বৰষুণ
এই প্ৰবন্ধটোৰ সত্যাপনযোগ্যতা প্ৰমাণ কৰিবলৈ অধিক তথ্য-উৎসৰ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎসৰ উল্লেখ কৰি প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। কিয়নো তথ্যৰ উৎসৰ উল্লেখ নকৰা প্ৰবন্ধক লৈ প্ৰশ্ন উঠিব পাৰে। অনুগ্ৰহ কৰি আলোচনা পৃষ্ঠাতো এই সম্পৰ্কীয় কিবা তথ্যৰ বাবে চক ফুৰাব।
অধিক সহায়ৰ বাবে কাষৰ "[দেখুৱাওক]" লিংকটোত ক্লিক কৰক।
উদ্ধৃতিৰ প্ৰয়োজনীয়তা এইবাবেই যে ৱিকিপিডিয়াত ব্যক্তিগত গৱেষণালব্ধ তথ্য গ্ৰহণযোগ্য নহয়, যদিহে ই কোনো নিৰ্ভৰযোগ্য উৎসৰ পৰা আহৰণ কৰা নহয়। মনত ৰাখিব যে ভুল তথ্যৰ বাবে পঢ়ুৱৈৰ ক্ষতিসাধন হ'ব পাৰে। তথাপিতো অসমীয়া ৱিকিপিডিয়া সৰু বাবে অনেক ক্ষেত্ৰত ঢিলাই দিয়া হয় বা কেতিয়াবা কেতিয়াবা দায়িত্বশীল সম্পাদকসকলৰ চকুৰ পৰা সাৰি যায় - তেতিয়া আপুনিয়েই প্ৰথম শাৰীত {{Reimprove}} বা {{Verify}} বুলি লিখি দিয়ে যেন। আনহাতে (অফলাইন) আলোচনীৰ বা বাতৰি কাকতৰ পৰা সহায় লৈ লিখা এটা প্ৰবন্ধৰ উত্সৰ সত্যতা নিৰূপন কৰিবৰ বাবে গৰিষ্ঠ সংখ্যক পাঠকৰ উপায় নাথাকে। তদুপৰি এই প্ৰক্ৰিয়াৰে কিছুমান দুষ্টলোকে ভুল ৰেফাৰেঞ্চৰেও পাঠকক দিগভ্ৰান্ত কৰি তুলিব পাৰে। অনলাইন উত্সৰ পৰা উদ্ধৃতিবোৰ দিলে এনে অসুবিধা নহয়। তেনে ক্ষেত্ৰত কোনোবাই আপত্তি কৰিলেও সত্যতা নিৰূপন কৰিবলৈ একো অসুবিধা নহয়। উল্লেখযোগ্য যে ব্যক্তিগত ব্লগৰ পৰা ৱিকিত উদ্ধৃতি দিয়া নিষেধ। |
বৰষুণ (ইংৰাজী: Rain) হৈছে বায়ুমণ্ডলীয় জলীয় বাষ্প ঘনিভূত হৈ সৃষ্টি হোৱা আৰু মাধ্যাকৰ্ষণ শক্তিৰ প্ৰভাৱত তললৈ নামি অহা তৰল পানীৰ টোপাল। বৰষুণ হৈছে জল চক্ৰৰ প্ৰধান উপাদান আৰু পৃথিৱীত থকা মিঠা পানীৰ জলাধাৰ সমূহৰ মূল উৎস। ই বহু প্ৰকাৰৰ পৰিস্থিতি তন্ত্ৰক অনুকূল পৰিৱেশ প্ৰদান কৰে।
পৃথিৱীৰ ভূ-ভাগৰ গোলকীয় বাৰ্ষিক গড় বৃষ্টিপাত হৈছে ৮১৫ মি.মি. (২৮.১ ইঞ্চি), কিন্তু সম্পূৰ্ণ পৃথিৱী পৃষ্ঠৰ বৃষ্টিপাত ৯৯০ মি.মি. (৩৯ ইঞ্চি)তকৈও বেছি। ৰেইন গজ নামৰ এবিধ যন্ত্ৰৰ দ্বাৰা বৃষ্টিপাত জোখা হয়। অন্য গ্ৰহটো বৰষুণ হয়, কিন্তু সেই বৰষুণৰ টোপালবোৰ পানীৰ সলনি মিথেন, নিয়ন, ছালফিউৰিক এচিড নাইবা আইৰণৰো হ'ব পাৰে।
বৃষ্টিপাতৰ মাত্ৰা
[সম্পাদনা কৰক]বৃষ্টিপাত জোখাৰ ক্ষেত্ৰত বৃষ্টিৰ ধাৰাক মিলিমিটাৰত গণনা কৰা হয়। তদুপৰি স্কেল অনুযায়ী পৰিমাপ কৰি পাতল, প্ৰচুৰ, অতি প্ৰচুৰ আৰু চৰম বৃষ্টিপাত হিচাপে দিয়া হয়। এইক্ষেত্ৰত ঘণ্টাত ০.২৫ মিলিমিটাৰৰ পৰা ১ মিলিমিটাৰ পৰ্যন্ত বৃষ্টিপাতক পাতল, ৪ মিলিমিটাৰৰ পৰা ১৬ মিলিমিটাৰ পৰ্যন্ত বৃষ্টিপাতক প্ৰচুৰ, ১৬ মিলিমিটাৰৰ পৰা ৫০ মিলিমিটাৰ পৰ্যন্ত বৃষ্টিপাতক অতি প্ৰচুৰ আৰু ৫০ মিলিমিটাৰতকৈ অধিক বৃষ্টিপাতক চৰম বৃষ্টি আখ্যা দিয়া হয়।
কৃত্ৰিম বৰষুণ
[সম্পাদনা কৰক]বৰষুণৰ বাবে প্ৰথমেই দৰকাৰ হয় জলীয় বাষ্প, সেই জলীয় বাষ্প পাতল হোৱা কাৰণে ওপৰলৈ উৰি গৈ বতাহৰ ধূলিকণা, বালি কণা ইত্যাদিৰ সৈতে মিহলি হৈ মেঘ বা ডাৱৰ তৈয়াৰ কৰে। এইদৰে মেঘৰ আকৃতি বাঢ়ি গৈ থাকে আৰু ঠাণ্ডাত ই ঘনীভূত হৈ বৰষুণৰ সৃষ্টি কৰে। এই প্ৰাকৃতিক প্ৰক্ৰিয়াটোকে মানৱনিয়ন্ত্ৰীত পন্থাত কৰাকেই কৃত্ৰিম বৰষুণ বোলা হয়। কৃত্ৰিম বৰষুণত, কেতিয়াবা সম্পূৰ্ণ প্ৰক্ৰিয়াটো, কেতিয়াবা তাৰ আংশিক (জলীয় বাষ্পক মেঘলৈ ৰূপান্তৰ) নিয়ন্ত্ৰণ কৰা হয়। সম্পূৰ্ণ প্ৰক্ৰিয়া নিয়ন্ত্ৰণৰ ক্ষেত্ৰত প্ৰথমে দ্ৰুতগতিৰ ডাঙৰ পাংখাৰ সহায়ত কোনো জলক্ষেত্ৰৰ পানীক বাষ্পীভূত কৰা হয়। সেই পাতল বাষ্প আকাশলৈ উৰি গৈ ডাৱৰৰ সৃষ্টি কৰে। তাৰ পিছত সেই ডাৱৰত ছিলভাৰ আয়'ডাইডৰ কণা ছতিয়াই দিয়া হয়, ফলত সেই ডাৱৰ ঘনীভূত হৈ কৃত্ৰিম বৰষুণৰ সৃষ্টি কৰে। এই ক্ষেত্ৰত বন্দুক নাইবা ৰকেট ব্যৱহাৰ কৰি পৃথিৱীৰ পৰা আকাশলৈ নাইবা বিমান ব্যৱহাৰ কৰি আকাশৰ পৰা ডাৱৰত ছিলভাৰ আয়'ডাইডৰ কণা এৰি দিয়া হয়। উষ্ণ অঞ্চলত এই কামত কেলচিয়াম ক্ল'ৰাইড ব্যৱহাৰ কৰা হয়। কৃত্ৰিম বৰষুণৰ এই প্ৰক্ৰিয়া যথেষ্ট ব্যয়বহুল।
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]বাহ্যিক সংযোগ
[সম্পাদনা কৰক]ৱিকিউদ্ধৃতিত বৰষুণ বিষয় সংক্ৰান্তত উদ্ধৃতি আছে। |
ৱিকিমিডিয়া কমন্সত बर्षा সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- What are clouds, and why does it rain?
- BBC article on the weekend rain effect
- BBC article on rain-making
- BBC article on the mathematics of running in the rain
ৱিকিমিডিয়া কমন্সত Rain সম্পৰ্কীয় মিডিয়া ফাইল আছে। |