অসমীয়া যুৱ উন্নয়ন পৰিষদ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
অসমীয়া যুৱ উন্নয়ন পৰিষদ
চমু  নাম AYDC
নীতিবাক্য জয় আই অসম
প্ৰতিষ্ঠা ১৬ আগষ্ট ২০১৭ (2017-08-16) (৬ বছৰ পূৰ্বে)
ধৰণ ছাত্ৰ সংগঠন
প্ৰধান  কাৰ্যালয় তেজপুৰ
সেৱা  ক্ষেত্ৰ অসম

অসমীয়া যুৱ উন্নয়ন পৰিষদ(ইংৰাজীত চমুকৈ AYDC) অসমৰ এক ছাত্ৰ সংগঠন।

ইতিহাস[সম্পাদনা কৰক]

২০১৭ চনত তেজপুৰৰ মজিয়াত অসমীয়া যুৱ উন্নয়ন পৰিষদ গঠন হয়। ২০১৭ চনৰ আগষ্ট মাহৰ ১৬ তাৰিখত তেজপুৰত এক সাধাৰণ সভাৰ আয়োজন কৰা হয় আৰু এই সভা খনতেই অসমৰ যুৱ প্ৰজন্মৰ উন্নয়ন,বাল্য বিবাহ ৰোধ,শিশু শ্ৰমিক ৰোধ,শিক্ষাৰ দিশত সজাগতা আদি বিভিন্ন লক্ষ্য আগত ৰাখি অসমীয়া যুৱ উন্নয়ন পৰিষদ জন্ম দিয়া হয়। ২০১৮ চনৰ জানুৱাৰী মাহত সংগঠনটোৱে ইয়াৰ সংবিধান গ্ৰহণৰ দ্বাৰা আনুস্থানিক সংগঠন হিচাপে প্ৰতিষ্ঠা কৰে।

লক্ষ্য আৰু উদ্দেশ্যে[সম্পাদনা কৰক]

অসমীয়া যুৱ উন্নয়ন পৰিষদে ক্ৰমে সমাজৰ সকলো শ্ৰেণীৰ জনগণৰ সমস্যা সমাধান, অসমৰ বিদেশী সমস্যাৰ ৰোধ, বিদেশী অনুপ্ৰবেশকাৰী বন্ধ, বাল্য বিবাহ নিষিদ্ধ কৰণ, শিশু শ্ৰমিক বন্ধ, আৰ্থিক ভাৱে দুৰ্বল হৈ থকা মেধাৱী ছাত্ৰ ছাত্ৰীৰ শিক্ষা গ্ৰহণৰ সু-ব্যৱস্থা,সমাজত চলি থকা অসামাজিক কৰ্ম কলাপ ৰোধ কৰা, মাদকতাহীন সমাজ গঢ়ি তোলা আদি বিভিন্ন লক্ষ্য উদ্দেশ্য আগত ৰাখি কাম কৰি আছে।

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  • Aydc Central committee. 22/05/2018