জৰ্জ কেণ্টৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
জৰ্জ কেণ্টাৰ
জন্ম ১৮৪৫ চনৰ ৩ মাৰ্চৰ
ৰাছিয়াৰ ছেণ্ট পিটাৰ্ছবাৰ্গ
মৃত্যু ৰাছিয়াৰ ছেণ্ট
ৰাষ্ট্ৰীয়তা ৰাছিয়ান
শিক্ষা ডক্টৰেট ডিগ্ৰী

জৰ্জ কেণ্টৰ(ইংৰাজী: George Cantor) হৈছে বিশ্বৰ এজন প্ৰসিদ্ধ গণিতজ্ঞ । তেওঁ সংখ্যা তত্ত্বৰ ক্ষেত্ৰত যথেষ্ট নতুন কথা আবিষ্কাৰ কৰিছিল আৰু গণিতৰ এক নতুন শাখা হিচাপে "সংহতি তত্ত্ব" ৰ ভেটি নিৰ্মাণ কৰিছিল।[1]

জন্ম আৰু বংশ পৰিচয়[সম্পাদনা কৰক]

১৮৪৫ চনৰ ৩ মাৰ্চত ৰাছিয়াৰ ছেণ্ট পিটাৰ্ছবাৰ্গত জৰ্জ কেন্টৰ জন্ম হয়। তেখেতৰ পিতৃৰ নাম জৰ্জ ৱাল্ডেমাৰ কেন্টৰ আৰু মাকৰ নাম মাৰিয়া আনা বোম।[2]

শিক্ষা[সম্পাদনা কৰক]

  • ২০৮০ চনত ডাৰ্মষ্টাটৰ ৰিয়েল স্কুলৰ পৰা ডিষ্টিংছনসহ মেট্ৰিক পৰীক্ষা উৰ্ত্তীণ হয়।
  • ১৮৬৭ চনত ডক্টৰেট থেচিছ লাভ কৰে।

চাকৰি জীৱন[সম্পাদনা কৰক]

  • ১৮৬৯ চনত হাল্লে বিশ্ববিদ্যালয় নিযুক্তি হয়।
  • ১৮৭২ চনত সহকাৰী অধ্যাপক পদলৈ পদন্নতি লাভ কৰে আৰু ১৮৭৯ চনত পূৰ্ণ অধ্যাপক হয়।

অৱদান[সম্পাদনা কৰক]

     ১৮৭৪ চনত সংহতি তত্ত্ব প্ৰখ্যাত বিষয়টোৰ উপৰত কাম কাজ কৰে আৰু সেই চনতে অন এ প্ৰপাৰ্টি অব দি কলেকছন অব অল ৰিয়েল এলজেব্ৰিক নাম্বাৰ্ছ গৱেষণা পত্ৰ প্ৰকাশ কৰে। ১৮৯১ চনত'ডায়েগনেল আৰ্গুমেন্ট'গৱেষণা পত্ৰ প্ৰকাশ কৰে।

সন্মান[সম্পাদনা কৰক]

১৯০৪ চনত ৰয়েল ছ'চাইটিয়ে তেওঁলোকৰ সৰ্বোচ্চ সন্মান "ছিলভেষ্টাৰ মেডেল" প্ৰদান কৰে।[3]

মৃত্যু[সম্পাদনা কৰক]

১৯১৮ চনৰ ৬ জানুৱাৰীত জাৰ্মান সাম্ৰাজ্যৰ ছাক্সনি প্ৰদেশিৰ হাল্লেত জৰ্জ কেণ্টৰৰ মৃত্যু হয়।[4]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. বিশ্বৰ কুৰি গৰাকী মহান গণিততজ্ঞ, অভিজিত শৰ্মা বৰুৱা, প্রথম প্ৰকাশ: মে', ২০১৭ , পৃষ্ঠা নং: ৬৪
  2. বিশ্বৰ কুৰি গৰাকী মহান গণিততজ্ঞ, অভিজিত শৰ্মা বৰুৱা, প্রথম প্ৰকাশ: মে', ২০১৭ , পৃষ্ঠা নং: ৬৪
  3. বিশ্বৰ কুৰি গৰাকী মহান গণিততজ্ঞ, অভিজিত শৰ্মা বৰুৱা, প্রথম প্ৰকাশ: মে', ২০১৭ , পৃষ্ঠা নং: ৬৬
  4. বিশ্বৰ কুৰি গৰাকী মহান গণিততজ্ঞ, অভিজিত শৰ্মা বৰুৱা, প্রথম প্ৰকাশ: মে', ২০১৭ , পৃষ্ঠা নং: ৬৬