ভাষা-বিজ্ঞান (গ্ৰন্থ)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ভাষা-বিজ্ঞান  
ভাষা-বিজ্ঞানৰ বেটুপাত
লেখক ড॰ উপেন্দ্ৰনাথ গোস্বামী
দেশ ভাৰত
ভাষা অসমীয়া
বিষয় ভাষা বিজ্ঞান
প্ৰকাৰ অসমীয়া ভাষা
প্ৰকাশক মণি-মাণিক প্ৰকাশ
প্ৰকাশ ১৯৬৫
মিডিয়া প্ৰকাৰ মুদ্ৰণ
পৃষ্ঠা সংখ্যা ২৫৬[1]
আই.এচ.বি.এন. 978-81-85917-05-1

ভাষা-বিজ্ঞান (ইংৰাজী: Bhasha Vijnan) হৈছে লেখক, অধ্যাপক, ভাষাবিদ, গৱেষক ড॰ উপেন্দ্ৰনাথ গোস্বামীৰ দ্বাৰা ৰচিত এখন উচ্চস্তৰৰ অসমীয়া ভাষাবিজ্ঞান বিষয়ক গ্ৰন্থ। ১৯৬৫ চনত প্ৰকাশিত এই গ্ৰন্থখনৰ প্ৰকাশক আছিল মাণি-মণিক প্ৰকাশন।[1]

১৯৬৩-৬৪ চনত স্নাতক-মহলাত ভাষাবিজ্ঞান সম্পৰ্কীয় নতুন পাঠ-ক্ৰমৰ প্ৰচলন হোৱাত তেতিয়া পাঠ-ক্ৰমৰ বাবে ইংৰাজী বা আন কিতাপত আটাইখিনি কথা পোৱা নোযোৱাৰ বাবে ছাত্ৰ-ছাত্ৰীসকলে অসুবিধাৰ সন্মুখীন হ’বলগীয়া হয়। এই অসুবিধাৰ মাজত বিষয়টোৰ অধ্যাপনাৰ কাম চলাওঁতে বিজ্ঞানসন্মত ভাষা বিষয়ক প্ৰাথমিক কেতবোৰৰ বিষয়ে অসমীয়া কিতাপ এখনৰ অভাৱ অনুভৱ কৰি গোস্বামীয়ে ১৯৬৪ চনত এই গ্ৰন্থখন ৰচনা কৰে।[1]

দ্বিতীয় সংস্কৰণ (১৯৭০) -ত বহুতো কথা সংযোগ কৰি আগৰখিনিৰো আৱশ্যকীয় পৰিৰ্ৱতন ঘটাই শেষৰ পিনে সচৰাচৰ ব্যৱহাৰ কৰিবলগীয়া ভাষাবৈজ্ঞানিক পৰিভাষাও সংযোগ কৰি দিয়ে।[1]

লেখকৰ চমু পৰিচয়[সম্পাদনা কৰক]

উপেন্দ্ৰনাথ গোস্বামী (১৯২৩-২০০০) একাধাৰে ভাষাবিদ, গৱেষক, অধ্যাপক, অনুবাদক আৰু অভিধানপ্ৰণেতা। তেওঁ কটন কলেজৰ অসমীয়া বিভাগৰ অধ্যাপক আছিল আৰু পাছলৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক পদত নিযুক্ত হৈছিল। তেওঁৰ গৱেষণাৰ বিষয় আছিল- A Study of Kamrupi : A Dialect of Assamese.[2]

উপেন্দ্ৰনাথ গোস্বামীৰ জন্ম হয় ১৯২৩ চনৰ নৱেম্বৰ মাহৰ ১৩ তাৰিখে নলবাৰী সত্ৰত।

২০০০ চনত জন্ম দিৱসৰ দিনাখন নিজা বাসভৱনত মৃত্যু।[3]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 1.3 গোস্বামী, ড॰ উপেন্দ্ৰনাথ (2019). ভাষা-বিজ্ঞান. প্ৰকাশক গুৱাহাটী: মণি-মাণিক প্ৰকাশ. ISBN 978-81-85917-05-1. 
  2. কথা বৰেণ্য, সম্পাদক-শোণিত বিজয় দাস আৰু মুনীন বায়ন, কথা প্ৰকাশন, প্ৰথম প্ৰকাশ, পৃষ্ঠা-৩১১
  3. কথা বৰেণ্য, কথা প্ৰকাশন, প্ৰথম প্ৰকাশ, পৃষ্ঠা-১৫২