অসমীয়া গণবিশ্বকোষ
Wikipedia -ৰ পৰা
অসমীয়া গণবিশ্বকোষ (Assamese Open Content Wikipedia) হৈছে ৱিকিপিডিয়া নামৰ এক বৃহত্তৰ প্ৰকল্পৰ অংশ| এই প্ৰকল্পৰ উদ্দেশ্য হৈছে পৃথিবীৰ বিভিন্ন ভাষাত সকলোৱে বিনামূল্যে ব্যৱহাৰ কৰিব পৰা বিশ্বকোষ প্ৰস্তুত কৰা| সাৰ্বজনীন চফ্টৱেৰ আৰু কন্টেন্ট আন্দোলনৰ (open source software and content movement) ব্যাপক জনসমৰ্থন আৰু সুফলৰ এক উত্কৃষ্ট উদাহৰণস্বৰুপ এই গণবিশ্বকোষৰ ২০০১ চনত আৰম্ভ হোৱা ইংৰাজী সংকলনটোত বৰ্তমান প্ৰায় দেৰ লাখতকৈও অধিক উত্কৃষ্ট মানৰ প্রবন্ধ আছে| ইয়াৰেই অনুকৰণ কৰি ভগ্নী প্ৰকল্প হিচাবে সৃষ্টি কৰা প্ৰায় শতাধিক পৃথিৱীৰ অন্যান্য বিভিন্ন ভাষাৰ সাৰ্বজনীন গণবিশ্বকোষ নিত্যবৰ্ধিত সংখ্যাইও এই প্ৰকল্পৰ কলেৱৰ বৃদ্ধিত অৰিহনা যোগাইছে|

