সমললৈ যাওক

এডৱিন হাবল

অসমীয়া ৱিকিপিডিয়াৰ পৰা
এডৱিন হাবল

জন্ম এডৱিন পাৱেল হাবল
২০ নৱেম্বৰ, ১৮৮৯
মাৰ্শ্বফিল্ড, মিজৌৰী, আমেৰিকা যুক্তৰাষ্ট্ৰ
মৃত্যু ২৮ ছেপ্টেম্বৰ, ১৯৫৩
চানফ্ৰানচিস্কো, আমেৰিকা যুক্তৰাষ্ট্ৰ
বাসস্থান আমেৰিকা যুক্তৰাষ্ট্ৰ
জাতীয়তা আমেৰিকান
ক্ষেত্ৰ জ্যোতিৰ্বিজ্ঞান
কৰ্মস্থান চিকাগ' বিশ্ববিদ্যালয়
মাউণ্ট উইলছন অৱজাৰ্ভেটৰী
কাৰ্নেগী ইনষ্টিটিউট ফৰ্ চায়েন্স্
শিক্ষানুষ্ঠান চিকাগ' বিশ্ববিদ্যালয়
দ্য কুইনছ্ কলেজ, অক্সফ'ৰ্ড
জনা যায় হাবল অনুক্ৰম
হাবলৰ সূত্ৰ
প্ৰভাৱান্বিত কৰিছে এলেন চেণ্ডে'জ
উল্লেখনীয় বঁটা নিউকম্ব্ ক্লিভলেণ্ড্ প্ৰাইজ (১৯২৪)
বাৰ্ণাৰ্ড মেডেল ফৰ মেৰিট'ৰিয়াছ্ চাৰ্ভিছ্ টু চায়েন্স্ (১৯৩৫)
ব্ৰুচ মেডেল (১৯৩৮)
ফ্ৰেংকলিন মেডেল (১৯৩৯)
গ'ল্ড মেডেল অৱ দা ৰয়েল এষ্ট্ৰ'ন'মিকেল চ'ছাইটি (১৯৪০)
লিজিয়ন অৱ্ মে'ৰিট (১৯৪৬)
দাম্পত্যসঙ্গী Grace Burke Sr. (বি. ১৯২৪)
স্বাক্ষৰ

এডৱিন পাৱেল হাবল (ইংৰাজী: Edwin Powell Hubble; ২০ নৱেম্বৰ, ১৮৮৯ - ২৮ ছেপ্টেম্বৰ, ১৯৫৩)[1] এগৰাকী আমেৰিকান জ্যোতিৰ্বিজ্ঞানী আছিল। বহিঃতাৰকাৰাজ্যিক জ্যোতিৰ্বিজ্ঞান আৰু নিৰীক্ষণভিত্তিক ব্ৰহ্মাণ্ডবিজ্ঞানৰ ক্ষেত্ৰ দুখন গঢ় দিয়াত তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল। হাবলক সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ জ্যোতিৰ্বিজ্ঞানীসকলৰ এজন বুলি গণ্য কৰা হয়।[2][3]

হাবলে আৱিষ্কাৰ কৰিছিল যে পূৰ্বে ধূলি আৰু গেছৰ মেঘ বুলি ভবা বহু নীহাৰিকা দৰাচলতে আমাৰ হাতীপটি তাৰকাৰাজ্যৰ বাহিৰত থকা বেলেগ তাৰকাৰাজ্য।[4] হাতীপটিৰ ভিতৰুৱা অঞ্চল আৰু বহিঃতাৰকাৰাজ্যসমূহৰ মাপ জুখিবলৈ[5][6] তেওঁ ধ্ৰুপদী "পৰিৱৰ্তনশীল তৰা"ৰ (cepheid variables বুলি পৰিচিত) উজ্জ্বলতা আৰু ইহঁতৰ ধিপধিপনিৰ পৰ্য্যায়কালৰ মাজত থকা প্ৰত্যক্ষ সম্পৰ্কটো ব্যৱহাৰ কৰিছিল[7][8] (এই সম্পৰ্কটো ১৯০৮ চনত হেনৰিয়ে'টা স্বান লিভিটে আৱিষ্কাৰ কৰিছিল)[9])।

হাবলে প্ৰমাণসহকাৰে ব্যাখ্যা কৰে যে তাৰকাৰাজ্য এখন আমাৰ পৰা আঁতৰি যোৱাৰ বেগটো পৃথিৱীৰ পৰা ইয়াৰ দূৰত্ব বঢ়াৰ লগে লগে বাঢ়ি যায়। ইয়াৰ দুবছৰ পূৰ্বে জৰ্জ লেমাত্ৰে'ও এই কথাটো কোৱাৰ উপৰি নিৰীক্ষণভিত্তিক সাক্ষ্যও দাঙি ধৰিছিল। তথাপি এই ধৰ্মটো এতিয়া হাবলৰ সূত্ৰ বুলিহে জনা যায়।[10] হাবল-লেমাত্ৰে' সূত্ৰই ইংগিত দিয়ে যে আমাৰ বিশ্বব্ৰহ্মাণ্ডখনৰ প্ৰসাৰণ ঘটি আছে।[11] ইয়াৰ এটা দশক পূৰ্বে আমেৰিকান জ্যোতিৰ্বিজ্ঞানী ভেষ্ট' শ্লিফাৰে প্ৰথমবাৰৰ বাবে দেখুৱাইছিল যে বহুতো নীহাৰিকাৰ পৰা অহা পোহৰৰ অতি বেছি পৰিমাণে লোহিতবিচ্যুতি ঘটিছে। ইও দৰাচলতে ইয়াকে ইংগিত দিছিল যে এইবোৰ আমাৰ পৰা আঁতৰি গৈ আছে।[12][13]

হাবলৰ নামটো মানুহৰ মাজত সবাতোকৈ চিনাকি তেওঁৰ সন্মানত উৎসৰ্গিত হাবল মহাকাশ দূৰৱীণৰ জৰিয়তে। এই দূৰৱীণটোৰ ডাঙৰ আৰ্হি এটা তেওঁৰ গৃহচহৰ মাৰ্শ্বফিল্ড, মিজৌৰীত প্ৰদৰ্শনৰ বাবে ৰখা হৈছে।

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Biography of Edwin Hubble (1889–1953)". NASA. Archived from the original on June 30, 2011. https://web.archive.org/web/20110630015230/http://hubble.nasa.gov/overview/hubble_bio.php। আহৰণ কৰা হৈছে: June 21, 2011. 
  2. Redd, Nola Taylor. "Famous Astronomers | List of Great Scientists in Astronomy". PerchSPACE.com. https://www.space.com/16095-famous-astronomers.html। আহৰণ কৰা হৈছে: April 6, 2018. 
  3. Reese, Riley. "Most Influential Astronomers of All Time". Jerrick Ventures LLCFuturism. Archived from the original on April 7, 2018. https://web.archive.org/web/20180407053738/https://futurism.media/most-influential-astronomers-of-all-time। আহৰণ কৰা হৈছে: April 6, 2018. 
  4. Hubble, Edwin (December 1926). "Extragalactic nebulae". Astrophysical Journal খণ্ড 64 (64): 321–369. doi:10.1086/143018. 
  5. Freedman, Wendy L.; Madore, Barry F.; Gibson, Brad K.; Ferrarese, Laura; Kelson, Daniel D.; Sakai, Shoko; Mould, Jeremy R.; Kennicutt, Jr., Robert C. et al. (2001). "Final Results from the Hubble Space Telescope Key Project to Measure the Hubble Constant". The Astrophysical Journal খণ্ড 553 (1): 47–72. doi:10.1086/320638. 
  6. Freedman, Wendy L.; Madore, Barry F. (2010). "The Hubble Constant". Annual Review of Astronomy and Astrophysics খণ্ড 48: 673–710. doi:10.1146/annurev-astro-082708-101829. 
  7. Udalski, A.; Soszynski, I.; Szymanski, M.; Kubiak, M.; Pietrzynski, G.; Wozniak, P.; Zebrun, K. (1999). "The Optical Gravitational Lensing Experiment. Cepheids in the Magellanic Clouds. IV. Catalog of Cepheids from the Large Magellanic Cloud". Acta Astronomica খণ্ড 49: 223–317. 
  8. Soszynski, I.; Poleski, R.; Udalski, A.; Szymanski, M. K.; Kubiak, M.; Pietrzynski, G.; Wyrzykowski, L.; Szewczyk, O. et al. (2008). "The Optical Gravitational Lensing Experiment. The OGLE-III Catalog of Variable Stars. I. Classical Cepheids in the Large Magellanic Cloud". Acta Astronomica খণ্ড 58: 163. 
  9. Leavitt, Henrietta S. (1908). "1777 variables in the Magellanic Clouds". Annals of Harvard College Observatory খণ্ড 60: 87. 
  10. Astronomer Sleuth Solves Mystery of Big Cosmos Discovery by Nola Taylor Redd, Space.com, November 14, 2011
  11. Hubble, Edwin (1929). "A relation between distance and radial velocity among extra-galactic nebulae". PNAS খণ্ড 15 (3): 168–173. doi:10.1073/pnas.15.3.168. PMID 16577160. PMC 522427. http://www.pnas.org/cgi/reprint/15/3/168. 
  12. Slipher, V.M. (1917). Proc. Am. Philos. Soc.. 56. pp. 404–409. 
  13. Segal, I.E. (December 1993). Proc. Natl. Acad. Sci. USA. 90. pp. 11114–11116. 

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]