সমললৈ যাওক

ফ'বিয়া

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(Phobiaৰ পৰা পুনঃনিৰ্দেশিত)
ফ'বিয়া
মকৰা ভয় কৰা ফ’বিয়া
বিভাগ মনোৰোগ, ক্লিনিকেল চাইক'লজি
লক্ষণ কোনো বস্তু বা পৰিস্থিতিৰ প্ৰতি ভয়[1]
জটিলতা আত্মহত্যা, লগতে অন্যান্য ৰোগৰ উচ ি। [1]
আৰম্ভণি দ্ৰুত[1]
স্থায়িত্ব ছমাহতকৈ অধিক[1]
প্ৰকাৰ নিৰ্দিষ্ট ভয়, সামাজিক উদ্বেগ বিকাৰ এগোৰাফ'বিয়া[1]
কাৰণ জিনীয় আৰু পৰিৱেশগত কাৰক [2]
চিকিৎসা Exposure therapy psychotherapy
ঔষধ এন্টিডিপ্ৰেছেণ্ট, বেনজ’ডাইজেপিন,বিটা-ব্লকাৰ [3]
পুনৰাবৃত্তি নিৰ্দিষ্ট ফ’বিয়া: ~5%[1]
সামাজিক ভয়: ~5%[4]
এগোৰাফ’বিয়া: ~2% .[4]

ফ'বিয়া (ইংৰাজী: Phobia) হৈছে একধৰণৰ উদ্বেগজনক বিকাৰ। ইয়াক কোনো বস্তু বা পৰিস্থিতিৰ প্ৰতি অযুক্তিকৰ, অবাস্তৱিক, স্থায়ী আৰু অত্যধিক ভয়ৰ দ্বাৰা সংজ্ঞায়িত কৰা হয়।[5][6][7][1] উদাহৰণস্বৰূপে কʼব পাৰি পইতাচোঁৰা উৰা দেখিলে কোনোবাই অলপ ভয় খায়,কোনোবাই কিন্তু আতংকত শিয়ৰি উঠে। প্ৰথম ক্ষেত্ৰত যিটো স্বাভাৱিক,দ্বিতীয় ক্ষেত্ৰত সিয়েই হʼল ফ'বিয়া। আন আন অসুখৰ দৰে ফ'বিয়াৰো নেপথ্যত কিছু কাৰণ থাকে। অধিকাংশ ক্ষেত্ৰত,বিপজ্জনক কোনো ঘটনা বা পৰিস্থিতিৰ মুখামুখি হোৱাৰ অভিজ্ঞতাই মানুহক তেওঁৰ পৰৱৰ্তী জীৱনত একে ধৰণৰ ঘটনা বা পৰিস্থিতিত আতংকগ্ৰস্ত কৰি তোলে। ইয়াৰ কাৰণেই যুদ্ধত গুলী খাই বহু মানুহৰ মৃত্যু হোৱাৰ দৃশ্য দেখি বহু সৈনিকে যুদ্ধৰ নাম শুনিলেই আতংকিত হৈ পৰে। আকৌ পাইলটসকলৰো বহুতে ঘটনাচক্ৰত কোনো বিমান দুৰ্ঘটনাত পৰিলে আকৌ দুৰ্ঘটনা হʼব বুলি আতংকত বিমান চলাবলৈকে এৰি দিয়ে।[8] ফ'বিয়া থকাসকলৰ প্ৰায় ৭৫% লোকৰ একাধিক ফ'বিয়া থাকে।[1]

ফ'বিয়াক তিনি ভাগত- বিশেষ ফ'বিয়া, সামাজিক উদ্বেগ, আৰু আগোৰাফ'বিয়াত-বিভাজন কৰিব পাৰি। নিৰ্দিষ্ট ফ'বিয়া হৈছে কিছুমান প্ৰাণী, প্ৰাকৃতিক পৰিৱেশ, তেজ বা আঘাত আৰু বিশেষ পৰিস্থিতি আদিৰ ক্ষেত্ৰত ভয় খোৱা।[1] যেনে মকৰা়ৰ ভয়, সাপৰ ভয় আৰু উচ্চতাৰ ভয়।[9] শৈশৱৰ পৰা প্ৰাপ্তবয়স্কলৈকে কোনো বস্তু বা পৰিস্থিতিৰ সৈতে হোৱা নেতিবাচক অভিজ্ঞতাৰ ফলত নিৰ্দিষ্ট ভয়ৰ সৃষ্টি হ'ব পাৰে।[1] সামাজিক ফ'বিয়া হ'ল যেতিয়া কোনো ব্যক্তিয়ে কোনো পৰিস্থিতিত আনে তেওঁক কি বুলি ভাবিব পাৰে এই লৈ অতিপাত ভয় খায়।[1] এগোৰাফ'বিয়া হৈছে অনুভূত অসুবিধা বা পলায়ন কৰিব নোৱাৰাৰ বাবে কোনো পৰিস্থিতিৰ প্ৰতি ভয়।[1]

শ্ৰেণীবিভাজন

[সম্পাদনা কৰক]

ফ'বিয়া ঠিক ভয় নহয়। ভয় হৈছে এক প্ৰতিক্ৰিয়া যি কোনোো সম্ভাৱ্য বিপদৰ প্ৰতি আৱেগিক সঁহাৰি হিচাপে উদ্ভৱ হয়। ই ফʼবিয়া বা উদ্বেগৰ সৈতে ভিন্ন, যি সম্ভাৱ্য কোনো সংকটৰ বাবে প্ৰস্তুতি হিচাপে হোৱা প্ৰতিক্ৰিয়া। কিন্তু এইধৰণৰ পাৰ্থক্যই বিকাৰৰ মাজত সূক্ষ্ম পাৰ্থক্য চিনাক্ত কৰাত সহায় কৰিব পাৰে। ব্যক্তিৰ বিকাশৰ পৰ্যায়, পৰিৱেশ আৰু সংস্কৃতিক প্ৰভাৱৰ ওপৰত ভিত্তি কৰি সূক্ষ্ম পাৰ্থক্যৰে এনে বিকাৰ চিনাক্ত কৰিব পাৰি।[1]

কাৰণসমূহ

[সম্পাদনা কৰক]

বিভিন্ন কাৰণত ফ’বিয়া হ’ব পাৰে। শৈশৱৰ অভিজ্ঞতা, অতীতৰ আঘাতজনক অভিজ্ঞতা, মগজুৰ ৰাসায়নিক পৰিৱৰ্তন, জিন সম্বন্ধিয় বিজ্ঞান বা শিকি অহা আচৰণ-এই সকলোবোৰেই হ’ব পাৰে ফ’বিয়া গঢ় লৈ উঠাৰ কাৰণ। আনকি পৰিয়ালত আৰু এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈও বিয়পি পৰা ফ'বিয়াও আছে।[10] পৰিৱেশ আৰু জিন কাৰকৰ সংমিশ্ৰণৰ বাবে ফ’বিয়া কেনেকৈ বিকশিত হয় সেই সম্পৰ্কে একাধিক তত্ত্ব আছে। পৰিৱেশ বা জিনীয় প্ৰভাৱৰ অধিক উল্লেখযোগ্য ভূমিকা আছে নে নাই তাৰ মাত্ৰা অৱস্থা অনুসৰি ভিন্ন হয়। সামাজিক উদ্বেগজনক বিকাৰ আৰু এগোৰাফ’বিয়া প্ৰায় ৫০% বংশগত বুলি গৱেষণাত প্ৰকাশ। [11]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1 2 3 4 5 6 7 8 9 10 11 12 13 American Psychiatric Association (2013), Diagnostic and Statistical Manual of Mental Disorders (5th ed.), প্ৰকাশক Arlington: American Psychiatric Publishing, pp. 190, 197–202, ISBN 978-0-89042-555-8, https://archive.org/details/diagnosticstatis0005unse/page/190
  2. (en ভাষাত) Straight A's in Psychiatric and Mental Health Nursing. A Review Series. Lippincott Williams & Wilkins. 2006. পৃষ্ঠা. 172. ISBN 978-1-58255-448-8. OCLC 61247134. https://books.google.com/books?id=w4QUuONGqmkC&pg=PT172.
  3. "Anxiety Disorders". NIMH. March 2016. http://www.nimh.nih.gov/health/topics/anxiety-disorders/index.shtml আহৰণ কৰা হৈছে: 27 July 2016.
  4. 1 2 American Psychiatric Association (2013), Diagnostic and Statistical Manual of Mental Disorders (5th ed.), প্ৰকাশক Arlington: American Psychiatric Publishing, pp. 204, 218–219, ISBN 978-0-89042-555-8, https://archive.org/details/diagnosticstatis0005unse/page/204
  5. National Institute of Mental Health. "Specific Phobia". National Institute of Mental Health. https://www.nimh.nih.gov/health/statistics/specific-phobia আহৰণ কৰা হৈছে: 8 March 2024.
  6. Health Scotland (4 January 2023). "Coping with fears and phobias". NHS inform. Archived from the original on 4 October 2023. https://web.archive.org/web/20231004190345/https://www.nhsinform.scot/healthy-living/mental-wellbeing/fears-and-phobias/coping-with-fears-and-phobias/ আহৰণ কৰা হৈছে: 8 March 2024.
  7. National Health Service (27 July 2022). "Phobias". nhs.uk. https://www.nhs.uk/mental-health/conditions/phobias/overview/ আহৰণ কৰা হৈছে: 8 March 2024.
  8. সংক্ষিপ্ত অসমীয়া বিশ্বকোষ(প্ৰথম খণ্ড),প্ৰথম প্ৰকাশ,শান্তনু কৌশিক বৰুৱা,পৃষ্ঠা নং-২০৫,২০৬
  9. "Specific Phobias". USVA. http://www.mentalhealth.va.gov/specificphobias.asp আহৰণ কৰা হৈছে: 26 July 2016.
  10. Garcia, René (2017-09-01). "Neurobiology of fear and specific phobias" (en ভাষাত). Learning & Memory খণ্ড 24 (9): 462–471. doi:10.1101/lm.044115.116. ISSN 1072-0502. PMID 28814472. PMC 5580526. http://learnmem.cshlp.org/content/24/9/462.
  11. "Anxiety disorders" (English ভাষাত). Lancet খণ্ড 397 (10277): 914–927. March 2021. doi:10.1016/S0140-6736(21)00359-7. PMID 33581801.