অসমীয়া গণবিশ্বকোষত কেনেকৈ লিখিব

Wikipedia -ৰ পৰা

অসমীয়া গণবিশ্বকোষলৈ স্বাগতম| আশাকৰো আপুনি অসম তথা অসমীয়া ভাষাৰ এজন সচেতন শুভাকাংক্ষী হিচাবে আপোনাৰ বহুমূলীয়া অৱদানেৰে এই অসমীয়া সাৰ্বজনীন গণবিশ্বকোষৰ সৌষ্ঠৱ বৃদ্ধিৰ উদ্দেশ্যৰে এই পৃষ্ঠালৈ আহিছে|

সাধাৰণতে কম্পিউটাৰত অসমীয়া আখৰ লেখা বৰ টান কাম যেন লাগে| বিশেষকৈ অসমীয়া "কীবৰ্ড"-ৰ প্ৰয়োজন আৰু ব্যৱহাৰ কৰিবলৈ নতুনকৈ শিকিব লাগিব বুলি| আমি প্ৰায় সকলোৱেই ইংৰাজী "কী বৰ্ড" ব্যৱহাৰ কৰো আৰু সেয়ে এনেদৰে ভবাতো স্বাভাৱিক| প্ৰকৃততে তেনে নহয়| ইয়াৰ কাৰণে অসমীয়া কীবৰ্ড শিকাৰো কোনো প্ৰয়োজন নাই, থকাখনেৰেই (ইংৰাজী) হ’ব, কাৰণ ইয়াত "ধ্বনি লেখন" (phonetic typing) ব্যৱহাৰ কৰা হয় - যেনে "অসমীয়া" বুলি লিখোতে ইংৰাজী "কীবৰ্ড"-ত "অ"=Alt+a, "স"=x, "মী"=mI "য়া"=ya লিখিলেই হ'ল| বিশদভাৱে জানিবৰ কাৰণে তলৰ বাকীখিনি পঢ়ক|

সূচী

[সম্পাদন কৰক] ৰাইজে নখ জোকাৰিলে নৈ বয়: লিখো, আহক!

তাত্বিক পৰ্য্যায়ত ক'বলৈ গ'লে ইয়াত সকলোৱে অতি সহজতে লিখিব পাৰে, দৰাচলতে ইয়েই হৈছে এই অসমীয়া গণবিশ্বকোষ প্ৰকল্পৰ মূল ভেটি| সাধাৰণভাৱে ক'বলৈ গ'লে আজিৰ যুগত আমি যথেষ্টসংখ্যক অসমীয়াই ইণ্টাৰনেট ব্যৱহাৰ কৰোহঁক| এইসকলৰ প্ৰত্যেকেই কম-বেছি পৰিমানে কোনো এটা নহয় কোনো এটা বিষয়ত পাৰ্গত| গতিকে আমি সকলোৱে যদি এই বিষয়বোৰৰ ওপৰত লেখা আৰম্ভ কৰোঁ বা অন্য লোকক লেখাত সহায় কৰোঁ, আমি এখন বিনামূলীয়া অসমীয়া বিশ্বকোষ (সহস্ৰজনৰ অৱদানেৰে সমৃদ্ধ!) কম্পিউটাৰৰ পৰিভাষাত এইদৰে লিখাক "ৱিকি" (wiki) লিখা বোলে - সেয়ে "ৱিকিপেডিয়া" (wikipedia): আমি অসমীয়াত কৈছোঁ "গণবিশ্বকোষ"|

[সম্পাদন কৰক] লেখকৰ অৰ্হতা

  • অসমীয়া ভাষাৰ জ্ঞান: সাধাৰণভাৱে লিখিব পাৰিলেই হ'ব| আপুনি মাথোন লিখা আৰম্ভ কৰক, ভুল হ'লে আন কোনোবাই শুধৰাই দিবই|
  • কম্পিউটাৰৰ জ্ঞান: সম্যক জানিলেই হ'ল, ইমানখিনি পালেহি যেতিয়া বাকিখিনিও পাৰিব৷
  • বৃত্তিগত বা বিষয়গত বিশেষ জ্ঞান/যোগ্যতা: বাঞ্ছনীয় (ন'হলেও হয়)| ইয়াত লিখিবলৈ আপোনাৰ সুবিধাৰ বিষয় বাচি লওক, আৰু আৰম্ভ কৰক| (ভুল হ'লে ৰাইজ "পাছত আছে!")
  • আনুষ্ঠানিক শিক্ষা: চহাৰ পৰা পণ্ডিতপৰ্যন্ত সকলোৱে লিখিব পাৰিব|
  • সামাজিক "বিশেষ যোগ্যতা": নালাগে| এইখন "গণ"বিশ্বকোষত ৰাইজেই ৰজা!


[সম্পাদন কৰক] প্ৰাৰম্ভিক প্ৰস্তুতি

তলত দিয়া প্ৰক্ৰিয়া অনুসৰণ কৰক:

  1. আপোনাৰ কম্পিউটাৰত অসমীয়া "ফ'ণ্ট" (Font) "ইনষ্টল" (install) কৰিব লাগিব| কম্পিউটাৰত অসমীয়া আখৰ ইনষ্টল কৰিবলৈ প্ৰথমতে আমি যথাযোগ্য "চ'ফ্টৱেৰ" আৰু "ফ'ণ্ট'" কম্পিউটাৰত ইনষ্টল কৰিব লাগিব| এই বিনামূল্যে সহজলভ্য "চ'ফ্টৱেৰ" তলত দিয়া সূত্ৰৰপৰা "ডাউনলড" কৰিব পৰা যায়| কেনেকৈ ইনষ্টল কৰে জানিবৰ বাবে লগত দিয়া নিৰ্দেশাৱলী অনুসৰণ কৰি গ'লেই হ'ল|
 এই সূত্ৰৰপৰা অসমীয়া আখৰ আৰু সহযোগী চফ্টৱেৰ "ডাউনল'ড" কৰক|
  1. "অসমীয়া গণবিশ্বকোষ"ত (মানে এই "ৱেবচাইট"ত) আপোনাৰ নাম পঞ্জীয়ন কৰিব লাগিব|

[সম্পাদন কৰক] নতুন প্ৰৱন্ধ লিখিবৰ বাবে



যদি আপুনি ৱিকিপিডিয়াৰ অসমীয়া সংস্কৰণত অসমীয়াত লিখা প্ৰবন্ধ প্ৰকাশ কৰিব খুজিছে, তেনেহ'লে আপুনি কেইটামান সীমাবদ্ধতা সম্পৰ্কে সচেতন হোৱাটো বাঞ্ছনীয়।


১. বৰ্ত্তমানে ৱিকিপিডিয়াই কেৱল ইউনিক'ড ইউ.টি.এফ-৮ সম্বলিত লিপিহে গ্ৰহণ কৰে। সাধাৰণতে উইণ্ড'জ এক্স.পি কম্পিউটাৰত এই লিপি সম্বলিত থাকে, কিন্তু তাক আপুনি নিজে আপোনাৰ কম্পিউটাৰত ব্যৱহাৰযোগ্য কি তুলিব লাগিব। তাকে কৰিবলৈ আপুনি তলৰ প্ৰণালীটো গ্ৰহণ কৰিব পাৰেঃ


কেৱল উইণ্ড'জ এক্স.পি কম্পিউটাৰৰ বাবে

ক) আপোনাৰ কম্পিউটাৰৰ START মেনুখনলৈ যাওঁক

খ) CONTROL PANEL খন খোলক

গ) DATE,TIME,LANGUAGE AND REGIONAL OPTIONS ত ক্লিক কৰক

ঘ) ADD OTHER LANGUAGESত ক্লিক্ কৰক।

ঙ) REGIONAL AND LANGUAGE OPTIONS মেনুখনত

ব্যক্তিগত সৰঞ্জাম