সমললৈ যাওক

তাঁতশাল

অসমীয়া ৱিকিপিডিয়াৰ পৰা
তাঁতশাল ব্যৱহাৰ কৰি থকা অৱস্থাত এগৰাকী অসমীয়া মহিলা
তাঁতশাল ব্যৱহাৰ কৰাৰ মুহূৰ্তত হাংগেৰীৰ এগৰাকী মহিলা

কপাহ বা কপাহী সূতাৰ পৰা কাপোৰ তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা যন্ত্ৰক তাঁতশাল বোলে। আধুনিক বস্ত্ৰ কাৰখানাত স্বয়ংক্ৰিয় তাঁতশাল ব্যৱহাৰ কৰা হয় ৷ সাধাৰণতে তাঁতশাল নামৰ যন্ত্ৰটোত সূতাটো কুণ্ডলীৰ ৰূপত সুমুৱাই দিয়া হয়। তাঁতশালৰ আকৃতি আৰু ইয়াত ব্যৱহাৰ কৰা কৌশল বেলেগ বেলেগ হ’ব পাৰে। "বোৱা কাপোৰ" শব্দটো "তন্তু বায়ন"ৰ পৰা উদ্ভৱ হৈছে। তাঁতশাল অসমীয়া মানুহৰ জাতীয় শিল্পস্বৰূপ। অসমীয়া লোকশিল্পৰ লগত ওতঃপ্ৰোতভাৱে জড়িত। অতীজ অসমত অসমীয়া মহিলাই তাঁত বোৱা নজনাটো এটা লাজৰ কাৰণ আছিল। অসমৰ তাঁতৰ কাপোৰৰ সুখ্যাতি অতি প্ৰাচীন। অসম আক্ৰমণকাৰী মোগলৰ সৈতে বহু মোগল ঐতিহাসিক অসমলৈ আহিছিল। তেওঁলোকে অসমত তৈয়াৰ হোৱা বিবিধ পাটৰ কাপোৰ অতি উচ্চ মানবিশিষ্ট আৰু চীনৰ পাটকাপোৰৰ সমকক্ষ বুলি উল্লেখ কৰিছিল। আহোম ৰাজত্বকালতো আহোম স্বৰ্গদেউসকলৰ পৃষ্ঠপোষকতাত অসমৰ বয়ন শিল্পৰ অভূতপূৰ্ব বিকাশ হৈছিল। পুৰণি অসমত অসমীয়া মহিলাই তাঁতশালত একেনিশাই স্বামীৰ বাবে কবচ কাপোৰ বৈ দিয়াৰ কথা বুৰঞ্জীত পোৱা যায়। মহাত্মা গান্ধীয়েও অসমীয়া মহিলাই তাঁত শালত সপোন ৰঙে বুলি প্ৰশংসা কৰিছিল। কোঁচৰজা মহাৰাজ নৰনাৰায়ণৰ পৃষ্ঠপোষকতাত আৰু মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱৰ প্ৰচেষ্টাত তাঁতীকুছিত বোৱা বৃন্দাবনী বস্ত্ৰৰ কথাও উল্লেখ কৰিব পাৰি।

অসমীয়া বিহুগীত আৰু অন্যান্য লোকগীতত তাঁতশাল আৰু তাঁতশালৰ বিবিধ সঁজুলিৰ বিষয়ে উল্লেখ পোৱা যায়।