression), [44] বে'ক হতাশাগ্ৰস্ততাৰ তথ্যসূচী (Beck Depression Inventory) [45] অথবা সংশোধিত আত্মহত্যাৰ আচৰণগত প্ৰশ্নসূচী (Suicide Behaviors Questionnaire-Revised)। [46]

মনোৰোগৰ বিশেষজ্ঞ চিকিৎসকলৰ তুলনাত প্ৰাথমিক পৰ্য্যায়ৰ চিকিৎসক আৰু মনোৰোগবিদ্যাত প্ৰশিক্ষিত নোহোৱা চিকিৎসকলৰ পৰা হতাশাগ্ৰস্ততাৰ নিৰ্ণয় আৰু নিদানৰ ক্ষেত্ৰত উপযুক্ততা পোৱা যায়। ইয়াৰ কাৰণ হৈছে, হতাশাগ্ৰস্ততাৰ সৈতে সংযোজিত লক্ষণসমূহৰ কিছুমান শাৰীৰিক অসুস্থতাৰ লক্ষণৰ সৈতে থকা সাদ্ৰৃশ্য, সম্ভাৱ্য ৰোগীৰ পৰা সম্পূৰ্ণ তথ্যৰ অপ্ৰাপ্তি আৰু প্ৰণালীগত অন্তৰায়। এটা পুনঃমুল্যায়নগত অধ্যয়নত দেখা গৈছিল যে, মনোৰোগবিদ্যাত প্ৰশিক্ষিত নোহোৱা চিকিৎসকলে প্ৰায় দুই-তৃতীয়াংশ ৰোগীৰেই ৰোগ নিৰ্ণয় কৰাত ব্যৰ্থ হয়; অৱশ্যে শেহতীয়া অধ্যয়ন কিছুমানত ইয়াৰ সামান্য উন্নতি ঘটিছে। [47]

গুৰুতৰ অৱসাদজনিত ব্যাধিৰ উপস্থিতি ৰোগনিৰ্ণয় কৰাৰ আগেয়ে চিকিৎসকে সাধাৰণতে শাৰীৰিক পৰীক্ষা আৰু বিশেষ নিৰ্বাচিত অনুসন্ধানমূলক পৰীক্ষা সমাপন কৰে। ইয়াৰ উদ্দেশ্য হৈছে, হতাশাগ্ৰস্ততাৰ সদৃশ লক্ষণ প্ৰদৰ্শনকাৰী অন্যান্য কাৰণসমূহৰ অনুপস্থিতি সম্পৰ্কে নিশ্চিতকৰণ কৰা। এই পৰীক্ষাসমূহৰ ভিতৰত আছে- হাইপ'থাইৰ'ডিজিমক নস্যাৎ কৰিব পৰাকৈ থাইৰ'য়ড ষ্টিমুলেটিং হ'ৰমন (Thyroid-stimulating hormone-TSH) আৰু থাইৰ'ক্সিনৰ পৰিমাপণৰ ৰক্ত পৰীক্ষা, আৰু বিপাকীয় বিসংগতি নস্যাৎ কৰিব পৰাকৈ প্ৰাথমিক তড়িতবিশ্লেষ্য (basic electrolytes) আৰু চেৰাম কেলছিয়ামৰ পৰিমাপণৰ ৰক্ত পৰীক্ষা, আৰু দীৰ্ঘদিনীয়া সঞ্চিত কোনো ৰোগ বা তন্ত্ৰীয় সংক্ৰমণ (systemic infection) নস্যাৎ কৰিব পৰাকৈ সম্পূৰ্ণ ৰক্ত সংগানণিক পৰীক্ষণ (য'ত এৰিথ্ৰ'চাইত চেডিমেণ্টেছন ৰে'ট (Erythrocyte sedimentation rate-ESR) পৰীক্ষা কৰা হয়)। [48] কোনো ঔষধবিশেষৰ প্ৰয়োগ অথবা মাদক দ্ৰব্য ব্যৱহাৰৰ জৰিয়তে হ'ব পৰা সম্ভাৱ্য প্ৰতিকুল প্ৰভাৱী প্ৰতিক্ৰিয়াসমূহৰো নিৰীক্ষণ কৰা হয়। পুৰুষৰ ক্ষেত্ৰত হতাশাগ্ৰস্ততা সৃষ্টিকাৰী হাইপ'গনাডিজিম (hypogonadism)-ৰ উপস্থিতি নিৰ্ণয় কৰিবলৈ টেষ্ট'ষ্টেৰ'ণ হৰমণৰো পৰিমাপণ কৰা হয়। [49] এইটো দেখা গৈছে, ভিটামিন ডিৰ অভাৱৰ পৰা হতাশাগ্ৰস্ততাৰ অধিক আশংকা থাকে, সেয়ে ভিটামিন ডি স্তৰৰো মাপ লোৱা হয়। [50]

বয়সস্থ হতাশাগ্ৰস্ত ব্যক্তিসকলৰ ক্ষেত্ৰত সংজ্ঞানাত্মক ৰোগজনিত সমস্যা কিছুমানৰো উদ্ভৱ হয়। কিন্তু, এই সমস্যাসমূহ আলঝেইমাৰৰ ৰোগৰ দৰে স্মৃতিভ্ৰংশ ৰোগৰ সূচনাও হ'ব পাৰে। [51][52] স্নায়ু-মানসিক বা সংজ্ঞানাত্মক পৰীক্ষা (Neuropsychological assessment-Cognitive testing) আৰু মগজুৰ ইমেজিঙ(brain imaging)-ৰ জৰিয়তে স্মৃতিভ্ৰংশৰ পৰা হতাশাগ্ৰস্ততাক পৃথক কৰিব পাৰি। [53] মনোৰোগগ্ৰস্ত, ৰোগৰ দ্ৰুত সূত্ৰপাত আৰু অন্যান্য অস্বাভাৱিক লক্ষণ প্ৰদৰ্শনকাৰী মগজুৰ আন ৰোগসমূহক পৰিগানণিক স্তৰচিত্ৰণ (চি.টি. স্কেন)-ৰ দ্বাৰা পৃথকীকৰণ কৰা হয়। [54] মন কৰিবলগীয়া যে, জৈৱিক পৰীক্ষণৰ দ্বাৰা গুৰুতৰ অৱসাদ নিৰ্ণয় কৰিব নোৱাৰি। [55] সাধাৰণতে, গুৰুতৰ লক্ষণৰ অবিহনে কোনো পৰীক্ষাবিশেষক পৰৱৰ্তী কালত পুনৰাবৃত্তি কৰা নহয়।


গুৰুতৰ হতাশাগ্ৰস্ততাৰ পৰ্ব[সম্পাদনা কৰক]

হতাশাগ্ৰস্ত এক ব্যক্তিৰ ব্যঙ্গাত্মক চিত্ৰণ

দুই সপ্তাহ বা ততোধিক কাল ব্যাপি কোনো ব্যক্তি ভীষণভাৱে হতাশ মনোৱস্থাত থাকিলে তাক গুৰুতৰ হতাশাগ্ৰস্ততাৰ পৰ্ব হিচাপে বৈশিষ্ট্যভুক্ত কৰিব পাৰি। [17] এই পৰ্বসমূহ ইটোৰ পৰা সিটো পৃথক আৰু পুনৰাবৃত্ত হ'ব পাৰে, আৰু এইবোৰক মৃদু (ন্যূনতম অনুমাপকতকৈ অলপ বেছি লক্ষণ প্ৰদৰ্শনকাৰী), মধ্যমীয়া, আৰু তীব্ৰ (সামাজিক আৰু বৃত্তিগত ক্ষেত্ৰৰ চকুত পৰা ধৰণেৰে প্ৰভাৱ বিস্তাৰকাৰী) হিচাপে শ্ৰেণীবিভাজন কৰিব পাৰি। চাইক'টিক ডিপ্ৰেছন হিচাপে আখ্যায়িত মনোৰোগৰ বৈশিষ্ট্য প্ৰদৰ্শনকাৰী পৰ্বসমূহক তীব্ৰ হিচাপে চিনাক্ত কৰা হয়। [56] যদি আক্ৰান্ত ব্যক্তিৰ মেনিয়া বা হাইপ'মেনিয়া (সুস্পষ্টভাৱে হৰ্ষিত মনোদশা) হৈ যায়, তেন্তে ব্যক্তিগৰাকীৰ ক্ষেত্ৰত দ্বিমেৰু ব্যাধি (bipolar disorder) চিনাক্ত কৰা হয়। মেনিয়া নথকাকৈ হোৱা হতাশাগ্ৰস্ততাক একমেৰু (unipolar) হিচাপে আখ্যা দিয়া হয়, কিয়নো এনেক্ষেত্ৰত আক্ৰান্ত ব্যক্তিগৰাকীৰ মনোৱস্থা একক আৱেগিক অৱস্থা বা "মেৰু"(pole)তেই থাকে। [57]


ব্যৱস্থাপনা[সম্পাদনা কৰক]

গুৰুতৰ অৱসাদজনিত ব্যাধিৰ চিকিৎসা ব্যৱস্থাপনাৰ ক্ষেত্ৰত সাধাৰণভাৱে গৃহীত পদ্ধতিসমূহ হৈছে চাইক'থেৰাপী, ঔষধ আৰু ইলেক্ট্ৰ'কনভালছিভ থেৰাপী। ১৮ বছৰতকৈ কম বয়সৰ ব্যক্তিৰ ক্ষেত্ৰত ঔষধতকৈ চাইক'থেৰাপীক অগ্ৰাধিকাৰদিয়া হয়। যুক্তৰাজ্যৰ National Institute for Health and Care Excellence (NICE)-ৰ ২০০৪ চনত প্ৰকাশিত নিয়মাৱলী অনুসৰি মৃদু হতাশাগ্ৰস্ততাৰ নিদানৰ ক্ষেত্ৰত আৰম্ভণিতে অৱসাদ-প্ৰতিৰোধী ঔষধ (antidepressants) প্ৰদান কৰা নহয়, কিয়নো এইক্ষেত্ৰত হানি-সুফলৰ অনুপাত (risk-benefit ratio) সন্তোষজনক নহয়। এই নিয়মাৱলীয়ে নিম্নোক্ত ধৰণৰ আক্ৰান্ত ব্যক্তিৰ বাবে অৱসাদ-প্ৰতিৰোধী ঔষধক মনো-সামাজিক (psychosocial) ব্যৱস্থাৰ সৈতে সংযুক্তভাৱে প্ৰদানেৰে চিকিৎসাৰ পৰামৰ্শ প্ৰদান কৰে:

  • মৃদু বা তীব্ৰ হতাশাগ্ৰস্ততাৰ ইতিহাসযুক্ত ব্যক্তিৰ বাবে
  • মৃদু হতাশাগ্ৰস্ততা দীৰ্ঘকাল ধৰি বৰ্তি থকা ব্যক্তিৰ বাবে
  • মৃদু অৱসাদৰ ক্ষেত্ৰত অন্য ব্যৱস্থাসমূহ গ্ৰহণৰ পিছত দ্বিতীয় পৰ্যায়ৰ চিকিৎসা হিচাপে
  • মধ্যমীয়া আৰু তীব্ৰ অৱসাদগ্ৰস্ত ব্যক্তিৰ চিকিৎসাৰ বাবে।

এই নিয়মাৱলীয়ে এইকথাও উল্লেখ কৰে যে, অৱসাদ-প্ৰতিৰোধী ঔষধৰ চিকিৎসা কমপক্ষেও ছয়মাহ ধৰি প্ৰদান কৰা উচিত, যাতে ৰোগীৰ ক্ষেত্ৰত সেয়া পুনৰাৱৰ্তন নহয়, আৰু tricyclic antidepressant সমূহতকৈ Selective serotonin reuptake inhibitor-SSRI বেছি গ্ৰহণযোগ্য। [58]

আমেৰিকাৰ মনোচিকিৎসা সংস্থা (American Psychiatric Association)-ৰ নিদান নিয়মাৱলীয়ে এই পৰামৰ্শ আগবঢ়ায় যে, আক্ৰান্ত ব্যক্তিবিশেষৰ লক্ষণসমূহৰ তীব্ৰতা, সহ-সংঘটিত ব্যাধি, পূৰ্বকালীন চিকিৎসাৰ অভিজ্ঞতা, আৰু ৰোগীৰ প্ৰাধান্যৰ ওপৰত ভিত্তি কৰি প্ৰথম পৰ্য্যায়ৰ চিকিৎসা স্বতন্ত্ৰভাৱে নিৰ্ধাৰণ কৰা উচিত। চিকিৎসাৰ পদ্ধতিসমূহৰ ভিতৰত আছে ফাৰ্মেক'থেৰাপী, চাইক'থেৰাপী, শাৰীৰিক ব্যায়াম, ইলেক্ট্ৰ'কনভালছিভ থেৰাপী (ECT), ট্ৰেন্সক্ৰেনিয়েল মেগনেটিক ষ্টিমুলেছন (TMS) বা আলোক থেৰাপী। মৃদু, মধ্যমীয়া, বা তীব্ৰ হতাশাগ্ৰস্ত লোকৰ বাবে অৱসাদ-প্ৰতিৰোধী ঔষধ আদিতে আগবঢ়োৱা হয়; আৰু তীব্ৰ অৱসাদগ্ৰস্ত ৰোগীৰ ক্ষেত্ৰত ECT প্ৰয়োগ নকৰিলে অৱসাদ-প্ৰতিৰোধী ঔষধ দিব লাগে। [59] অধ্যয়নৰ সাক্ষ্যৰ পৰা দেখা যায় যে, কেৱল এগৰাকী মনোচিকিৎসকৰ তুলনাত স্বাস্থ্য সেৱা কৰ্মীৰ দলবদ্ধ সহযোগিতামূলক চিকিৎসা সেৱা অধিক ফলপ্ৰসূ হয়। [60]

উন্নয়নশীল দেশসমূহত চিকিৎসাৰ বিকল্প প্ৰায়েই সীমাবদ্ধ হোৱা দেখা যায়, কিয়নো এই দেশসমূহ মানসিক স্বাস্থ্যৰ কৰ্মী, ঔষধ আৰু চাইক'থেৰাপীৰ সুবিধা গ্ৰহণ কৰাটো ৰোগীৰ পক্ষে মুঠেও সহজসাধ্য নহয়। বহু দেশত মানসিক স্বাস্থ্য সেৱাৰ উন্নয়ন মাথোঁ যৎসামান্য, কিয়নো এইসমূহত অৱসাদজনিত ব্যাধিসমূহক সহজাতভাৱে প্ৰাণ-নাশকাৰী ৰোগ হিচাপে বিবেচনা কৰাৰ পৰিৱৰ্তে উন্নত দেশসমূহৰ এক পৰিঘটনা হিচাপেহে গণ্য কৰা হয়। [61] ২০১৪ চনত প্ৰকাশিত Cochrane-ৰ এক পৰ্য্যালোচনাৰ মতে কম বয়সীয়া ল'ৰা-ছোৱালীৰ ক্ষেত্ৰত চাইক'লজিকেল থেৰাপীৰ বিপৰীতে মেডিকেল থেৰাপীৰ কাৰ্যকাৰিতা নিৰ্ণয় কৰিব পৰাকৈ প্ৰয়োজনীয় সাক্ষ্য অদ্যাপি উপলব্ধ নহয়। [62]

পৰিভাষা[সম্পাদনা কৰক]

  • Cardiovascular disease - হৃদৰোগ
  • Chronic - দীৰ্ঘকালীন
  • Delusion - বিভ্ৰম
  • Depressed - অৱসাদগ্ৰস্ত/হতাশাগ্ৰস্ত
  • Diabetes - মধুমেহ
  • Fatigue - ক্লান্তি
  • Hallucination - অমূলপ্ৰত্যক্ষ
  • Hypersomnia - অতিনিদ্ৰা
  • Insomnia - অনিদ্ৰা/নিদ্ৰাহীনতা
  • Libido/Sex drive - যৌনাকাংক্ষা
  • Major depressive episode - গুৰুতৰ অৱসাদজনিত পৰ্ব
  • Melancholy - অৱসাদ/বিমৰ্ষতা
  • Psychomotor agitation - মনোসঞ্চালনগত অস্থিৰতা
  • Psychomotor retardation - মনোসঞ্চালনগত আলস্য

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. 1.00 1.01 1.02 1.03 1.04 1.05 1.06 1.07 1.08 1.09 1.10 1.11 1.12 1.13 "Depression". NIMH. May 2016. http://www.nimh.nih.gov/health/topics/depression/index.shtml। আহৰণ কৰা হৈছে: 31 July 2016. 
  2. 2.0 2.1 Richards, C. Steven; O'Hara, Michael W. (2014). The Oxford Handbook of Depression and Comorbidity. Oxford University Press. পৃষ্ঠা. 254. ISBN 978-0-19-979704-2. https://books.google.com/books?id=9jpsAwAAQBAJ&pg=PA254. 
  3. 3.00 3.01 3.02 3.03 3.04 3.05 3.06 3.07 3.08 3.09 3.10 3.11 American Psychiatric Association (2013), Diagnostic and Statistical Manual of Mental Disorders (5th সম্পাদনা), প্ৰকাশক Arlington: American Psychiatric Publishing, pp. 160–68, ISBN 978-0-89042-555-8, https://archive.org/details/diagnosticstatis0005unse/page/160, আহৰণ কৰা হৈছে: 22 July 2016 
  4. 4.0 4.1 4.2 4.3 4.4 "The epidemiology of depression across cultures". Annual Review of Public Health খণ্ড 34: 119–38. 2013. doi:10.1146/annurev-publhealth-031912-114409. PMID 23514317. 
  5. Mead, Gillian E, ed (September 2013). "Exercise for depression". The Cochrane Database of Systematic Reviews খণ্ড 9 (9): CD004366. doi:10.1002/14651858.CD004366.pub6. PMID 24026850. 
  6. 6.0 6.1 GBD 2017 Disease and Injury Incidence and Prevalence Collaborators (November 10, 2018). "Global, regional, and national incidence, prevalence, and years lived with disability for 354 diseases and injuries for 195 countries and territories, 1990–2017: a systematic analysis for the Global Burden of Disease Study 2017". Lancet খণ্ড 392 (10159): 1789–1858. doi:10.1016/S0140-6736(18)32279-7. PMID 30496104. PMC 6227754. https://www.thelancet.com/journals/lancet/article/PIIS0140-6736(18)32279-7/fulltext। আহৰণ কৰা হৈছে: 23 June 2020. 
  7. Strakowski, Stephen M.; Nelson, Erik (2015). "Introduction". Major Depressive Disorder. Oxford University Press. পৃষ্ঠা. Chapter 1. ISBN 978-0-19-020618-5. https://books.google.com/books?id=dz8FCgAAQBAJ&pg=PT9. 
  8. Bachmann, S (6 July 2018). "Epidemiology of Suicide and the Psychiatric Perspective". International Journal of Environmental Research and Public Health খণ্ড 15 (7): 1425. doi:10.3390/ijerph15071425. PMID 29986446. "Half of all completed suicides are related to depressive and other mood disorders". 
  9. 9.0 9.1 Patton, Lauren L. (2015). The ADA Practical Guide to Patients with Medical Conditions (2 সম্পাদনা). John Wiley & Sons. পৃষ্ঠা. 339. ISBN 978-1-118-92928-5. https://books.google.com/books?id=OTJiCgAAQBAJ&pg=PA339. 
  10. "Antidepressant drug effects and depression severity: a patient-level meta-analysis". JAMA খণ্ড 303 (1): 47–53. January 2010. doi:10.1001/jama.2009.1943. PMID 20051569. 
  11. "Initial severity and antidepressant benefits: a meta-analysis of data submitted to the Food and Drug Administration". PLOS Medicine খণ্ড 5 (2): e45. February 2008. doi:10.1371/journal.pmed.0050045. PMID 18303940. 
  12. "Cognitive behavioral therapy for mood disorders: efficacy, moderators and mediators". The Psychiatric Clinics of North America খণ্ড 33 (3): 537–55. September 2010. doi:10.1016/j.psc.2010.04.005. PMID 20599132. 
  13. American Psychiatric Association (2006). American Psychiatric Association Practice Guidelines for the Treatment of Psychiatric Disorders: Compendium 2006. American Psychiatric Pub. পৃষ্ঠা. 780. ISBN 978-0-89042-385-1. https://books.google.com/books?id=zql0AqtRSrYC&pg=PA780. 
  14. Global Burden of Disease Study 2013 Collaborators (August 2015). "Global, regional, and national incidence, prevalence, and years lived with disability for 301 acute and chronic diseases and injuries in 188 countries, 1990–2013: a systematic analysis for the Global Burden of Disease Study 2013". Lancet খণ্ড 386 (9995): 743–800. doi:10.1016/S0140-6736(15)60692-4. PMID 26063472. 
  15. "The development of diagnostic criteria in psychiatry". 1975. Archived from the original on 14 December 2005. https://web.archive.org/web/20051214203223/http://www.garfield.library.upenn.edu/classics1989/A1989U309700001.pdf। আহৰণ কৰা হৈছে: 8 November 2008. 
  16. Strakowski, Stephen M.; Nelson, Erik (2015). "Introduction". Major Depressive Disorder. Oxford University Press. পৃষ্ঠা. Chapter 1. ISBN 978-0-19-020618-5. https://books.google.com/books?id=dz8FCgAAQBAJ&pg=PT9. 
  17. 17.0 17.1 17.2 17.3 17.4 American Psychiatric Association 2000a, পৃষ্ঠা 349
  18. American Psychiatric Association 2000a, পৃষ্ঠা 354
  19. 19.0 19.1 19.2 19.3 American Psychiatric Association 2000a, পৃষ্ঠা 350
  20. 20.0 20.1 20.2 20.3 Depression. National Institute of Mental Health (NIMH). Archived from the original on 27 July 2011. https://web.archive.org/web/20110727123744/http://www.nimh.nih.gov/health/publications/depression/nimhdepression.pdf। আহৰণ কৰা হৈছে: 7 September 2008. 
  21. "Functioning and well-being outcomes of patients with depression compared with chronic general medical illnesses". Archives of General Psychiatry খণ্ড 52 (1): 11–19. January 1995. doi:10.1001/archpsyc.1995.03950130011002. PMID 7811158. 
  22. American Psychiatric Association 2000a, পৃষ্ঠা 412
  23. 23.0 23.1 "Cognitive Difficulties Associated With Depression: What Are the Implications for Treatment?". Psychiatric Times খণ্ড 26 (3). 2009. Archived from the original on 22 July 2009. https://web.archive.org/web/20090722165650/http://www.psychiatrictimes.com/display/article/10168/1387631। আহৰণ কৰা হৈছে: 17 April 2021. 
  24. "Overt irritability/anger in unipolar major depressive episodes: past and current characteristics and implications for long-term course". JAMA Psychiatry খণ্ড 70 (11): 1171–80. November 2013. doi:10.1001/jamapsychiatry.2013.1957. PMID 24026579. 
  25. "Insomnia: Assessment and Management in Primary Care". American Family Physician খণ্ড 59 (11): 3029–38. 1999. Archived from the original on 26 July 2011. https://web.archive.org/web/20110726103917/http://www.aafp.org/afp/990600ap/3029.html। আহৰণ কৰা হৈছে: 12 November 2014. 
  26. "Development of a plastic surgical teaching service in a women's correctional institution". American Journal of Surgery খণ্ড 129 (3): 269–72. March 1975. doi:10.1136/bmj.322.7284.482. PMID 11222428. 
  27. Consensus Guidelines for Assessment and Management of Depression in the Elderly. প্ৰকাশক North Sydney, New South Wales: NSW Health Department. 2001. পৃষ্ঠা. 2. ISBN 978-0-7347-3341-2. Archived from the original on 1 April 2015. https://web.archive.org/web/20150401162939/http://www.health.nsw.gov.au/mhdao/publications/Publications/depression-elderly.pdf। আহৰণ কৰা হৈছে: 17 April 2021. 
  28. "Comorbidity of DSM-III-R major depressive disorder in the general population: results from the US National Comorbidity Survey". The British Journal of Psychiatry. Supplement খণ্ড 168 (30): 17–30. June 1996. doi:10.1192/S0007125000298371. PMID 8864145. 
  29. "The Comorbidity of Major Depression and Anxiety Disorders: Recognition and Management in Primary Care". Primary Care Companion to the Journal of Clinical Psychiatry খণ্ড 3 (6): 244–54. December 2001. doi:10.4088/PCC.v03n0609. PMID 15014592. 
  30. "Comorbidity between DSM-IV drug use disorders and major depression: results of a national survey of adults". Journal of Substance Abuse খণ্ড 7 (4): 481–97. 1995. doi:10.1016/0899-3289(95)90017-9. PMID 8838629. 
  31. "Alcohol and depression". Addiction খণ্ড 106 (5): 906–14. May 2011. doi:10.1111/j.1360-0443.2010.03351.x. PMID 21382111. 
  32. Delivered from distraction: Getting the most out of life with Attention Deficit Disorder. প্ৰকাশক New York: Ballantine Books. 2005. পৃষ্ঠা. 253–55. ISBN 978-0-345-44231-4. https://archive.org/details/deliveredfromdis00edwa. 
  33. "Comorbid Depression in ADHD: Children and Adolescents". Psychiatric Times খণ্ড 25 (10). 2008. Archived from the original on 24 May 2009. https://web.archive.org/web/20090524050341/http://www.psychiatrictimes.com/adhd/article/10168/1286863। আহৰণ কৰা হৈছে: 17 April 2021. 
  34. "Current comorbidity of psychiatric disorders among DSM-IV major depressive disorder patients in psychiatric care in the Vantaa Depression Study". The Journal of Clinical Psychiatry খণ্ড 63 (2): 126–34. February 2002. doi:10.4088/jcp.v63n0207. PMID 11874213. 
  35. "Digital Media, Anxiety, and Depression in Children". Pediatrics খণ্ড 140 (Suppl 2): S76–S80. November 2017. doi:10.1542/peds.2016-1758G. PMID 29093037. https://pediatrics.aappublications.org/content/140/Supplement_2/S76. 
  36. "Problematic smartphone use: A conceptual overview and systematic review of relations with anxiety and depression psychopathology". Journal of Affective Disorders খণ্ড 207: 251–259. January 2017. doi:10.1016/j.jad.2016.08.030. PMID 27736736. 
  37. "Depression and pain comorbidity: a literature review". Archives of Internal Medicine খণ্ড 163 (20): 2433–45. November 2003. doi:10.1001/archinte.163.20.2433. PMID 14609780. http://archinte.ama-assn.org/cgi/content/full/163/20/2433(fulltext). 
  38. "Major depressive disorder predicts completion, adherence, and outcomes in cardiac rehabilitation: a prospective cohort study of 195 patients with coronary artery disease". The Journal of Clinical Psychiatry খণ্ড 72 (9): 1181–88. September 2011. doi:10.4088/jcp.09m05810blu. PMID 21208573. 
  39. "Depression and Cardiovascular Disease: What Is the Correlation?". Psychiatric Times খণ্ড 25 (9). 2008. Archived from the original on 2020-03-06. https://web.archive.org/web/20200306051101/http://www.psychiatrictimes.com/depression/article/10168/1171821। আহৰণ কৰা হৈছে: 2021-04-18. 
  40. "Medical Comorbidities in Late-Life Depression". Psychiatric Times খণ্ড 25 (14). 2008. Archived from the original on 2020-06-14. https://web.archive.org/web/20200614095605/https://www.psychiatrictimes.com/10168/1358135। আহৰণ কৰা হৈছে: 2021-04-18. 
  41. "Rural psychiatric services. A collaborative model". Canadian Family Physician খণ্ড 39: 1957–61. September 1993. PMID 8219844. 
  42. "Call for action over Third World depression". British Broadcasting Corporation (BBC)BBC News (Health). 1 November 1999. http://news.bbc.co.uk/1/hi/health/492941.stm। আহৰণ কৰা হৈছে: 11 October 2008. 
  43. "Screening for depression across the lifespan: a review of measures for use in primary care settings". American Family Physician খণ্ড 66 (6): 1001–08. September 2002. PMID 12358212. 
  44. "A review of studies of the Hamilton depression rating scale in healthy controls: implications for the definition of remission in treatment studies of depression". The Journal of Nervous and Mental Disease খণ্ড 192 (9): 595–601. September 2004. doi:10.1097/01.nmd.0000138226.22761.39. PMID 15348975. 
  45. "A narrative review of the Beck Depression Inventory (BDI) and implications for its use in an alcohol-dependent population". Journal of Psychiatric and Mental Health Nursing খণ্ড 17 (1): 19–30. February 2010. doi:10.1111/j.1365-2850.2009.01469.x. PMID 20100303. 
  46. "The Suicidal Behaviors Questionnaire-Revised (SBQ-R): validation with clinical and nonclinical samples". Assessment খণ্ড 8 (4): 443–54. December 2001. doi:10.1177/107319110100800409. PMID 11785588. 
  47. "Recognition of depression by non-psychiatric physicians—a systematic literature review and meta-analysis". Journal of General Internal Medicine খণ্ড 23 (1): 25–36. January 2008. doi:10.1007/s11606-007-0428-5. PMID 17968628. 
  48. "Do psychiatrists perform appropriate physical investigations for their patients? A review of current practices in a general psychiatric inpatient and outpatient setting". Journal of Mental Health খণ্ড 17 (3): 293–98. 2008. doi:10.1080/09638230701498325. 
  49. "Male depression: a review of gender concerns and testosterone therapy". Geriatrics খণ্ড 59 (10): 24–30. October 2004. PMID 15508552. 
  50. "Vitamin D and depression". Journal of Affective Disorders খণ্ড 208: 56–61. January 2017. doi:10.1016/j.jad.2016.08.082. PMID 27750060. 
  51. "Subjective memory complaints and cognitive impairment in older people". Dementia and Geriatric Cognitive Disorders খণ্ড 22 (5–6): 471–85. 2006. doi:10.1159/000096295. PMID 17047326. 
  52. "Diagnosis and treatment of depression in patients with Alzheimer's disease and other dementias". The Journal of Clinical Psychiatry খণ্ড 59 Suppl 9: 38–44. 1998. PMID 9720486. 
  53. "Distinguishing between depression and dementia in older persons: neuropsychological and neuropathological correlates". Journal of Geriatric Psychiatry and Neurology খণ্ড 20 (4): 189–98. December 2007. doi:10.1177/0891988707308801. PMID 18004006. 
  54. Sadock 2002, পৃষ্ঠা 108
  55. Sadock 2002, পৃষ্ঠা 260
  56. Parker, George F. (1 June 2014). "DSM-5 and Psychotic and Mood Disorders" (en ভাষাত). Journal of the American Academy of Psychiatry and the Law Online খণ্ড 42 (2): 182–190. ISSN 1093-6793. PMID 24986345. http://jaapl.org/content/42/2/182. 
  57. Parker 1996, পৃষ্ঠা 173
  58. "Depression". National Institute for Health and Care Excellence. December 2004. http://www.nice.org.uk/guidance/CG23। আহৰণ কৰা হৈছে: 20 March 2013. 
  59. "Practice guideline for the treatment of patients with major depressive disorder (revision). American Psychiatric Association". The American Journal of Psychiatry খণ্ড 157 (4 Suppl): 1–45. April 2000. PMID 10767867. ; Third edition doi:10.1176/appi.books.9780890423363.48690
  60. "Collaborative care for depression and anxiety problems". The Cochrane Database of Systematic Reviews খণ্ড 10: CD006525. October 2012. doi:10.1002/14651858.CD006525.pub2. PMID 23076925. 
  61. "Treating depression in the developing world". Tropical Medicine & International Health খণ্ড 9 (5): 539–41. May 2004. doi:10.1111/j.1365-3156.2004.01243.x. PMID 15117296. 
  62. "Psychological therapies versus antidepressant medication, alone and in combination for depression in children and adolescents". The Cochrane Database of Systematic Reviews খণ্ড 11 (11): CD008324. November 2014. doi:10.1002/14651858.CD008324.pub3. PMID 25433518.