হৰিবিলাস আগৰৱালা

অসমীয়া ৱিকিপিডিয়াৰ পৰা

হৰিবিলাস আগৰৱালাৰ পিতৃ নৱৰংগৰাম আগৰৱালা (কেডিয়া) ১৮১১ চনত ৰাজস্থানমাৰৱাৰ অঞ্চলৰ পৰা অসমলৈ আহিছিল। হৰিবিলাস আগৰৱালাই কীৰ্তন পুথি সৰ্বপ্ৰথমে ছপা কৰি প্ৰকাশ কৰিছিল৷ হৰিবিলাস আগৰৱালা প্ৰসিদ্ধ গীতিকাৰ, নাট্যকাৰ, লেখক আৰু প্ৰথমগৰাকী অসমীয়া চলচ্চিত্ৰ নিৰ্মাতা ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ককাদেউতাক আৰু জোনাকী আলোচনীৰ প্ৰথমজন সম্পাদক তথা সাহিত্য সংগঠন অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ প্ৰতিষ্ঠাপক সদস্য চন্দ্ৰকুমাৰ আগৰৱালাৰ পিতৃ৷