এই প্ৰবন্ধটোত কোনো কোনো স্থানত তথ্যসূত্ৰ বা প্ৰসংগৰ উল্লেখ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎস দেখুৱাই এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। বিশ্বাসযোগ্য তথ্য উৎসৰ উল্লেখ নথকা প্ৰবন্ধৰ বিশ্বাসযোগ্যতা কমে আৰু অনেক ক্ষেত্ৰত ই ইয়াক বিশ্বাস কৰি লোৱা পঢ়ুৱৈৰ ক্ষতি সাধনো কৰিব পাৰে। সেয়ে তথ্য-উৎসৰ উল্লেখ নথকা প্ৰবন্ধক প্ৰত্যাহ্বান জনোৱা হ'ব পাৰে। আনহাতে পঢ়ুৱৈসকলেও প্ৰবন্ধটোত য’ত প্ৰয়োজন যেন দেখে সেই বাক্যৰ পাছত {{উদ্ধৃতিৰ প্ৰয়োজন}} বুলি লিখি ৰাখিও ৱিকিপিডিয়াত উৎসৰ উল্লেখৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰিব পাৰে।
এই প্ৰবন্ধটো অন্য কোনো ভাষাৰ পৰা কৰা আসোঁৱাহ থকা অনুবাদ। এয়া সম্ভৱতঃ যান্ত্ৰিক অনুবাদৰ দ্বাৰা বা দুয়োটা ভাষাৰ যথাযথ দক্ষতা নথকা অনুবাদকৰ দ্বাৰা অনূদিত। অনুগ্ৰহ কৰি এই অনুবাদ উন্নত কৰাত সহায় কৰক।
হেৰী জেমছ পটাৰ (ইংৰাজী: Harry James Potter) ব্ৰিটিছ লেখিকা জে. কে. ৰাউলিং ৰচিত হেৰী পটাৰ উপন্যাস চিৰিজৰ প্ৰধান চৰিত্ৰ। হেৰীক কেন্দ্ৰ কৰিয়ে এই চিৰিজৰ কাহিনী আগবাঢ়িছে। হেৰী ১১ বছৰ বয়সত সৰ্বপ্ৰথম জানিবলৈ পায় যে সি এজন যাদুকৰ।
কাহিনীৰ পটভূমি হৈছে হগৱাৰ্ট্ছ স্কুল অফ উইচক্ৰ্যাফট এণ্ড উইজাৰ্ড্ৰি, য'ত হেৰী তাৰ ঘনিষ্ঠ দুই বন্ধু ৰন ৱিজলি আৰু হাৰমাইনি গ্ৰেইঞ্জাৰৰ লগত বিভিন্ন অভিযানত অংশ লয়। হেৰী লাহে লাহে আবিষ্কাৰ কৰে যে, সি যাদুকৰ সম্প্ৰদায়ৰ মাজত অত্যন্ত বিখ্যাত। তাৰ চেহেৰাৰ আটাইতকৈ উল্লেখযোগ্য দিশ হৈছে তাৰ কপালত বিদ্যুৎ চমকৰ দৰে কটা দাগ, যিটো স্কাৰ নামে পৰিচিত। লৰ্ড ভ'লডেমৰ্ট যেতিয়া হেৰীক মাৰিবলৈ আভাডা কেডাভ্ৰা নামক অভিশাপ দিছিল তেতিয়া হেৰীৰ কপালৰ এই দাগ সৃষ্টি হৈছিল। ভ'লডেমৰ্টে হেৰীৰ পিতৃ মাতৃক হত্যা কৰিছিল। যাদুৰ পৃথিৱীত হেৰীয়েই একমাত্ৰ ব্যক্তি যিয়ে আভাডা কেডাভ্ৰা নামক মৃত্যু অভিশাপৰ পৰা বাচি গৈছে। ইয়াৰ ফলত লৰ্ড ভ'লডেমৰ্টৰ পতন হৈছে।