তালিবান আৰু মহিলাৰ প্ৰতি আচৰণ
মহিলাৰ প্ৰতি তালিবানৰ আচৰণ (ইংৰাজী: Treatment of women by the Taliban) অত্যন্ত বিতৰ্কিত। তালিবান হৈছে আফগানিস্তানৰ এক সামৰিক সংগঠন। এই সংগঠনৰ আদৰ্শ দেওবন্দী মৌলবাদ আৰু উগ্ৰপন্থী ইছলামবাদৰ ওপৰত আধাৰিত শ্বৰিয়া ইছলামিক আইনৰ এক "অভিনৱ" ৰূপ হিচাপে বৰ্ণনা কৰা হয়। এই আদৰ্শৰ সৈতে পশতুন সামাজিক আৰু সাংস্কৃতিক ৰীতি-নীতিৰ সংমিশ্ৰণ থকাৰ বাবে ইয়াক "পশতুনৱালী" বুলি জনা যায়।[1][2][3] ২০২১ চনত তালিবানে আফগানিস্তানৰ বেছিভাগ অংশ দখল কৰাৰ পাছত, বহুতো উদ্বেগে দেখা দিছে।[4] ইতিমধ্যে কাবুলৰ লগতে আন বিভিন্ন স্থানত তালিবানী সৈন্যই মহিলাক অত্যাচাৰ কৰা ঘটনা পোহৰলৈ আহিছে। এনে এটা ঘটনাত তালিবানে এগৰাকী মহিলাক ৰাজহুৱা স্থানত বোৰ্খা নিপিন্ধাৰ বাবে হত্যা কৰা বুলিও বাতৰিত প্ৰকাশ।[5] লক্ষণীয় কথাটো হ’ল যে একেসময়তে এক সংবাদমেল সম্বোধন কৰি তালিবানে উল্লেখ কৰে যে মহিলাৰ প্ৰতি থকা অতীতৰ কেতবোৰ কঠোৰ নিয়ম এইবাৰ সলনি কৰা হ’ব।[6]
যোৱা ১৯৯৬ চনত আফগানিস্তান তালিবানৰ অধিনত আহাৰ সময়চোৱাত তালিবান সংগঠনৰ এজন মুখপাত্ৰৰ মতে আফগানিস্তানৰ মহিলাসকলক ৰাজহুৱাভাৱে বোৰ্খা পিন্ধিবলৈ বাধ্য কৰা হয় কিয়নো পৰপুৰষৰ বাবে "এগৰাকী মহিলাৰ মুখ দুৰ্নীতিৰ উৎস।"[7] কেতিয়াবা লিংগ বৰ্ণবাদ বুলি কোৱা এই আদৰ্শৰ মতে মহিলাসকলক চাকৰি কৰিবলৈ দিয়া নহয়, তেওঁলোকক আঠ বছৰ বয়সৰ পাছত শিক্ষালাভ কৰিব দিয়া নহয়, কেৱল কোৰান অধ্যয়নৰ অনুমতি দিয়া হয়।[8]
তালিবানৰ আদৰ্শ মতে শিক্ষা বিচৰা মহিলাসকলক ভূগৰ্ভস্থ বিদ্যালয়ত পঢ়িবলৈ বাধ্য কৰা হয়, য'ত তেওঁলোক আৰু তেওঁলোকৰ শিক্ষকসকলে ধৰা পৰিলে মৃত্যুদণ্ডৰ আশংকা থাকে।[9] পুৰুষৰ সৈতে নগ'লে মহিলাসকলক পুৰুষ চিকিৎসকৰ দ্বাৰা চিকিৎসা কৰিবলৈ অনুমতি দিয়া নহয়, যাৰ ফলত বহু সময়ত ৰোগৰ চিকিৎসা কৰা নহয়। তালিবানৰ আইন উলংঘন কৰাসকলক ৰাজহুৱা ভাৱে চাবুক মাৰা হয় আৰু মৃত্যুদণ্ডও বিহা হয়।[10][11] তালিবানে কিছুমান ক্ষেত্ৰত ১৬ বছৰ বয়সৰ তলৰ ছোৱালীৰ বাবে বিবাহৰ অনুমতি দিছিল বা দিয়ে। এমনেষ্টি ইণ্টাৰনেচনেলে জনাইছে যে ৮০% আফগান বিবাহ বলপূৰ্বক বিবাহ।[12]
লিংগ বৈষম্য
[সম্পাদনা কৰক]তালিবানৰ আদৰ্শ মতে আঠ বছৰ বয়সৰ পৰা, আফগানিস্তানৰ মহিলাসকলক নিজৰ "তেজৰ সম্পৰ্কীয়", স্বামী, বা শহুৰেকৰ বাহিৰে আন পুৰুষৰ সৈতে পোনপটীয়া সম্পৰ্ক ৰাখিবলৈ অনুমতি দিয়া নহয়।[13] ইয়াৰ উপৰিও মহিলাসকলৰ বাবে অন্যান্য প্ৰতিবন্ধকতা এনেধৰণৰ:
- মহিলাসকলে তেজ-সম্বন্ধীয় পুৰুষৰ অবিহনে বা বোৰ্খা অবিহনে বাট-পথলৈ ওলাই আহিব নোৱাৰে।
- মহিলাসকলে ওখ গোৰোহাৰ জোতা-চেন্দেল পিন্ধিব নোৱাৰে কাৰণ তালিবানৰ মত অনুসৰি মহিলাৰ খোজৰ শব্দই পুৰুষক উত্তেজিত কৰিব পাৰে।[14]
- মহিলাসকলে উজ্জ্বল ৰঙৰ কাপোৰ পিন্ধিব নোৱাৰে কিয়নো সেইবোৰে যৌন আকৰ্ষণ জগায়।[15]
- মহিলাসকলে ৰাজহুৱাকৈ উচ্চ স্বৰত কথা ক'ব নালাগে কিয়নো কোনো অচিনাকি ব্যক্তিয়ে মহিলাৰ মাত শুনিব নালাগে।[16]
- বাট-পথৰ পৰা মহিলাসকল দৃশ্যমান নহʼবলৈ আৱাসিক অঞ্চলত খিৰিকী ৰং কৰিব লাগে বা পৰ্দা লগাব লাগে।
- যিকোনো স্থানৰ নামত "মহিলা" শব্দটো অন্তৰ্ভুক্ত থাকিলে সংশোধন কৰা হয়। উদাহৰণ স্বৰূপে, "মহিলাৰ বাগিচা"ৰ নাম সলনি কৰি "বসন্ত বাগিচা" ৰখা হৈছিল।[17]
মহিলাৰ চলাচল
[সম্পাদনা কৰক]ৰাজহুৱা আচৰণ সম্পৰ্কীয় তালিবান ৰায়সমূহে এগৰাকী মহিলাৰ চলাচলৰ স্বাধীনতাৰ ওপৰত তীব্ৰ প্ৰতিবন্ধকতা আৰোপ কৰিছিল আৰু যিসকলে বোৰ্খা পৰিধান নকৰিছিল এই মহিলাসকলে গৃহবন্দীৰ সন্মুখীন হৈছিল। উল্লেখযোগ্য যে তালিবানৰ উত্থানৰ আগতে আফগানিস্তানত সাধাৰণতে বোৰ্খা পিন্ধা হোৱা নাছিল।[18] অকলে ৰাস্তাত খোজ কাঢ়ি যোৱাৰ বাবে তালিবানৰ দ্বাৰা বেয়াকৈ প্ৰহাৰ কৰা এগৰাকী মহিলাই কৈছিল "মোৰ দেউতা যুদ্ধত নিহত হৈছিল... মোৰ কোনো স্বামী নাই, কোনো ভায়েক নাই, পুত্ৰ নাই। যদি মই অকলে বাহিৰলৈ যাব নোৱাৰো তেন্তে মই কেনেকৈ জীয়াই থাকিম?"[19] ১৯৯৫ চনত তালিবানৰ শাসনকালত তালিবান নিতী অনুসৰি একেখন বাছত পুৰুষ আৰু মহিলাৰ ভ্ৰমণ প্ৰতিহত কৰিবলৈ পৃথক বাছ সেৱা আৰম্ভ কৰা হৈছিল।[20] মহিলাসকলৰ ওপৰত চাইকেল বা মটৰচাইকেল চলোৱাত নিষেধাজ্ঞা আৰোপ কৰা হৈছিল। অৱশ্যে, গ্ৰাম্য মহিলাসকলৰ জীৱন কম প্ৰভাৱিত হৈছিল কিয়নো তেওঁলোকে সাধাৰণতে সুৰক্ষিত পৰিৱেশত আত্মীয়স্বজনৰ লগত বাস কৰে। তেওঁলোকৰ কাম বা শ্ৰম অব্যাহত ৰখাৰ বাবে স্বাধীনতাৰ এক আপেক্ষিক স্তৰ প্ৰয়োজন হয় আৰু সেইখিনি আত্মীয়ৰ পৰা পায়। যেতিয়া এই মহিলাসকলে ওচৰৰ চহৰলৈ ভ্ৰমণ কৰিছিল, তেওঁলোকৰ ক্ষেত্ৰত একেই নগৰীয় নিষেধাজ্ঞা প্ৰযোজ্য হৈছিল।[21]
মহিলাৰ স্বাস্থ্য সেৱা
[সম্পাদনা কৰক]আফগানিস্তানত তালিবানে ক্ষমতা দখল কৰাৰ আগতে পুৰুষ চিকিৎসকসকলক চিকিৎসালয়ত মহিলাৰ চিকিৎসা কৰিবলৈ অনুমতি দিয়া হৈছিল, কিন্তু পৰামৰ্শৰ অজুহাতত কোনো পুৰুষ চিকিৎসকক এগৰাকী মহিলাৰ শৰীৰ স্পৰ্শ কৰিবলৈ অনুমতি দিয়া উচিত নহয় বুলি আদেশ সোনকালেই প্ৰৱৰ্তন কৰা হৈছিল।[22] চাকৰিত কম সংখ্যক মহিলা স্বাস্থ্যকৰ্মি থকাৰ বাবে, বহুতো মহিলাই দুৰলৈ ভ্ৰমণ কৰিব লগা হয়। আনহাতে তালিবান অধিনত প্ৰসৱৰ স্বাস্থ্যকেন্দ্ৰবোৰৰ ব্যৱস্থাও হ্ৰাস পাইছিল।[23] কাবুলত, কিছুমান মহিলাই পৰিয়াল আৰু চুবুৰীয়াসকলক সেৱা আগবঢাবলৈ তেওঁলোকৰ ঘৰত অনানুষ্ঠানিক ক্লিনিক স্থাপন কৰিছিল। তথাপিও যিহেতু চিকিৎসা সামগ্ৰীবোৰ ৰখাটো সীমিত আছিল, চিকিৎসাৰ অভাৱৰ বাবে বহুতো মহিলাই দীৰ্ঘদিন ধৰি কষ্ট সহ্য বা অকালতে মৃত্যুবৰণ কৰিছিল।[24]
শাস্তি
[সম্পাদনা কৰক]তালিবানৰ অধিনত আফগানিস্তানত প্ৰায়ে ৰাজহুৱাভাৱে শাস্তি প্ৰদান কৰা হৈছিল, হয় ক্ৰীড়া ষ্টেডিয়াম বা চহৰৰ চৌহদত অনুষ্ঠিত আনুষ্ঠানিকভাবে বা ৰাস্তাত। অসামৰিক লোকসকলে কঠোৰ জৰিমনাৰ ভয়ত জীয়াই আছিল। নিয়ম ভংগ কৰা মহিলাসকল প্ৰায়ে চৰম হিংসাৰ ভোগী হৈছিল।[25] উদাহৰণসমূহৰ ভিতৰত আছে:
১৯৯৬ চনৰ অক্টোবৰ মাহত এগৰাকী মহিলাই নখত ৰং লগোৱাৰ বাবে বুঢ়া আঙুলিৰ মুৰটো কাটি পেলাইছিল।[26] ১৯৯৬ চনৰ ডিচেম্বৰত ৰেডিঅ' শাৰিয়াই ঘোষণা কৰে যে ২২৫ গৰাকী কাবুলৰ মহিলাক জব্দ কৰা হৈছে আৰু শ্বৰিয়া পোছাক বিধি উলংঘা কৰাৰ বাবে শাস্তি দিয়া হৈছে। শাস্তিটো ন্যায়াধিকৰণৰ দ্বাৰা প্ৰদান কৰা হৈছিল আৰু মহিলাসকলক অপৰাধৰ বাবে ভৰি আৰু পিঠিত আঘাত কৰা হৈছিল।[27]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Giustozzi, Antonio (2009). Decoding the new Taliban: insights from the Afghan field. Columbia University Press. p. 249. ISBN 978-0-231-70112-9.
- ↑ Clements, Frank A. (2003). Conflict in Afghanistan: An Encyclopedia (Roots of Modern Conflict). ABC-CLIO. p. 219. ISBN 978-1-85109-402-8.
- ↑ Maley, William (2002). The Afghanistan wars. Palgrave Macmillan. p.?. ISBN 978-0-333-80290-8.
- ↑ Trofimov, Yaroslav (15 August 2021). "Afghanistan Government Collapses as Taliban Take Kabul". The Wall Street Journal. Archived from the original on 17 August 2021. Retrieved 17 August 2021.
- ↑ https://www.news.com.au/world/middle-east/taliban-kill-woman-for-not-wearing-burqa-on-same-day-it-vows-to-honour-womens-rights/news-story/bd1975d32af4a031677fd0be28a266ec
- ↑ https://assam.eastmojo.com/news/national-international/afghanistan-what-does-it-mean-to-afghan-women-under-taliban-rule/
- ↑ Gohari, M. J. (1999). "Women and the Taliban Rule". The Taliban: Ascent to Power. Karachi: Oxford University Press. pp. 108–110. ISBN 0-19-579560-1.
- ↑ Israr, Hasan (2011). The Conflict Within Islam: Expressing Religion Through Politics. Bloomington: iUniverse. ISBN 978-1-4620-8301-5.
- ↑ Synovitz, Ron (31 March 2004). "Afghanistan: Author Awaits Happy Ending To 'Sewing Circles Of Herat'". Radio Free Europe. Archived from the original on 8 July 2004. Retrieved 17 August 2021.
- ↑ The Taliban's War on Women: A Health and Human Rights Crisis in Afghanistan (PDF). Physicians for Human Rights. 1998. ISBN 1-879707-25-X. Archived (PDF) from the original on 12 August 2021. Retrieved 17 August 2021.
- ↑ "100 Girls' Schools In Afghan Capital Are Ordered Shut". The New York Times. 17 June 1998. Archived from the original on 13 April 2021. Retrieved 17 August 2021.
- ↑ "A Woman Among Warlords: Women's Rights in the Taliban and Post-Taliban Eras". PBS. 11 September 2007. Retrieved 14 October 2014. The Taliban’s policies also extended to matrimony, permitting and in some cases encouraging the marriages of girls under the age of 16. Amnesty International reported that 80 percent of Afghan marriages were considered to be by force.
- ↑ Griffin, Michael (2001). Reaping the Whirlwind: The Taliban movement in Afghanistan. London: Pluto Press. pp. 6–11, 159–165. ISBN 0-7453-1274-8.
- ↑ Dartnell, M. Y. (2017). Appendix 2 Some of the Restrictions Imposed by the Taliban on Women in Afghanistan. In Insurgency Online (pp. 108-111). University of Toronto Press.
- ↑ Dartnell, M. Y. (2017). Appendix 2 Some of the Restrictions Imposed by the Taliban on Women in Afghanistan. In Insurgency Online (pp. 108-111). University of Toronto Press.
- ↑ "Some of the restrictions imposed by Taliban in Afghanistan". Revolutionary Association of the Women of Afghanistan. Retrieved 1 November 2015.
- ↑ Nordland, Rod (20 June 2010). "Working to Help a Haven for Afghan Women Blossom". The New York Times. Archived from the original on 16 August 2021. Retrieved 9 January 2011.
- ↑ The Taliban's War on Women: A Health and Human Rights Crisis in Afghanistan (PDF). Physicians for Human Rights. 1998. ISBN 1-879707-25-X. Archived (PDF) from the original on 12 August 2021. Retrieved 17 August 2021.
- ↑ Latifa (2001). My Forbidden Face: Growing up under the Taliban. New York: Hyperion. pp. 29–107. ISBN 0-7868-6901-1.
- ↑ "Some of the restrictions imposed by Taliban in Afghanistan". Revolutionary Association of the Women of Afghanistan. Retrieved 1 November 2015.
- ↑ Dupree, Nancy Hatch (1998). "Afghan Women under the Taliban". In Maley, William (ed.). Fundamentalism Reborn? Afghanistan and the Taliban. New York: New York University Press. pp. 145–166. ISBN 0-8147-5585-2.
- ↑ Latifa (2001). My Forbidden Face: Growing up under the Taliban. New York: Hyperion. pp. 29–107. ISBN 0-7868-6901-1.
- ↑ Marsden, Peter (1998). "The gender policies of the Taliban". The Taliban: War, Religion and the New Order in Afghanistan. London: Zed Books. pp. 88–101. ISBN 1-85649-522-1.
- ↑ Latifa (2001). My Forbidden Face: Growing up under the Taliban. New York: Hyperion. pp. 29–107. ISBN 0-7868-6901-1.
- ↑ Griffin, Michael (2001). Reaping the Whirlwind: The Taliban movement in Afghanistan. London: Pluto Press. pp. 6–11, 159–165. ISBN 0-7453-1274-8.
- ↑ Griffin, Michael (2001). Reaping the Whirlwind: The Taliban movement in Afghanistan. London: Pluto Press. pp. 6–11, 159–165. ISBN 0-7453-1274-8.
- ↑ "Women in Afghanistan: The violations continue". Amnesty International. 1 June 1997. Archived from the original on 10 May 2003. Retrieved 12 November 2007.