ময়িদুল ইছলাম বৰা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ময়িদুল ইছলাম বৰা
জন্ম ২২ ছেপ্তেম্বৰ, ১৮৯৯ চন
শিৱসাগৰ
মৃত্যু ৫ মে', ১৯৪৪
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব  ভাৰত
শিক্ষা ঢাকা বিশ্ববিদ্যালয়
জনা যায় শিক্ষাবিদ, সাহিত্যিক
পিতৃ-মাতৃ মেহেৰুদ্দিন(পিতৃ)


ময়িদুল ইছলাম বৰা (জন্ম:১৮৯৯ - মৃত্যু:১৯৪৪) এগৰাকী শিক্ষাবিদ আৰু সাহিত্যিক। ফাৰ্চী সাহিত্যৰ গৱেষণা কৰিছিল। অসম সাহিত্য সভাৰ ১৯৪০ চনত বহা যোৰহাট অধিবেশনৰ সভাপতি আছিল।

জন্ম আৰু শিক্ষাজীৱন[সম্পাদনা কৰক]

ময়িদুল ইছলাম বৰাৰ জন্ম হৈছিল শিৱসাগৰ চহৰত। তেখেতৰ পিতৃৰ নাম মেহেৰুদ্দিন। সৰু থাকোঁতেই পিতৃৰ মৃত্যু হোৱাত ময়িদুল ইছলাম বৰাই ককায়েকহঁতৰ তত্বাৱধানত ডাঙৰ-দীঘল হৈছিল। ১৯১৭ চনত শিৱসাগৰ চৰকাৰী হাইস্কুলৰপৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ কটন কলেজত নাম লিখায়।[1]

কটন কলেজৰ পৰা আই.এ. পাছ কৰে ১৯১৯ চনত আৰু ১৯২১ চনত বি.এ. পৰীক্ষাত উত্তীৰ্ণ হয়। ইয়াৰ পাছত উচ্চ শিক্ষাৰ বাবে ঢাকা বিশ্ববিদ্যালয়লৈ যায়। ঢাকা বিশ্ববিদ্যালয়ৰপৰা ফাৰ্চী সাহিত্যত ১ম শ্ৰেণীৰ প্ৰথম হৈ এম.এ. পাছ কৰে।[1]

কৰ্মজীৱন[সম্পাদনা কৰক]

এম.এ. পাছ কৰাৰ পাছতে ঢাকা বিশ্ববিদ্যলয়তে অধ্যাপকৰ পদত যোগদান কৰে। ১৯২৯ চনত বিলাতলৈ যায় আৰু ১৯৩০ চনত লণ্ডন বিশ্ববিদ্যালয়ত ফাৰ্চী কবি আমীৰ হাছানৰ ওপৰত গৱেষণা কৰি পি.এইচ.ডি. ডিগ্ৰী লাভ কৰে।[1]

সাহিত্যিক জীৱন[সম্পাদনা কৰক]

মীৰ্জা নাথনে লিখা 'বাহাৰিস্তান-ই-গাইবী' ইংৰাজীলৈ অনুবাদ কৰিছিল। অসমীয়া ভাষাতো প্ৰৱন্ধ ৰচনা কৰিছিল। My First Reader, My Second Reader-কে ধৰি পাঁচখন পাঠ্যপুথিৰ ৰচয়িতা।[1] ১৯৪০ চনত যোৰহাটত বহা অসম সাহিত্য সভাৰ সভাপতি আছিল।[2][3]

মৃত্যু[সম্পাদনা কৰক]

১৯৪৪ চনৰ ৫ মে'ত ময়িদুল ইছলাম বৰাৰ মৃত্যু হয়।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 1.3 বৰ্মন, শিৱনাথ (২০০০). অসমীয়া জীৱনী অভিধান. চ'ফিয়া প্ৰেছ এণ্ড পাব্লিচাৰ্ছ প্ৰা: লি:, গুৱাহাটী. পৃ: ২১৫
  2. Axom Xahitya Xabha (The Literary Society of Assam). www.assam.org আহৰণ কৰা তাৰিখ: ১০-১২-২০১২
  3. Presidents of Asam Sahitya Sabha since 1917. www.asamsahityasabha.com Archived 2013-01-29 at the Wayback Machine আহৰণ কৰা তাৰিখ: ১০-১২-২০১২