কোচ ৰাজবংশী ভাষা
অৱয়ব
(কামতাপুৰী ভাষাৰ পৰা পুনঃনিৰ্দেশিত)
কামতাপুৰী /ৰাজবংশী | |
---|---|
কোচ-ৰাজবংশী/কামতাপুৰী/গোৱালপাৰীয়া(ভাৰত) ৰংপুৰী (বাংলাদেশ) ৰাজবংশী (নেপাল) | |
থলুৱা অঞ্চল | বাংলাদেশ, ভাৰত, নেপাল |
ভাষা পৰিয়াল |
ভাৰত-ইউৰোপী
|
ভাষা সংকেত | |
ISO 639-3 | Variously: rkt – কামতাপুৰী/ৰংপুৰী rjs – ৰাজবংশী kyv – কায়ৰ্ট[1] |
গ্লোটোলগ | rang1265 ৰংপুৰী[2]rajb1243 ৰাজবংশী[3] |
কোচ-ৰাজবংশী বা কামতাপুৰী (ইংৰাজী: Kamatapuri/Rajbongshi language) হ'ল ইন্দো-আৰ্য্য ভাষা পৰিয়ালৰ অন্তৰ্গত ভাষা। ১৫ মিলিয়নৰো অধিক মানুহে এই ভাষা ব্যৱহাৰ কৰে।
পৰিসীমা
[সম্পাদনা কৰক]অসমৰ ধুবুৰী, কোকৰাঝাৰ, চিৰাং, বঙাইগাঁও আৰু গোৱালপাৰা জিলাত এই ভাষা কোৱা মানুহৰ সংখ্যা সৰ্বাধিক, দৰং জিলাতো এই ভাষা কোৱা কিছু সংখ্যক মানুহ আছে। উত্তৰ বঙ্গৰ কোচবিহাৰ, জলপাইগুড়ি, উত্তৰ দিনাজপুৰ, দক্ষিণ দিনাজপুৰ আৰু দাৰ্জিলিঙৰ তৰাই অঞ্চল, বিহাৰৰ কাটিহাৰ, পূৰ্ণিয়া আৰু কিষানগঞ্জ জিলাৰ কিছু অঞ্চল, নেপালৰ মোৰং আৰু ঝাপা জিলা, ভূটানৰ কিছু অঞ্চলত তথা বাংলাদেশৰ অবিভক্ত ৰংপুৰ জিলাত এই ভাষাৰ মানুহ আছে। মেঘালয়, ত্ৰিপুৰা আৰু সম্বলপুৰ (ওড়িশা)তো এই ভাষাৰ লোক আছে। অঞ্চলভেদে ৰাজবংশী, গোৱালপাৰীয়া,দেশী ভাষা,ৰংপুৰী ভাষা আদি বিভিন্ন নামত পৰিচিত। এই ভাষা কোৱা মানুহৰ সংখ্যা ১৫ মিলিয়নৰ অধিক।
অসমীয়া, ছিলটি আৰু বঙালী ভাষাৰ সৈতে তুলনা
[সম্পাদনা কৰক]কোচ ৰাজবংশী | অসমীয়া | বঙালী | ছিলটি | ইংৰাজী ভাঙনি |
---|---|---|---|---|
Muĩ kôrûng | Môi kôrû | Ami kôri | Ami xori | I do |
Muĩ kôrià àsûng | Môi kôri asû | Ami kôrchi | Ami xoriar | I am doing |
Muĩ kôrsilûng | Môi kôrisilû | Ami kôrêchi | Ami xorsilam | I did |
Muĩ kôrià àsilûng | Môi kôri asilû | Ami kôrchilam | Ami xorat aslam | I was doing |
Muĩ kôrim | Môi kôrim | Ami kôrbo | Ami xormu | I will do |
Muĩ kôriyà thakim | Môi kôri thakim | Ami kôrtê thakbo | Ami xorat taxmu | I will be doing |
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ Hammarström (2015) Ethnologue 16/17/18th editions: a comprehensive review: online appendices
- ↑ Hammarström, Harald; Forkel, Robert; Haspelmath, Martin, eds (2017). "ৰংপুৰী". Glottolog 3.0. প্ৰকাশক Jena, Germany: Max Planck Institute for the Science of Human History. http://glottolog.org/resource/languoid/id/rang1265.
- ↑ Hammarström, Harald; Forkel, Robert; Haspelmath, Martin, eds (2017). "ৰাজবংশী". Glottolog 3.0. প্ৰকাশক Jena, Germany: Max Planck Institute for the Science of Human History. http://glottolog.org/resource/languoid/id/rajb1243.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]ৱিকিমিডিয়া ইনকুবেটৰত Kamtapuriৰ ৱিকিপিডিয়াৰ পৰীক্ষা-নিৰীক্ষা হৈ আছে। |