সৰীসৃপ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(Reptileৰ পৰা পুনঃনিৰ্দেশিত)

সৰীসৃপ (ইংৰাজী: Reptilia) বোৰ প্ৰথম প্ৰকৃত স্থলচৰ প্ৰাণী৷ আধুনিক মতবাদ অনুসৰি কাৰ্ব'নিফেৰাছ যুগত উদ্ভৱ হোৱা ছিম'ৰিয়া(seymoria) জাতীয় প্ৰাণীবোৰ সৰীসৃপবোৰৰ প্ৰথম আৰু প্ৰকৃত পূৰ্বপুৰুষ৷ পাৰমিয়ান(permian) যুগত কটিল'ছৰিয়া প্ৰাণীবোৰৰপৰা বিভিন্ন ধৰণৰ সৰীসৃপৰ উদ্ভৱ হয় আৰু পিছত মেছ'যইক(mesozoic) যুগত বিকাশ লাভ কৰি জল,স্থল সৰ্বত্ৰ বিয়পি পৰে৷ মেছ'যইক যুগত সৰীসৃপৰ প্ৰৱল বিকাশ আৰু প্ৰভাৱৰ বাবে এই যুগক সৰীসৃপৰ সোনালী যুগ বুলি কোৱা হয়৷[1]

Reptiles, from Nouveau Larousse Illustré, 1897-1904: Notice the inclusion of amphibians (below the crocodiles).


কেইবিধমান সৰীসৃপ[সম্পাদনা কৰক]

ঘঁৰিয়াল(crocodyle),ফেটিসাপ(naja),অজগৰ সাপ(python),টেষ্টুড'(testudeকাছ(turtle),স্ফেন'ডন(sphenodon),কেল'টিছ(calotes),কেমেলিঅ'ন(chameleon) ইত্যাদি৷


সাধাৰণ বৈশিষ্ট্যসমূহ[সম্পাদনা কৰক]

  1. দেহৰ আকাৰ প্ৰাণীভেদে বেলেগ বেলেগ৷ কিছুমান প্ৰাণীৰ দেহ চাপ খোৱা নাইবা বহল,দীঘল নাইবা চুটি,চুঙাসদৃস নাইবা চেপেটা৷ দেহ মস্তক,ডিঙি,গা আৰু পুচ্ছ অংশত বিভক্ত৷
  2. ছাল শুকান,খহটা আৰু গ্ৰন্থিহীন৷ দেহ বহি:চ্ছদীয়(epidermal) বাকলিৰে নাইবা চৰ্মপত্ৰ(dermal plate) নাইবা স্কুট(scute) বা প্ৰশল্কৰে আবৃত৷
  3. দেহত সাধাৰণতে দুযোৰ ভৰি থাকে৷ প্ৰত্যেক ভৰিত পাঁচটাকৈ নখযুক্ত আঙুলি থাকে৷ কিছুমান প্ৰাণীৰ জলীয় অভিযোজনৰ বাবে ভৰি ৰূপান্তৰিত হৈ খোপনি(paddle) সৃষ্টি হয়,যেনে-কাছ৷ কিছুমান প্ৰাণীভৰি নাথাকে,যেনে-সাপ
  4. দেহকংকাল হাড়ৰ দ্বাৰা গঠিত৷ পশ্চকপালি সন্ধিকন্দ(occipital condyle) এটা৷ কশেৰুকাবোৰ অগ্ৰগৰ্তী(procoelous)৷ কামিহাড় ষ্টৰ্নাম(sternum) ৰ লগত সংযুক্ত৷
  5. পাচননলী সৰল আৰু মুখৰপৰা ক্ল'ৱাকালৈ বিস্তৃত৷ দুয়োটা হনুতে দাঁত থাকে৷
  6. শ্বাস-প্ৰশ্বাস হাওঁফাওঁৰ দ্বাৰা সম্পন হয়৷ ফুল নাথাকে৷ সাগৰীয় কাছৰ ক্ষেত্ৰত ক্ল'ৱাকাৰ দ্বাৰাও শ্বাসকাৰ্য চলে৷
  7. হৃদযন্ত্ৰ চাৰিটা কোঠালিযুক্ত৷ সম্পূৰ্ণভাৱে বিভক্ত অলিন্দ দুটা আৰু আংশিকভাৱে বিভক্ত নিলয় দুটা৷ ঘঁৰিয়ালনিলয় সম্পূৰ্ণৰূপে দুটা কোঠালিত বিভক্ত৷ লোহিত ৰক্তকণিকাবোৰ কোষকেন্দ্ৰযুক্ত৷
  8. চেৰিব্ৰেল অৰ্ধগোলক(cerebral hemisphere)মসৃণ৷ ১২ যোৰ কপালীয় স্নায়ু(cranial nerve) থাকে৷
  9. প্ৰধান সংবেদী অংগবোৰ হ'ল চকু,কাণ আৰু নাক৷ পাৰ্শ্বৰেখা নাথাকে৷
  10. শীতলৰক্তী প্ৰাণী
  11. বৃক্ক মেটানেফ্ৰিক(metanephric)৷
  12. একলিংগী প্ৰাণী৷ নিষেচন দেহৰ ভিতৰত হয়৷
  13. ডিম্বজ(oviparous) প্ৰাণী৷ বৰ্ধন প্ৰত্যক্ষ,ৰূপান্তৰণ(metamorphosis) নাই৷ বিদলন মেৰ'ব্লাষ্টিক(meroblastic)৷ ভ্ৰূণ ভ্ৰূণাৱৰণ(embryonic membrane) ৰ দ্বাৰা সংৰক্ষিত হয়৷[1]
An "antediluvian monster", a Mosasaurus discovered in a Maastricht limestone quarry, 1770 (contemporary engraving)


The first reptiles had an anapsid type of skull roof, as seen in the Permian genus Captorhinus










তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 উচ্চতৰ মাধ্যমিক প্ৰাথমিক জীৱবিদ্যা" লেখক - কৰুনা কান্ত দাস আৰু ড° অনুপ কুমাৰ চক্ৰবৰ্ত্তী ৷ প্ৰকাশক - শ্ৰী শান্তিৰঞ্জন দে,বীণা লাইব্ৰেৰী,কলেজ হোষ্টেল ৰোড,পানবজাৰ,গুৱাহাটী -৭৮৭০০১, অসম৷


বাহ্যিক সংযোগ[সম্পাদনা কৰক]